Friday 4 October 2013

***::অনুভৱত মাথো তোমাৰেই পায়চাৰি, পিছে দিঠতহে তোমাক নাপাও বিছাৰি::***


-----------------------------------------------------

১)
নাজনো তোমাৰ উতাল যৌৱনৰ মতলীয়া নিছাত
আছে কি এনে বুজিব নোৱাৰা ব্যৱস্থা,
সমুখত ধৰা দিলেই মোৰ,
ট্রেফিকৰ মাজত বাইকৰ ষ্টার্ট নোহোৱাৰ দৰেই হয় অৱস্থা।।
২)
প্রথম দেখাতেই ওঁঠৰ ৰঙচুৱাই
কলিজাত আঁকিলে ভালপোৱা গোপনে,
কজলা চকুৰ গভীৰতাত কেতিয়াবা ডুবু কেতিয়াবা ওপঙো
যেনেকৈ মাত্র ১ ঘন্টাৰ বৰষুনতে গোটেই গুৱাহাটী ওপঙে।।
৩)
ভাৱনাত তুমি তহল দিলেই
যৌৱনে বৰকৈ আমনি কৰে গাত,
পিছে মনৰ কথা ক’ও বুলিলেই
টেপত কেছটৰ ৰীল ফঁচাৰ দৰেহে ওলাই দেখোন মাত।।
৪)
তোমালে বাট চাই চাই কলিজাত
অলেখ অযুত সপোন জাগে,
অপেক্ষাৰ ক্ষনবোৰ হে নাযায় নুপুৱাই
কিবা স্ল নেটত ফেছবুক কৰি থকা যেন লাগে।।
৫)
পিছে প্রেমৰ খেল পার্গতালিৰে খেলিবলে
নহ’লো চালমান খান নাইবা ৰণবীৰ কাপুৰ,
ইজনীয়ে এৰিলে সিজনীয়ে লথিয়ালে
হৈ ৰ’লো বিয়াঘৰৰ হাতমোছা কাপোৰ।
৬)
পকেট উদং কৰি মিছা মৰম যাঁছি
গুছি গ’লি কামোৰ মাৰি বুকুত,
যি কোনো প্রকাৰে পাহৰিব খোজো সেই বিষ
যেনেকৈ পাহৰিলো আমি অর্কুট।
৭)
হিয়া দিলো হিয়া ল’লা
পিছে ধনী ল’ৰা পাই মোক দুদিনতে পাহৰিলা
এনে লাগিল, আগদিনা ফ্লিপকার্টত অন্তৰখন কিনি
পিছ দিনা অ’ এল এক্সট বেছি দিলা।
৮)
আবেলিৰ বতাহ জাকত
আগলি কলাপাত লৰে কি চৰে
সন্ধ্যা লাগিলেই তোমাৰ স্মৃতিবোৰ
টিভিত এডভাৰটাইজৰ দৰে ৫ মিনিটৰ মুৰে মুৰে আহিব ধৰে ।।
৯)
দুখৰ পথাৰত বলে হুমুনিয়াহৰ মলয়া এজাক
তাৰ মাজতে হেঁপাহে মাথো তোমাকে ৰিঙিয়াই,
প্রেমৰেই খেলা চাগে এয়া, গুগুলত লিংক বিছাৰি তোমাৰ
টৰেন্টতেৰে পাৰমেন্টলি ডাওনলোড কৰি পেলাবৰ মনযায়।।
১০)
বিশেষ নাই বিছাৰো মাথো
একাজঁলি চেনেহ এষাৰি মৰমৰ মাত
নামৰূপ সাৰ কাৰখানাৰ দৰেই পাৰ হৈছে সময়
মাথো এটি ভাল দিনৰ অপেক্ষাত ।।

Monday 23 September 2013

:::আকৌ বাঁকৰ বচন-২:::




১.
অনাহকত উঠা ক্রোধ
আৰু
হকে বিহকে কৰা পথ অৱৰোধ
এই দুয়োটাই একোৰে সমাধান দিব নোৱাৰে,বৰং সমস্যাত হে পেলাই।
২.
গৰুৰ আগত টোকাৰি বজোৱা
আৰু
নিজকে চেলিব্রেটী বুলি ভবা ছোৱালীক ফ্রেন্দৰিকুৱেষ্ট পঠোৱা
দুয়োটাৰ একেই পৰিণাম - 'অবাবত সময় নষ্ট।'
৩.
চৰকাৰী আচনি
আৰু
দিস্ক’ বাৰত নছা নাছনী
দুয়োটাৰে বিশেষত্বটো হ’ল কেৱল
এক বিশেষ শ্রেণী মানুহেহে ইয়াক উপভোগ বা ইয়াৰ লাভ উঠাব পাৰে।
৪.
ভাল প্রিন্ট আউট এটা লবলে কার্টিজত ইংকৰ
আৰু
আজিৰ তাৰিখত যি কোনো কাম সিজাবলে এটা ভাল লিংকৰ খুবেই প্রয়োজন
৫.
ফুটবল খেলত বেগিৰ
আৰু
বৰলাৰ পাকঘৰত মেগীৰ...
প্রয়োজনীয়তা আৰু অৱদান বুজাইহে ভালকে বুজে....
৬.
বানপানীয়েই হওক
বা
চকুৰ পানীয়েই হওক
বিপদ সীমাৰ ওপৰ হ’ব নালাগে কাহিনিও অন্যথাই অথন্তৰ ঘটাটো খাটং
৭.
মেহেন্দীৰ ৰং
আৰু
বন্ধুৰ ওপৰত উঠা খং...
এই দুটাৰ এটাও চিৰস্থায়ী নহয় কিছুদিন পিছতে উৰি গুছি যায়
৮.
পাবত গজা ছাত্র সংগঠন
আৰু
চুইছ বেংকত থকা ক’লা ধন...
আজিৰ তাৰিখৰ অন্যতম সমাজিক ব্যাধি
৯.
ফোনৰ সিপাৰৰ অচিন চিনাকী ষোড়শীৰ মৌ মিঠা মাত
আৰু
কাষৰ বিচনাত পাহাৰহেন শৰীৰৰ ঘোৰ ঘোৰাই থকা নাক
উফফফফ...এটাইও শুব নিদিয়ে ঔ । টোপনি খতি একদম খাটাং
১০.
জ্বলা চানা
আৰু
আলোচনা
প্রায় একেই দুয়োটাৰ পৰা লাভ একো নহয় ।
মাথো সাময়িক তৃপ্তিহে পোৱা যায় ।
১১.
টোপনিয়েই হওক
বা
অন্তৰেই হওক
এবাৰ ভাগিলে আকৌ আগৰ অৱস্থালে নিবলে বৰ কষ্ট হয়।
১২.
বন্দুকৰ পৰা ওলাই যোৱা গুলি
আৰু
তালু উদং কৰি সৰি যোৱা চুলি ,
ঘুৰাই অনাটো প্রায় অসম্ভৱ বুলিয়েই ক'ব পাৰি ।
১৩.
অবাবত নষ্ট কৰা সময়
আৰু
বিবাহৰ পিছৰ অবৈধ প্রণয় 
দুয়োটাই ভবিষ্যতৰ বাবে বিপদজনক
১৪.
কোনোবা নিৰীহৰ মৃত্যুত মন্ত্রী বিধায়কে প্রকাশ কৰা শোক
আৰু
সমাজত নিজকে ভাল দেখুৱাই ফুৰা মুখা পিন্ধা ভদ্রলোক
দুয়োটাৰে বিশ্বাস যোগ্যতা এটা মস্ত শূণ্য
১৫.
বিয়াৰ ৰভাতলৰ প্রেম
আৰু
আজিকালি ওলোৱা  ভিডিঅ’ গেম
দুয়োটাই সময় খিনি অকনো আমনি নলগাকৈ পাৰ কৰি দিয়ে।
১৬.
পেট, চিণ্ডিকেট আৰু পেট্রলৰ ৰেট...
এবাৰ বাঢ়িলে তাক নিয়ন্ত্রনত ৰখা বৰ কষ্টকৰ।
১৭.
'গৰম' আৰু 'মৰম'
দুয়োটাই জোখতকে বেছি হৈ গ'লেই সহ্য কৰা বৰ টান ।
১৮.
ৰাজনীতি আৰু দুর্নীতি  দুয়োটাই দেশৰ উন্নতিৰ প্রধান অন্তৰায়।
১৯.
ফাইলেই হওক বা দাইলেই হওক এবাৰ জ্বলি গ’লেই সকলো শেষ।
২০.
সর্বশেষত " দেশতকৈ ধর্ম ডাঙৰ নহয়। "



