Friday 7 February 2014

::: একেবাৰে লাগবান্ধ নোহোৱা শ্বায়েৰী :::


---------------------------------------------------
অর্জ কিয়া হে....
১)
থুলুকৰ ঘৈণীৰ লগত নবীনৰ আছিল অবৈধ প্রণয়
থুলুকৰ ঘৈণীৰ লগত নবীনৰ আছিল অবৈধ প্রণয়
স্বর্গদেৱে গহীনাই ক’লে
“সেইটোনো কি ডাঙৰ কথা, এইবোৰটো আমেৰিকাটো হয়।”
২)
থুলুকৰ ঘৈণীক নবীন নৰাধমে পলুৱাই লৈ গ'ল মনে মনে,
থুলুকৰ ঘৈণীক নবীন নৰাধমে পলুৱাই লৈ গ'ল মনে মনে,
ফিউজ লাইভৰ সাংবাদিকে থুলুকক থাওকতে পাই সুধিলে
"এইমুহুর্তত আপোনাৰ অনুভৱ কেনে ?"
৩)
পলাই গ’ল ঘৈণী আহিল তাৰ সুখৰ দিন
পলাই গ’ল ঘৈণী আহিল তাৰ সুখৰ দিন
স্বর্গদেৱে ক’লে, কোনেও মোক নুসুধিবা
“হু ইজ বদৰুদ্দিন?”
৪)
ৰাম নাম আগতলৈ থুলুকে দিলে ফুল প্লেট টন্দুৰিৰ অর্ডাৰ
ৰাম নাম আগতলৈ থুলুকে দিলে ফুল প্লেট টন্দুৰিৰ অর্ডাৰ
স্বর্গদেউ এইবাৰ ক’লে
“মিছা ক’লে কি হ’ব,দেট ইজ অলচ’ ইম্পৰটেন্ট মেটাৰ।”
৫)
খাইবৈ ফিটিং হৈ থুলুকে নিছাৰ কোবত দিলে বেচিনত বমি কৰি
খাইবৈ ফিটিং হৈ থুলুকে নিছাৰ কোবত দিলে বেচিনত বমি কৰি
স্বর্গদেৱে বোলে কোন ক’ত আছ
“ইয়াৰ নিছা ফালি দে মায়াংৰ বেজ এটা ধৰি”
৬)
লেপৰ তলত সোমাই কৰো শীতৰ সতে যুদ্ধ
লেপৰ তলত সোমাই কৰো শীতৰ সতে যুদ্ধ
স্বর্গদেৱে ক’লে
“মোডী চোডী চিনি নেপাও,মই যি ক’ম মাথো সেয়াহে শুদ্ধ”
৭)
স্মার্ট ফোন অহাৰ পৰা চলি মখাই দিনৰ দিনটো কৰি থাকে চাট
স্মার্ট ফোন অহাৰ পৰা চলি মখাই দিনৰ দিনটো কৰি থাকে চাট
মহাসেন দাদাই চকু তিপিয়াই তিপিয়াই ক’লে
“২.৫০ টকাটেই খাব পাৰি তৃপ্তিৰে এসাজ ভাত”
৮)
ফেঞ্চিং পাৰ হৈ দেইলি সোমাই আছে হাজাৰ হাজাৰ মিঞা;
ফেঞ্চিং পাৰ হৈ দেইলি সোমাই আছে হাজাৰ হাজাৰ মিঞা;
সুৰেশ আৰু ৰমেশে ৰহিম দর্জীক ক'লে
" মাষ্টৰ জী পিতাইৰ পায়জামাতো দুই বেগেত চুটি কৰি দিয়া।”
৯)
বিসম্বাদেৰে মন্ত্রী কালন্তই সিংহাসন লোৱাৰ কৰিছিল গুফ্টুগু
বিসম্বাদেৰে মন্ত্রী কালন্তই সিংহাসন লোৱাৰ কৰিছিল গুফ্টুগু
স্বর্গদেৱে ৰাজমাতক লগোৱা গম পাই
কালন্তবাহিনীয়ে গালে
"তু মেৰে অগল বগল হে মে তেৰে অগল বগল হুঁ"
১০)
মেকুৰীয়ে কৰে ভৌ ভৌ কুকুৰে দিয়ে হোৱা
মেকুৰীয়ে কৰে ভৌ ভৌ কুকুৰে দিয়ে হোৱা
বাকী সকলো বোলে বেইমান বইজ্জাত
কেৱল সাংবাদিক কেইটাহে গাখীৰেৰে ধোৱা।।