Tuesday 3 September 2013

**চেং কেম্পাছৰ প্রথম মহাকাশযাত্রী,ৰেপিড ৰিডাৰ আৰু গোপাল**


----------------------------------------------------------------------------------

প্রথম লেখাতেই বিপুল সহাৰিৰে গোপালক আপোনাসবে আদৰি লোৱাত উৎসাহিত হৈ, এইবাৰ গোপালক “ডি গোপাল” বনোৱাৰ পৰিকল্পনা এটা হাতত তুলি ল’লো। তাৰ বাবেই আজিৰ এই গোপাল বিশেষ।

প্রথমে গোপালৰ থুলমুল বায়দাটাখন জানি লওক
নাম :: শ্রী গোপালচন্দ্র মহন
মাৰফৎ :: শ্রী এলেবাঙ মহন
গাওঁ :: চেঙেলী চুক গাঁও
পোঃ অঃ :: চেঙেলী চুক
জিলা ::যোৰহাট,অসম
অর্হতা :: বি কম পাছ ,লগতে এবছৰীয়া কম্পুটাৰ কোর্চ।

‘চেং কেম্পাছৰ প্রথম মহাকাশ যাত্রী,ৰেপিড ৰিডাৰ আৰু গোপাল’ শিৰোনামটোতেই যেন সোমাই আছে কিবা এক বিশেষ কৌতুহল। দেখিয়েই চাগে ভাৱ আহিছে,ঘটনাটো কি হ’ব পাৰে বাৰু? পিছে ঘটনাৰ বিশদ বিৱৰণ দিয়াৰ আগতে অলপ ফ্লেছবেকত যাব লাগিব দেই। বেছি নহয় মাত্র ৫/৬ বছৰ মানৰ পিছলৈ।
তেতিয়া আমি কলেজত। গোপাল তেতিয়াৰে পৰা আমাৰ অড্ডাৰ আকর্ষনৰ কেন্দ্রবিন্দু। মেট্রিক পাছ কৰি উঠিয়ে আটায়েই চকুত সপোন আঁকি কৈছিলো এজন ভাল ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাটোহে মোৰ জীৱনৰ একমাত্র লক্ষ্য। পিছে দুখৰ কথা ঘৰৰ পৰা আহি কলেজ পাও পাও হয় মানে যৌৱনৰ জাকজমকতাত লক্ষ্যটোৱে কক্ষপথ হেৰুৱাই ধুনীয়া গার্লফ্রেন্দ এজনীহে আমাৰ আচল লক্ষ্য হৈ পৰিল। ইফালে গোপালেও তেনে এক লক্ষ্যৰে কক্ষপথ হেৰুৱাই আজি কবিতাক কালি ববিতাককৈ পৰহি সবিতাক প্রণয় নিবেদন কৰি কৰি বিফলতাৰ ধাৰা অব্যাহত ৰাখিছিল। সেই বিফলতাই তাৰ মাজত বহু অমুল পৰিবর্তন আনিলে। মইটো কও সেয়া কেৱল পৰিবর্তন নাছিল সেয়া বির্বতন অথৱা নবজাগৰণ হে আছিল। ফলশ্রুতিত গোপাল মহন গুছি 'গৌপছ মাইকেল' হ’ল, চেঙেলী চুক গুছি 'চেং কেম্পাছ' হ’ল, মিঠাতেলৰ ভৰত বানে মৰা পথাৰৰ কঠিয়া বোৰৰ দৰে শুই পৰা চুলি কোছা এদিন ব্রাইল ক্রিমৰ পৰশ পাই অহংকাৰী ভাৱনাৰে বুকু ফিন্দাই কেটেলা পহুৰ কাইটৰ দৰে থিয়হৈ পৰিল। তাৰ বাপেকৰ দৰেই নিমাখিত সহজ সৰল স্বভাৰৰ তাৰ জিভা খনে স্বকীয়তা হেৰুৱালে। তাত ইংৰাজী ভাষাৰ ট্রেফিকজাম লাগি নিৰিহ নিষ্পাপ সহজ সৰল অসমীয়া ভাষাটোৱে উশাহ নোপোৱাৰ উপক্রম হৈ পৰিলে। কাণ ফুটিল চেলাউৰি ফুটিল অত ত’ত ওলোৱা দুই চাৰি ডালমান ডাড়িয়েও গাত ব্রাউন কালাৰ সানি উজলি উঠিল। আমি তাৰ এই পৰিবর্তনত হতচকিত হ’লো যদিও বেছিকৈ আমোদহে পালো বেছিকৈ। কাৰণ তাক কামোৰ দিবলে নতুন নতুন ধেৰ সমল ওলাই গ’ল। সময়ৰ সোঁতত এদিন পঢ়া শুনা সামৰি সকলোৱে ভাগে ভাগে নিজৰ নিজৰ সংস্থাপন উপার্জন আৰু কেৰিয়াৰ পিছত দৌৰিবলে আৰম্ভ কৰিলো। দিন বাগৰিল, মাজে মাজে ফোন অৰকুট ফেছবুক আদিতেই ইটোৱে সিটোৰ আপদেট বোৰ পাও কথা হও। তেনেকৈয়ে এদিন বহুদিন গায়েব হৈ থকা গোপালৰো আপদেটটোও পালো। সি এবছৰ ঘৰতে শ্রী গোপালচন্দ্র মহনহৈ বহাৰ পিছত যোৱাবছৰ সর্ম্পকীয়া দদায়েক এজনৰ কৃপাত গুৱাহাটীৰে ভাল মেডিকেল কোম্পেনী এটাতে ৰি প্রেজেন্টেটিভৰ কাম গোটাবলে সক্ষম হ’ল। দা-দর্মহা মোটা মুটি ভাল, থকা খোৱাৰ সা সুবিধাও কোম্পানিয়েই দিছে। পিছে চাকৰি পায়েই আকৌ গৌপছ মাইকেললৈ লৈ পৰিবর্তন হৈ গ’ল। সিও গুৱাহাটীতে থকা গম পাই আমি খাছ কেইটামানে এদিন ফেছবুকতেই গেট টুগেডাৰ এটাৰ প্লেন কৰিলো। সর্বসন্মতি মর্মে প্রস্তাৱটো গৃহীত হ’ল। স্থান হিছাপে লোৱা সোণাপুৰৰ এটি মনোমোহা ৰির্জট। সেই নিদির্ষ্ট দিনটোত সময় মতে সকলো আহি উপস্থিত হ’ল। লগা পাই আটাইৰে মনবোৰ জিপাল আৰু নষ্টালজিক হৈ পৰিল। অপেক্ষা মাথো গোপালৰ, সুদীর্ঘ ৩ বছৰৰ পিছত দেখা দেখি হ’ম। একেই আছে নে সলনি হ’ল তাকে চাবলে আটায়ে অধীৰ আগ্রহেৰে বাট চাই ৰ’লো। ঘন্টা যোৰা অপেক্ষাৰ পিছত মহনদেৱে যেনিবা এন্ট্রি মাৰিলে। পিছে মন কৰিলো লগত কাবাব মে হার্ডি এটাও লৈ আহিছে ,সুধি পুছি গম পালো সি বোলে তাৰ কোম্পেনীৰে কোনোবা চিনিয়ৰ। যদিও উপায় নোহোৱাত লৈ আনিছো বুলি কৈছে, তথাপিও আমি বুজি উঠিছিলো যে বন্ধুমহলত তাৰ কিমান চলে,একমাত্র সিয়েই যে স্মার্ট তাক দেখাবলেহে লৈ আহিছে। সোমায়েই “হেল্ল গাইজ, হোৱাটছ আপ” দোৱান ফাঁকি মাতিলেই নহয়। আমিও তাক কামোৰ দিবলে “ অ য়াহ উই অল আৰ আপ” সকলো বহাৰ পৰা থিয় হৈ দিলো। সি লাজ পালে হ’বপাই সেমেনা সেমেন কৈ বহি পৰিল। পিছে বহিলৈ আমাৰ খৱৰ সোধাৰ সলনি সি যে ত্রিপুৰাৰ পৰা ফ্লাইটত আহি নামিছেহি ফ্লাইটখন যে হাফ এন আৱাৰ লেট আছিল তাৰ কথাহে কোৱাত লাগিল। তাৰ বোলে বাছ ৰেল অট’ এইবোৰত উঠিলে আজিকালি এলার্জী হয় বোলে। আমি একো নকৈ মাথো মুৰ জোকাৰিলো। চকুৱে চকুৱে চিক্রেট কোড এক্সেঞ্জ কৰি তাক তাৰ চিনিয়ৰটোৰ আগত নাঙঠ কৰাৰ প্লেন বনায়েই পেলালো। এপেগ দুপেগ কৰি বটলৰ পানী পৰি হৈ উঠিল মেহফিল গাভৰু। এনেই গোপালৰ ইংৰাজী তাতে আকৌ জিভাত দামী পেগৰ অহাযোৱা। সি লাগিয়েই গ’ল তাৰ চিনিয়ৰজনৰ আগত তাৰ গাৱৰ ফান্দা দিবলে। কলেজত তাৰ পতিপত্তি কিমান আছিল তাক বুজাবলে। “ ইউ ন’! ইন মাই চেং কেম্পাছ আই এম ডা অনলি বেছি পঢ়া শুনা মেন, এভ্রিবডি গিভিং সন্মান চালম টু মি...........ব্লা ব্লা ব্লা....” তাৰ ফান্দা শুনি শুনি এটা সময়ত আমাৰ মাথা বেয়া হৈ গ’ল। তাৰ চিনিয়ৰজনক উঠাই লৈ আনিলো। আনি আমাৰ মাজত বহালো তাৰপিছত সকলোৱেই শুনাকৈ ডাঙৰ ডাঙৰকৈ ক’বলে আৰম্ভ কৰিলো.....
“ এই যে আপুনি দেখিছে এই ল’ৰাটো আপোনাৰ জুনিয়ৰ অথবা আপোনাৰ কলিগ। সি যি বোৰ কৈ আছে সেই সকলোবোৰ একো একোটা মস্ত গাজা। সি আচলতে ৰাজহাঁহৰ খোজ দিব চেষ্টা কৰি নিজকে পাহৰা ঘৰ চিৰিকা হে। তাৰ আচল নাম শ্রী গোপালচন্দ্র মহন। চেং কেম্পাছ বুলি কোৱা ঠাই ডোখৰৰো আচল নাম চেঙেলী চুকহে। নগৰৰ পৰা ২০ কিমি নিলগৰ এখন আওহতীয়া গাওঁ। যি ঠাইলৈ যোৱা বছৰহে বিজুলী বাতিৰ ব্যৱস্থা গৈছে,তাকো ভল্টেজৰ আশাত আজি অপেক্ষাৰত গাওঁবাসী। কাৰেন্ট আছে নে নাই চাবলেও আকৌ চাকি জ্বলাই ল’ব লাগে। য’ত আগতে মানুহবোৰে ফুট গধুলীতে খাই বৈ এঘুমটী শুই ই টিউচনৰ পৰা উভতি যাওতে ৭ মান বজাত সৰুপানী চুবলে উঠে। কোনোৱে কোনোৱেটো চাইকেললৈ ভূত আহে বুলি উৰাবাতৰিও উলিয়াই দিছিল। আজিৰ পেপাৰখন এসপ্তাহৰ পিছতহে গৈ পায়গৈ। পুৰণি বৰগছজোপাৰ তলত পুৱা গোটেই মানুহবোৰ গোট খাই আৰু তিনিবাৰ দিও মেত্রিকৰ দেওনা পাৰ হ’ব নোৱাৰা কলিমনে জোটাই জোটাই পেপাৰ খন সকলোৱে শুনাকৈ পঢ়ি দিয়ে। কমিউনিকেছনৰ নামত এখনেই বাছ চলে নগৰলে বুলি। ফুললি এচি। আগে পিছে কোনোফালে এখনো গ্লাছ নাই। ফাগুন মহিয়া আগফালে ধুলি সোমাই পিছফালে ওলাই যায়। চিততকৈ খিৰীকিতহে বেছি মানুহ বহি যায়। বাছখনৰ আটাইটকৈ ডাঙৰ সুবিধাটো হ’ল, প্রতিদিনে খুউৱা তাৰ আলফুল থেকেচনিয়ে সিহঁতৰ গাৱৰ কোনো মানুহৰ গাত চর্বী হ’বলে দিয়া নাই আৰু আগলৈও নিদিয়ে। পুখুৰীৰ আকাৰৰ বিয়াগোম বিয়াগোম গাতৰ মাজত ৰাস্তাটো বিছাৰিব লগিয়া হোৱাটো সেই গাৱৰ অন্যতম উল্লেক্ষনীয় দিশ। ফ্লাইটত অহা যোৱা কৰে বাবে গোটেই গাওঁখনত ইয়েই একমাত্র মঙহ ধৰা মানুহ। বাছৰ দৰে দোকানো মাথো এখনেই সেইখনৰো আকৌ ইমাৰণ হাচমিৰ সতে মিল এটা আছে। ইমৰাণে ছোৱালী চুমা খাবলে বিছাৰি থকাৰ দৰে দোকান খনৰ আগটোৱেও হেলনীয়া হৈ সমুখৰ মাটি টুকুৰাক চুমা খাম খামকৈ থাকে সকলো সময়তে। বাঁহৰ টকুৰা এটা সুমুৱাই মাটি আৰু দোকানৰ আগফালটোৰ মাজৰ দুৰত্ব বঢ়াই দিলেহে কোনোবাই কিবা কিনিবলে দোকানত সোমাব পাৰে। বাছ আৰু দোকানৰ দৰে গাৱত আকৌ টিভি এটাই। বি পি এল কোম্পেনীৰ সেই কাঠৰ বাকছত দর্জা লগাব পৰা আর্হিৰ। টিভিটোৰ গ্লাছত লগাই ৰখা ৰঙা প্লাষ্টিক খনে বেছ অহংকাৰৰেৰে কৈ থাকে ভুলটো টিভিটোক ব্লেক এন্দ হোৱাইট বুলি নকবি। বোষ্টাৰ ষ্টেবিলাইজাৰ গাড়ীৰ বেটাৰীৰ চার্পতত মর্চা চৰকাৰ গঠন কৰা টিভিটোৱে ভিচিপি /ভিচিডিৰ মাধ্যমেৰে বিভিন্ন মনোৰঞ্জন মুলক আচনিৰে ৰাইজক সদায় বিনোদন দি আহিছে। চিনেমা চোৱাৰ দিনা ইয়াক চোতালত উলিয়াই দিয়া হয়। ২০ মিটাৰ দুৰৰ পৰা মনোযোগেৰে চিনেমা চাই থকা শেষৰ শাৰীৰ ব্যক্তি জনে টিভিটোত কি ওলাইছে একো ধৰিব নোৱাৰি কিবা বুজিলেও নুবুজিলেও আগৰ কেইজনৰ অভিব্যক্তি চাইয়েই নিজৰ অভিব্যক্তি প্রকাশ কৰে। সমুখৰ জনে হাঁহিলে হাঁহে, কান্দিলে কান্দে, খং কৰিলে খং কৰে। সেই ৰঙীন টিভিত প্রচাৰিত একদম শেহতীয়া লেটেষ্ট ক’লাবগা চিনেমা খন হৈছে দিলৱালে দুলহনীয়া লে জায়েংগে। দীঘল ভলুকা বাঁহডালৰ আগত টিঙৰ চালনি এখনৰ সৈতে বন্ধিথোৱা বয়সে ভটিওৱা এন্টিনা ডালে আজিও বিছাৰি আছে তাক চিগনেল দিম দিম কৈ ঠগি থকা কৃত্রিম উপগ্রহটো আছলতে আজি কি ক’ত কিয় বিখ্যাত? একমাত্র ৰেডিঅ’টোৱে বেছি ভাগ সময় চেএএএএএএএএএএএএএএএএএএএএএএএএ কৰিয়েই থাকে। তাৰো এন্টিনা ডালত তাঁৰ এডালেৰে বান্ধি টিঙত লগাই জোৰেৰে ধকিয়াই দিলে মাজে মাজে “ চেএএএএ অভি সুনিয়ে চেএএএএএএএএএএ ভাইয়ৌ কাৰি চেএএএএএএএএএএ পাটনা সে বিনোদ কুমাৰ কে চেএএএএএএএএএএএ ফ্লিম কা গানা চেএএএএএএএএএ কুমাৰ কে আৱাজ মেই।” বুলি কিবা অলপ শুনিবলে পোৱা যায়। ইফালে মোবাইলৰ নেটৱর্ক আৰু চৰা। গুৱাহাটীত ভাড়াঘৰ পোৱাতকৈও টান সেই গাওঁত নেটৱর্ক পাবলে। ১০ কি মি মান আতৰৰ কোনোবা সুহৃদয় টাৱাৰে মাজে মধ্যে মৰমতে শেষ এঘাত পঠাই। তাকো কোনোমতে পোৱা যায় পথাৰৰ মাজৰ মুকলি ঠাইডোখৰতহে। অলপ হিলা হিলি কৰিলেই শেষ। সেয়ে কোনোবাই ফোন কৰিলে কথা পতাতকৈও সেই বহুমুলীয়া টৱাৰ ঘাটক নেহেৰুৱাকৈ ৰখাটোহে আচল প্রত্যাহ্বান হৈ পৰে।”
আমাৰ কথাবোৰ মন্ত্রমুগ্ধ মানুহৰ দৰে শুনি যোৱা তাৰ চিনিয়ৰজনে আমি ৰৈ যোৱা দেখি ক’লে
“ বাপৰেএ, এক অর্থত ক’ব গ’লে সেইখন তাৰমানে নিউজ লাইভেও ঢুকি নোপোৱা এখন গাওঁ।”
ইফালে গোপাল আমাৰ ওপৰত ফায়াৰ। তাৰ মুখা খুলি দিয়া দেখি দা বিছাৰি ফুৰিছে আমাক কাটিবলে। আমি পিছে ভয় নাখাই মাথো পানী এঘোট খাই আকৌ কৈ গ’লো
“আটাইতকৈ শেহতীয়া বাতৰিটো হৈছে এই যে গোপাল ফ্লাইটত গুৱাহাটীৰ পৰা লক্ষীমপুৰ ত্রিপুৰা ডিব্রুগড় নাইবা যোৰহাটৰ ঘৰলে অহাযোৱা কৰে তাক লৈ সিহতৰ গাওঁৰ বিদ্বান মহলত এক বিশেষ পৰিকল্পনাক লৈ আলোচনা চলিছে।”
“কি আলোচনা চলিছে ঔ” চিনিয়ৰ জনে নিজৰ কৌতুহল দমাব নোৱাৰি চিঞৰি সোধা দি সুধিলে।
“ তেও লোকে গোপালৰ এই ইর্ষনীয় সাফল্যত অনুপ্রাণিত হৈ গোপালক চেং কেম্পাচৰ প্রথম তথা একমাত্র মহাকাশযাত্রী ঘোষনা কৰিছে। নামঘৰৰ হিছাপৰ বহীত তাৰ নাম ৰটমেক পেনৰ নীলা চিঞাহীৰে খোদিত কৰিছে, তাকো একদম কাউৰী ঠেঙিয়া আখৰেৰে । লগতে সিহঁতৰ গাৱৰ নতুন প্রজন্মক উদ্ধুধ তথা প্রেৰণা দিবৰ বাবে সদায় পেপাৰ পঢ়ি দিয়া কলিমনে ভুলে শুদ্ধই তাৰ নামৰ এখন ৰেপিড ৰিডাৰো লিখি উলিয়াইছে। সেইখন সিহঁতৰ গাৱৰ একমাত্র প্রাথমিক বিদ্যালয়ৰ চতুর্থ শ্রণীত মুল বিষয়ৰ লগতে বাধ্যতা মুলক কৰাৰ প্রস্তাৱ লৈছে। ৰেপিড ৰিডাৰ খনৰ নাম গোপালৰ পচন্দৰ ভাষা ইংৰাজীতে ৰখা হৈছে
“গৌপছ মাইকেল... দি ফার্ষ্ট এন্দ অনলি মহাকাশযাত্রী অফ চেং কেম্পাছ”
তাতোতকৈও ডাঙৰ কথাটো হ’ল, কেইদিন মান আগতে নগৰৰ ষ্টুডিঅ’ এটাত তাৰ ফটো এখন তোলা হ’ল। মুৰত ফুলমাস্ক হেলমেট এটা পিন্ধাই সৰুতে কাগজেৰে বনোৱা উৰাজাহাজ এখন তাৰ হাতত ৰাখি দলিয়াব খোজাৰ দৰে বিশেষ পজ এটা দি। সেইখন কেশৰাম কমাৰক দি পূজাৰ টাইমত মাটিৰে গোপালৰ প্রতিমূর্তি এটা সাজি উলিয়াবলে ক’ব। লগতে সেই মূর্তিটো পথাৰৰ থিক মাজ মজিয়াতে ৰখিব বোলে। মূর্তিটোৱে চেং কেম্পাছৰ এটি সোণালী যুগৰ তথা এটা বর্ণিল ইতিহাস কঢ়িয়াই লৈ ফুৰাৰ লগতে জেঠ মাহৰ কঠিয়াতলি আৰু আঘোন মহীয়া সোনোৱালী ধাননিকো চৰাই চিৰিকতিৰ পৰাও ৰক্ষা কৰিব পাৰিব।"

“ৱাও আন বিলিভ এবল, আন বিলিভ এবল, আন বিলিভ এবল,ভেৰি ইন্টাৰেষ্টিং, ভেৰি ইন্টাৰেষ্টিং.......” আমাৰ কথাৰ পাকত পাক খাই আৰু এটা পেগ টানি এনেকুৱা কিবা কিবি ইংলিছ বকি বকি তাৰ চিনিয়ৰ জন জাগাতেই পাক খাই শুই পৰিল। ইফালে গোপালে খংত একো নাই হৈ “আই উইল চি ইউ অল” বুলি উচাত মাৰি বাহিৰলে গুছি গ’ল। আৰু আমিও আমাৰ কাম ১০০% সফলতাৰে সমধা হোৱাত চিয়েৰচ বুলি নিশাতো আৰু জিপাল কৰাৰ আশাৰে পুনৰ নষ্টালজিয়াৰ মাজত সোমাই গ’লো।

(পিছে ইয়াত এইবোৰ কথাকৈছো বুলি গোপালক নক'ব দেই, সি গম পালে জান খাব)

Saturday 24 August 2013

"কেইটিমান নৰকাসুৰীয়া ৰি-মিক্স"


----------------------------------
১)
এই কবিৰটো নিজৰ বুলিবলে একোৱেই নাই
এটাই মাথো ফেছবুক একাউন্ট
সিও মাজে মাজে হেক হৈ যায়
ফেছবুক চাগে এনেকুৱাই
জ্বলা কলা খুৱাই খুৱাই হিয়া জুৰাই
২)
মোৰ মাউচ আছেহি আহি ৰৈ
ফেছবুক খোলো খোলো কৈ
আছেনে সময় তোমাৰ মোৰ সতে চাত কৰাৰ
অধীৰ নহ’বা অঞ্জনা ইনবক্সৰ গভীৰ বেদনাত
শুনাব খুজিছো অঞ্জনা টাইমলাইনতে পঢ়ি চোৱানা
তুমি চোৱানা......
৩)
টাৱাৰে টাৱাৰে বগাব পাৰো মই
প্রমোচনৰ ফাইলটো বগৰাবলেহে টান
কে এফ চিট খুৱাই ৰচকীও পতাব পাৰো মই
চাল্লা এই বছ ডালক পতাবলেহে টান ।
পাৰফমেন্স দি দি ভাগৰুৱা দেহাত মোৰ
বাজে বিষাদৰ বেসুৰা গান
যিমানেই নকৰো যিমানেই নেখাতো
শেষত হয় সকলো হাঁহক দিয়া পতান।।
৪)
পাৰিবানে গুছাব তুমি
দুটা আলু তিনিটা পিয়াজ
পাৰিবানে পিছিব তুমি
আদা নহৰু আৰু জ্বলকীয়া
পাৰিবানে কৰিব তুমি
পাৰিবানে পাৰিবানে পাৰিবানে কোৱা ??
দিব মচলা পিচি
যদি দিব পাৰা ইলাছিও দিয়া
দিব গাহৰি আনি
পাৰা যদি ডেৰ কেজি দিয়া ।
পাৰিবানে ?
৫)
মন যায় মোৰো মন যায়
খোলা খুলিকে কবলে
লাহে লাহে চুমা দিবলে
কাষে কাষে দেটিং মাৰিবলে

তোমাক দেখা পালে সপোন জাগি
উঠে বুকু খনি হয় তাজমহল
তুমি গুছি গ’লে সপোন ভাগি থাকে
প্লেটত চানা আৰু সমুখত বটল
সমুখত যেতিয়া তোমাক দেখো
জ্বলা চিগাৰেট মুঠিতে ৰাখো

বেদনা বেদনা মোৰ ভাল পোৱা
১০ টকাৰ চানা আৰু পিয়াজ এপোৱা...
দাৰা দিৰি দাৰে দা দা ৰে...
৬)
ফুল ফুলক বি পি ৰে ফুল হৃদয় সেউজী ধৰাত
ফুল ফুলক আৰ এছৰ ফুল প্রিয়তমা তোমাৰ নামত
চাকনাৰ প্লেটত কেচা বুটে নাচক আজি
চুলাই বটলত কাঢ়া পেগৰ ফুল ফুলক আজি
তিনিপট্টি খেলা গহীন সখীৰ মনি বেগত
ফুল ফুলক আৰ এছৰ ফুল প্রিয়তমা তোমাৰ নামত
এৰি অহা পেগ চিঙি দে আৰু এপেগ বাকী ল
সমুখত চিকেনৰ লেগ পিছ চোবাই তাকো শেষ কৰ
মিকাৰ গানত নিশা নাচিম আজি
দুটি নয়নৰ মধু জোনৰ কথা ভাবিম আজি
সুর্যমূখীত খোলা মোৰ অফিছখনি পুৱাৰ নিছাত
ফুল ফুলক আৰ এছৰ ফুল প্রিয়তমা তোমাৰ নামত।।
৭)
শান্তি দিয়া মুক্তি দিয়া
মোক ঠন ধৰি উঠিবলে
লিভচেভ দিয়া হজমুলা দিয়া
ভালকৈ খানা হজম কৰিবলে
চিলি চেকেন আৰু ভালুক গিলি লৈ
নিৰপৰাধ লিভাৰক কন্দুৱাই
হেং অভাৰত মুৰ বিষোৱাই
তুমি কিনো পাবা তুমি কিনো ল’বা কোৱাআআ....
৮)
চাল্লা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ
অসহায় যুৱতী জনীক অকলে পাই ধর্ষন কৰিব খোজোতেই
হিৰই মুখত চিগাৰেট লৈ এন্ট্রি মাৰিব
“ চাল্লা চোঁৱৰৰ বাটচা য’তে আছ ত’তে ৰৈ যা একচিকুত নিহিলিবি ”
বুলি কৈ এখোজ দুখোজকে ষ্টাইলত আগবাঢ়ি গৈ গৰু পিটন দিব
ধিচুম ধিচুম ধিচুম ৳%#*## ধুপ ধাপ ফাটাৰ ফুটুৰ * ৳%#*##
মাৰৰ কোবত নৰ পিশাচ কেইতাই মাটিত পৰি শেষ উশাহ গনিব
হিৰ’ই পিন্ধি থকা জেকেটটো খুলি দি অসহায় যুৱতীৰ লাজ ধাকিব
তাৰ পিছত প্রেম, মাজে মাজে গান, মাজে ফাইট ৱাহ কি মস্তি
চাল্লা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ
অসহায় যুৱতী গৰাকী কিয় প্রতিবাৰেই অসহায় আৰু নির্যাতিতাই হৈ ৰয় ।।

(কিবা দায় দোষ হ'লে ক্ষেমিব আৰু দেই ।
এই পোষ্টৰ একমাত্র উদ্দেশ হৈছে ৰসৰ খোৰাগ জগোৱা)

মন যায় মোৰো মন যায়

মন যায় মোৰো মন যায়
খোলা খুলিকে কবলে
লাহে লাহে চুমা দিবলে
কাষে কাষে দেটিং মাৰিবলে

মন যায় মোৰো মন যায়
মন যায় মোৰো মন যায়

তোমাক দেখা পালে সপোন জাগি
উঠে বুকু খনি হয় তাজমহল
তুমি গুছি গ’লে সপোন ভাগি থাকে
প্লেটত চানা আৰু সমুখত বটল
সমুখত যেতিয়া তোমাক দেখো
জ্বলা চিগাৰেট মুঠিতে ৰাখো

মন যায় মোৰো মন যায়
মন যায় মোৰো মন যায়

টুকুৰা টুকুৰা ভাজি পিলেটত দিয়া
মাংসক কি দৰে নো নেওচা দিও
ভিম চাবোনেৰে ধুই চাফা কৰা
কাহি খনক কিয় বাৰু লেতেৰা কৰো...
জ্বলকীয়া জ্বলা যে মোৰ মাংসৰ ভাজি
সেহাই সেহাই আছো পেগ টানি...
বেদনা বেদনা মোৰ ভাল পোৱা
১০ টকাৰ চানা আৰু পিয়াজ এপোৱা...

মন যায় মোৰো মন যায়
মন যায় মোৰো মন যায়

সুখী হৈয়ে ৰোৱা মই অবিহনে
এতিয়া মোৰ যে মালৰ নিছা
লাহে লাহে পেগ বঢ়াই দিলো
মদে খাব ধৰা মোৰ দেহা
কিনো হ’ল সপোন সপোনেই ৰ’ল
তোমাৰ ল’ৰাই মোক মামা কৈ গ’ল

মন যায় মন যায় মন যায়

এটা কোৱাটাৰ বেছিকে খাবৰ মন যায়য়য়,,,
দাৰা দিৰি দাৰে দাৰে দি .
দাৰা দিৰি দাৰে দাৰে দি.

Wednesday 21 August 2013

"গোপাল মাথো এটি নাম নহয় ই এক নতুন চৰিত্র"


__________________________________

এটা নতুন চৰিত্রই মোৰ কথা লিখ, মোৰ কথা লিখকৈ কামোৰ দি আছে কেইদিনমানৰ পৰা । নাম তাৰ “গোপাল” । আমাৰ থুলুকৰ একেবাৰে লংগৌটিয়া য়াৰ । দেখাই শুনাই কামে কাজে স্বভাৱ চৰিত্রই থুলুকৰ সতে অবিশ্বাস্য ভাবে মিল আছে । সৰুৰে পৰা দুয়োৰে নাম দৌ আত্মা এক টাইপ বন্ধুত্ব একদম । দুয়োৰে মাজত পার্থক্য মাথো এটাই থুলুক জনমে মৰণে চিৰদিন অসমীয়া হোৱাৰ বিপৰীতে গোপাল পশ্চিমীয়া ভাষা সংস্কৃতিৰ তীব্র অনুৰাগী । বিশেষ কৈ ইংৰাজ আৰু ইংৰাজী ভাষা সংস্কৃতিৰ । পাৰিলেও নোৱাৰিলেও ছোৱালী বোৰৰ দৰে সিও ইংৰাজী ভাষাটোকহে ষ্টেটাছ চিম্বল হিছাপে মানে। তাৰমতে ইংৰাজী ক’ব নোৱাৰা জন বোলে ইচমার্টেই নহয়। তাকো জিভাত ইংৰাজী চুইং কৰাব পাৰিব লাগিব। সিও সদায় জিভা খন ইচটাইলত পকাই চুইং কৰাই কৰাইহে ইংৰাজী কয় । এই ক্ষেত্রত সি অত্যাধুনীকা লিহিৰি পতিয়া অচাম দেশৰ গার্ল বিলাককহে বেছিকৈ ফল’ কৰে ।সেয়ে লগৰ আকাশক মাতিলে “হেই আকাচ” বা প্রিয়ংকাক আকৌ “হেল্ল প্রিয়াংকা এই ফালে শুনা না পিলিজ”, সঞ্জীবৰ কথা ওলালে আকৌ “চনজিভক যে চিমাই ইম্মান লাভ কৰে কি ক’ম তোমালোকক ” , ৰিক্সাত উঠি ব্রইলাৰ আনিব গ’লে কয় “মই জানা আজি ৰিকিত উঠি ৰাজগড়ৰ পৰা চিকি আনিব গৈছিলো” , অলু পিতিকা ভাত খোৱাৰ দিনা ক’ব “আজি দিনাৰত জানা স্মেছ পটেট’ আৰু বেকড ৰাইছ আছিল ” বুলি কয়। তাৰ এই ইংৰাজী মিহলি অসমীয়া শুনিলে কিবা ভাত খাওতে শিল চোবোৱাৰ দৰে লাগে । আৰু এইদৰে জিভাত মৰণা মাৰি মাৰি সৰুৱাই দিয়া ইংৰাজীৰ মাজত চেপা খাই যোৱা অসমীয়া শব্দ কেইটালে বাৰুকৈয়ে সমবেদনা ওপজে । সিহতে যেন চিঞৰি চিঞৰি ক’ব খুজিছে হে প্রভু ইংৰাজীৰ চেপাত উশাহ বন্ধ হও হও । আমাক এই থেকা খুন্দাৰ পৰা স্বাধীনতা দিয়া ।
আজি সেই গোপালৰেই কেইটিমান সৰু সৰু কাহিনী ক’ব ওলাইছো ।

১)
তেনেকুৱা ইচমার্ট ইংৰাজীৰেই সি বহু চেষ্টাৰ মুৰত “আছা বৰুৱা”(আশা বৰুৱা) নামৰ ছোৱালী এজনী ফেছবুকতেই তাৰ প্রতি আসক্ত কৰালে । এটা সময়ত ফোন নাম্বাৰো অদল বদল হ’ল ।সুবিধা বুজি এদিন সি কেটৰীণা কাইফৰ প্রফাইল পিকচাৰ লগাই ৰখা আছা বৰুৱাক তাক লগ ধৰিবলে সৈমানো কৰালে । আনকালে চুলি কাটাবলে গৈ ২০ টকাতো দৰদাম মৰা গোপালে ২০০ টকা দি পার্লাৰত চুলি কটাই ড্রীম গার্ল আছা বৰুৱাক লগ ধৰিবলে গ’ল । যথা সময়ত ৰেষ্টুৰেন্টৰ বিশেষ টেবুলত বহি বিশেষ কোনোবা আহিলেই ৱেইটাৰক মাতি অর্ডাৰ দিয়ালৈ ৱেইট কৰি ৰ’ল । তেনেতে আছাই এন্ট্রি মাৰিলে। সি গম পাইছে যদিও সেইফালে চোৱা নাই বুকুত কিন্তু চিবমনিৰ ড্রামচেট “ধিছ ধিছ ধি ধিছ ধিছ ধিছ”। ইফালে আছা আহি তাৰ সমুখত। তাক মাত দিলে “হেই আৰ ইউ গপু মিনছ গোপাল?” গোপালে লাজ লাজ চকু তুলি চালে,তাৰ চকু ডাঙৰকৈ মেল খাই পউজ হৈ ৰৈ গ'ল।এইয়া কি ?কেটৰীণা কাইফ হেন আছা বৰুৱাৰ ঠাইত দেখোন মেকআপেও ধুনীয়া কৰিব নোৱাৰো বুলি হাত ডাঙি দিয়া কোনোবা অতীতত কৈও অতীব সুন্দৰী ৰমনী। লেপি লেপি লোৱা চকুৰ কাজল দেখি সি এইবাৰ অসমীয়াতে ভাবিলে “ তুমি দুচকুত কাজল ল’লে তিনি টেমা কাজলে ইহলীলা সম্বৰণ কৰে” । কোনো মতে নিজকে চম্ভালি ক’লে “ অ য়াহ ইটছ মি গোপাল । ইউ আছা ন ?” তাই হয় বুলি মুৰ জোকাৰি সমুখৰ আসন ল’লে । সি কি নকৰো কি কৰো কৈ ৱেইটাৰটোকে মাতিলে । মেনু খন খুজিবলে গৈ সি মেনু শব্দতো পাহৰি গৈ ক’লে “ হেই ৱেইটাৰ যোৱাচোন চিলেবাছ খন লৈ আহা কিবা এটা খাবলে অর্ডাৰ দিও ” । বছ আৰু কিটো হ’ব আছাই তাৰ আশাত এনে বৰফ ধালিলে যে সি চব পাহৰি গ’ল কোনমতে সময় পাৰ কৰি তাৰ পৰা এনেকৈ পলাল যে পিছলে এবাৰো ঘুৰি নাছালে আৰু ।

২)
এসময়ত সৰুতে সি গাৱত থাকোতে লগৰ কেইটা মান মাতি বুট মাহ নাৰিকলেৰে জন্মদিন পতিছিল । পিছে এইবাৰ সি ইচমার্ট + আধুনিকটি হৈ বেলুন লগাই কাগজৰ টুপি পিন্ধি তাৰ নাম লিখা কেক কাটি হেপি বার্থ দে টু ইউ গাই হে জন্মদিন পাতিলে । দুপইছা ভালকৈ খৰছো হ’ল । নতুন ইচটাইলটোত সি মন কৰিলে যে কেকটো কাটি খুৱাই ভগাই দিয়াৰ পিছত লগৰ বোৰে ইটোৱে সিটোক কেকৰ ক্রিম বোৰ মুখত সানি দি ধেমালী কৰে । আন এটা বার্থদেটো খাবলে গৈও একেই পৰিবেশ । গ’ল কথা গুছিল মাথো কথাটো সি মনত ৰাখি থ’লে । এদিনৰ কথা আছাৰ পিছত এইবাৰ সি চঞ্জনা নে চজিনা নামৰ এগৰাকীক লগ কৰিব গ’ল। এইবাৰ আকৌ অৰিজিনেল পিকচাৰ থকা চাই লৈহে আগ বাঢ়িছিল দেই । চজিনাই ক’লে “গপু দা বলানা আজি ভেনিলা পেষ্টি এটা এটা খাও ফিলিং খুব হাংগ্রি জানা” । বছ ইমান মৰম লগা কৈ ক’লে কেনেকৈ নো নাখাও বুলি ক’ব পাৰে, সেয়ে সি দামী বেকাৰী এখনত লৈ গ’ল । অর্ডাৰ দিয়াৰ লগে লগে পেষ্টি আহিল দুয়ো চমুছ লৈ ইচটাইলত খাব ধৰিলে । তেনেতে তাৰ মনত পৰিল বার্থদেৰ ক্রীম সনা কথাটো। সি খাই শেষ হোৱাৰ আগতেই তাৰ পেষ্টিটোৰ ক্রীম খিনি দিলে নহয় চজিনাৰ মুখত সানি । ৰাজহুৱা ঠাই, মানুহৰোও ভিৰ আছিল। লাজ পাই চজিনাৰো খং উঠিল হ’ব পাই । লাহি হাতৰ পৰশটো সাজোৰে গালত বহাই “ইউ আনকালচাড আনএদুকেটেড আনচিভিলাইজড ভিলেজ পিপল” বুলি কৈ উচাত মাৰি গুছি গ’ল। সি কি হ’ল নহ’ল তত ধৰিব নোৱাৰি তাই যোৱাৰ ফালে অভংটোৰ দৰে হেবাং লাগি চাই ৰ’ল ।

৩)
এইবাৰ আকৌ তাৰ ঘৰুৱা প্রসংগ এটালৈ আহো । ককায়েকে কিছু দিন আগতে বিয়া পাতিলে। বৌৱেক জনী আকৌ তাৰ দৰেই, পশ্চিমীয়া সংস্কৃতিৰ বিৰাটেই অনুৰাগী। আহিয়েই দিমান্ড দিলে তেঁওক বোলে এটাছটেড বাথৰুম লাগিবই লাগিব । ইফালে সিহঁতৰ গাওঁৰ পৰিবেশ । গাওঁৰ মানুহে লেট্রিন বাথৰুম বোৰ ঘৰৰগাতে লাগি থাকিলে অশুচি হ’ব বুলি দুৰতে সাজে। আৰু শৌছ কৰি গা নোধোৱাকে সোমাব নিদিয়ে । ককায়েকে বহুবাৰ বুজালতো নুবুজি বৌৱেকে জেহাদ ঘোষনা কৰি দিলে । ক’লে দুদিনৰ ভিতৰত এটাচটেড নকৰিলে তেও বোলে ঘৰ এৰি গুছি যাব। গোপালে ভাবিলে কেছটোতো বেয়া হৈছে বিয়াৰ পিছতেই ঘৰ এৰি গুছি গ’লে ওচৰৰ মানহে কি বুলি ক’ব? তাহাতৰেইটো বদনাম হ’ব। সেয়ে পিছদিনা পুৱাতেই সিহতৰ গাৱৰেই জলসিঞ্চন বিভাগৰ কার্য্যবাহী অভিযন্ত্রা সোনাৰাম শইকীয়াক বৰতাক তেওৰ অফিছ ষ্টাম্প সহ বাইকত উঠাইলৈ আহিল । আহি ককায়েকক চিঞৰি চিঞৰ মাতি ক'লে "দাদা তই চিন্তা নকৰিবি তোৰ বাথৰুম এটাচটেড কৰাৰ প্রবলেম চলভ কৰি দিম আজি মই চাই থাক। এইয়া মই চোনাৰাম চইকীয়া আংকলক লৈ আহিছো। তেও বাথৰুমৰ ৱালত এটাচটেড বুলি লিখি চহী মাৰি ষ্টাম্প মাৰি দিব। আৰু ভাবীক কৈ দিবি তেঁও যাতে ঘৰ এৰি নাযায় ।"
বছ তাৰ পিছত কি হ’ল আৰু নুসুধিব দেই ।

Thursday 15 August 2013

*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*


~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

১)
আন কোনো নহয় আমি
নিজেই নিজৰ শতৰু,
সমস্যা আহিলেই লাহেকৈ
গা এৰা দি আতঁৰো ।
বোকা চটিওৱাৰ খেলত
আমি অতিকে সিদ্ধহস্ত,
সমুখৰ জনলে দোষটো থেলি
নিজে হঁও সন্তুষ্ট ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

২)
এই বোলে দুর্নীতিত পোত খোৱা চৰকাৰ
এই বোলে নেতা আমোলা চোৰ,
ভুল ক্রুটি অনিয়ম বেমেজালিৰ যেন
গাই থাকিলেও নপৰে ওৰ ।
ইফালে ভোটাধিকাৰ আকৌ
আমাৰ জন্মসিদ্ধ অধিকাৰ,
পিছে অধিকাৰ সাব্যস্ত কৰাৰ দিনা
ঘৰতেই উৎকন্ঠিত কোন বা হ’ব চৰকাৰ??

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৩)
টিভিয়ে মেলে মিটিঙে ডাঙৰ ডাঙৰ ভাষন,
পেপাৰতো লিখে সাপ্তাহিক একলম,
শিশু শ্রম বন্ধ কৰক, ভেদা ভেদ পৰিহাৰ কৰক
সানক ইজনে সিজনক মৰমৰ মলম ।।
কিন্তু ঘৰ উভতি ন বছৰীয়া কণমানি কামলাৰ হাতৰ
চাহ কাপ খাই জীয়েকক দিয়ে গালি,
হেৰৌ কেচাইখাইতী তইনো বাৰু বংশৰ মান মর্য্যদা ডুবাবলে
সেই নিহকুলীয়া নীচ জাতিৰ ল’ৰাটোকহে পালি ??

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৪)
চুকাফাৰ বৰ অসম আৰু শংকৰ মাধৱৰ
আশাশুধিয়া সংস্কাৰ সম্প্রীতিৰ গান,
লাচিত কনকলতা মুলাগাভৰুৰ লগতে
হাজাৰ হাজাৰ বীৰ শ্বহীদৰ ত্যাগ মূল্যৱান।
কিন্তু সকলো নিৰর্থক সকলো অসাৰ
নুবুজে কোনোও সেই ত্যাগৰ মূল্য,
কলিযুগৰ পাদুর্ভাৱত নিজতেই আমি ইমান মগন
যে হেৰুৱাইছো মানৱীয় প্রমূল্য ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৫)
এজাক সপোন যেন বৰষুন, আৰু
নর্দমাত প্রাণ পাই উঠে বানপানী,
ৰাজপথৰে গেলা পচা বোৰ ফেন ফুটুকা হৈ বৈ যায়
যেন সেইয়া মহানগৰীৰ সমুহীয়া চকুপানী ।
গালিত নিগৰে ক্ষোভ,চাল্লা নির্ষ্কমা পৌৰসভা
কটা নিষ্ক্রিয় প্রশাসন ,
পিছে নামানে কোনেও জাবৰ জোথৰ বোৰ
দাষ্টবিনত পেলোৱাৰ সামান্য অনুশাসন ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৬)
মই নিবনুৱা নাই মোৰ
চৰকাৰী চাকৰি,
বেকাৰ চৰকাৰ নাই কোনো এখন
আঁচনি দৰকাৰী ।
ইফালে পৰিলে পৰি ৰওক পিতাইৰ ঘামসনা
সেই তিনি পুৰাকৈ মাটি চন,
দৰকাৰ হ’লে চান্দা তুলি ফাংচন পাতি টকা ঘটিম
তথাপি নকৰো খেতি নালাগে তেনে স্বাৱলম্বন ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৭)
বোলো কাণে কাণে কথা এটা কও শুনা
‘তুমি মোক দিবা,ময়ো তোমাক দিম’
কোর্ট কাছাৰী অফিছ চাকৰি আনকি শিক্ষানুস্থানটো
এতিয়া এইটোৱেই অন্যতম থীম ।
এই দিয়া লোৱাটোৱেই দেশ খালে বুলি বকি বকি
টেবুলৰ তলে ওপৰে দিও যিমান পাৰো বাকি,
আৰু তেনেকৈয়ে প্রাপ্য জনক বঞ্চিত কৰি জ্বলাও
একমাত্র নিজৰ ঘৰৰ চাকি ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৮)
মোৰ দেশত ভোটাধিকাৰ সাব্যস্ত কৰিবলে আহিল
এজাক বিদেশী আলহী,
পিন্ধনত লুঙী মুৰত টুপি ফেন্সিং পাৰ হৈ
চুচৰি আঠুকাঢ়ি ।
মোৰ এলাহে এঙামুৰি দি সিহতক
দিলে দুবেলা দুসাজ,
চাওতে চাওতে সিহতে যো যা কৰিছে
কৰিবলে আমাৰ ওপৰত ৰাজ ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৯)
নেতা হোৱাৰ আশাত ইটোৰ পিছত সিটোকৈ সংগঠন খুলি যা
কিয়নো দেখাক দেখি উঠে আমাৰ গা,
সমাধানৰ নামত এসাগৰ শূণ্যতাৰে
নিজৰ মুৰবোৰ নিজে নিজেই খা।
আন্দোলন অন্নশন, বন্ধ হৰতাল, হত্যা হিংসাত
দিশহাৰা অর্থনীতি, সংকটত সমুহীয়া জীৱন,
দাম দৰ মাৰি নিজৰ পকেট গৰম হ’লেই
পলাই পতং দিয়ে এনে বহু দেশ উদ্ধাৰৰ উদাহৰণ ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

১০)
আমি নিজকে চিনি নোপোৱা এক
মুখা পিন্ধা মেৰুদণ্ডহীন জাতি,
আনক অনুকৰণ কৰোতে কৰোতে
পাহৰিছো নিজৰেই খোজটি ।
মাথো আলোচনা সমালোচনাতেই
শেষ হয় সকলো,
সময় নাই কাৰো আনৰ দুখত
টুকিবলে এটুপি চকুলো ।
মই কেনেকৈ সুখত থাকিব পাৰো তাৰ চিন্তাত
মই আজি মোক লৈয়ে ব্যস্ত;
জহন্নামে যাওক এই দেশ দুনীয়া তাত মোৰ কি আহে যায়
মিছাই কিয় কৰো মাথা নষ্ট ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

Monday 12 August 2013

" প্রেম.... থিক ট্রাকৰ পিছফালে "


_______________________

১)
মই বাৰু কৰো কি
তোৰ কাজল কাজল দুচকুৰ এসাগৰ মৰমে
হাম কৌ কবকা মাৰ দালা,
কিন্তু কি জগৰ লগালো জানো! তোৰ মাৰে মোক দেখিলেই কয়
“ বুৰি নজৰ ৱালে তেৰা মুহ কালা ” ।।

২)
মোৰ প্রেমৰ তুমিয়েই পাষ্ট তুমিয়েই প্রেজেন্ট
আৰু তুমিয়েই ফিউচাৰ টেন্স,
চেলিমদাৰ চাইকেলৰ আগফালে উঠিলেই কিয় বাৰু কোৱা
হেই ইউ গাৱলীয়া ল'ৰা প্লিজ “ কিপ দিষ্টেন্চ ” ।।

৩)
তোমাকেই নায়িকা সজাই বহাগতে ভাবিছিলো
দিম আমাৰ ঘৰ সংসাৰখন ৰিলিজ,
পিছে এইবাৰ নগেন দাৰ নেন’ত উঠি মোৰ বাজাজ চুপাৰক
ভেঙুচালি কৰি কোৱা “ হর্ণ অ’কে পিলিজ ” ।।

৪)
তুমিয়েই সপোন দিঠক তুমিয়েই জীৱন মৰণ
নতুনৰ আৰম্ভনি কৰিম চুই তোমাৰ দেউতাৰ চৰণ,
পিছে এইবাৰ হৰেন দাৰ হুণ্ডা চিটিৰ আগফালে উঠি
আকৌ এবাৰ ভেঙুচালি কৰি কোৱা হেইৰা প্লিজ “ ব্ল’ হর্ণ ” ।।

৫)
যিমানেই নহওক ঘাট প্রতিঘাট
যিমানেই হওক বাদ বিসম্বাদ,
তোমাক খাটাং নিজৰ কৰিমেই কৰিম
কিয়নো মেৰ পাছ হে “ মা কা আর্শীবাদ ” ।।

৬)
সেয়ে কঁও
মই লেফ্ট তুমি ৰাইট দুয়ো মিলিলে আমাৰ ফিউচাৰ ব্রাইট
মাজে মাজে আকৌ চলিব মিঠা মিঠা ফাইট,
পিছে সময় পালে ফেছবুকত আপদেট এটা দি দিবা চোন
যে “ ইউজ ডিপাৰ এট নাইট ” ।।

(বি: দ্র: ->মানে তোমাৰ 'গুড মর্ণিং'টোতে ১০০০ মান লাইক আহে ট’ । সেয়ে মাজতে কামত অহা মেচেজ এটাও দি দিবা আৰু সমাজৰ উপকাৰ হ'ব । আন নহ'লেও তোমাৰ আপদেট গৈ নাপাওটেই কমেন্ট দিয়া সেই চেনী কেইটাই অন্তঃত তুমি বেয়া নাপাবৰ বাবেই ৰাতি ডিপাৰ ইউজ কৰিব )

Wednesday 7 August 2013

:: ইন্টাৰনেটৰ পিঠিত গাঁঠি দিলো ইউনিকোডৰ চিঠি খনি ::

:: ফেছবুকৰ পিঠিত গাঁঠি দিলো ইউনিকোডৰ চিঠি খনি ::
---------------------------------------------------------------

প্রতি
দুই নং ছাত্রবাসৰ চুপাৰ চাৰ

বিষয় : কেইটিমান অকপট স্বীকাৰোক্তি তথা এধানি ক্ষমা প্রার্থনা ।

শ্রদ্ধাৰ চাৰ,
পোন প্রথমে নমষ্কাৰ গ্রহণ কৰিব । মৰম ল’ব, আর্শীবাদ দিব । এই মুহুর্তত যদি মই কোনে কৈছো (?) ধৰণৰ ভাব এটাই আপোনাক আমনি দিছে । তেনেহ’লে তাক একাষৰিয়া কৰি থৈ দিয়ক । বিশেষ ভাবিব নেলাগে । মই আন কোনো নহয় । উতলা যৌৱনৰ বা লাগি মতলিয়া হৈ এসময়ত অতিশয় উৎপাত দুষ্টামি বদমাছিৰে আপোনাৰ চুলি থিয় কৰি দি হাজাৰ বাৰ গালি খাই, দহ বাৰ বাৰকৈ লাষ্ট ৱার্ণিং পাইয়ো নিজকে অকনো সলনি নকৰাকৈ ৰখা, আন দহজনৰ দৰে ময়ো এজন মই আপোনাৰ ছাত্রবাসৰেই প্রাক্তন আৱাসী । চাৰ হোষ্টেল এৰা আজি বহুবছৰেই হ’ল । আপোনাকো লগ নোপোৱাও বহু দিনেই হ’ল । পিছে মাজে মাজ উপলব্ধিৰ সীমনাত বহি এটাই ভাৱ আহে মনলে । পাকিস্থানী ৰাষ্ট্রপতিৰ বাবে তালিবান মুৰৰ কামোৰণি হৈ পৰা দি , সেই তিনিটা বছৰত আমি বোৰ আপোনাৰ বাবে মুৰৰ কামোৰনি হৈ পৰিছিলো । আপোনাক জোকাই জ্বলাই বৰকৈ সোৱাদ লৈছিলো । তাৰ বাবে এই মুহুর্তত অন্তৰেৰে অত্যন্ত দুখ প্রকাশ কৰিছো ।

বচা বচা কেইটিমান অকপট স্বীকাৰোক্তি :
এক)
হয় চাৰ আপুনি থিকেই ধৰিছে আপোনাৰ বাথৰুমৰ পৰা যে প্রায়েই চাবোন,চেম্পু,চেভিং ক্রীম, ৰেজৰ, ব্লেড বাৰণ্ডাৰ বাল্ব যে হেৰাই তাৰ আঁৰত আমাৰেই প্রত্যক্ষ হাত আছিল । আনকি ধুই শুকুৱাবলে মেলি থোৱা আপোনাৰ বাইদেউৰ নতুন শাৰীখনৰ চুৰি কার্য্যটোও আমাৰ দ্বাৰাই সংঘটিত । আচলতে নাটক চাটক আদি কৰিলে লাগি থাকিব পাৰে বুলি কৰা আমাৰে দুৰদর্শী চিন্তাৰেই ফচল সেইয়া ।

দুই)
নতুন ল’ৰা সোমালেই যে কেতিয়াবা মাজ নিশা, কেতিয়াবা পুৱতি নিশা লোহাৰ ৰডৰ থেলেং থালং শব্দৰ লগতে জুনিয়ৰৰ গালত চৰ মৰাৰ দৰে চেটেপ চাটাপ শব্দবোৰ শুনি আপুনি শোৱা পাতিৰ পৰা বেত এডাললৈ দৌৰি আহিছিল । সেইয়া আচলতে কোনো ৰেগিংৰ শব্দ নাছিল । মাজনিশা আপোনাৰ টোপনি ভাঙি ৰং চোৱাৰ হেঁপাহত আঠুৱাৰ ষ্টিক পকাত পেলাই আৰু বাটা চেণ্ডেলেৰে বাৰাণ্ডাৰ খুটাত জোৰ জোৰকৈ কোবাই কৰা শব্দহে আছিল । আপুনি যেনেকৈ আছে তেনেকৈ দৌৰি আহি কোন কোন বুলি চিঞৰি গোটেই খন ইফালে সিফালে চাই একো দেখা নাপাই, খংত মুৰ খজুৱাই খজুৱাই ঘুৰি যোৱাৰ দৃশ্যই বৰ আমোদ দিছিল । সেয়ে আপুনি উভতি ঘৰ পোৱাৰ লগে লগে আকৌ থেলেং থালাং আৰু চেটেপ চাটাপ শব্দ কৰাইছিলো ।

তিনি)
চাৰ আপোনাৰ সহকর্মী তথা চুবুৰীয়া বৰা চাৰৰ বাইদেৱে বৰ মৰমেৰে পোহা কুকুৰা কেইজনী আৰু হাঁহ কেইটাক সিহঁতৰ শোৱাপাটীৰেই পৰা অপহৰণ কৰা তথা সিহতৰ নৃশংস হত্যাৰ বাবে আমিয়েই একমাত্র দায়ী । সিহতৰ লাচটো বাদেই হাড়কেইডালো পোৱা নগৈছিল ।কিয়নো সেইবোৰ পিছদিনা পচন সাৰ হৈ মিলি গৈছিল লেত্রিনৰ টেংকিত । পাখি খিনি গার্লচ হোষ্টেলৰ পিছ ফালে পেলাইছিলো যাতে কোনোধৰণৰ ক্লু পোৱা নাযায় । আমাৰ মাজত ইমান একতা আছিল আমি দুজনে মিলি অপহৰণ কৰিছিলো যদিও হত্যাকাণ্ডৰ ভাগ আমি সকলোৱে সমানে ভগাই লৈছিলো । তাত আমাক মুখ্য ৰান্ধনী দতুৱা বর্মণেও আদা নহৰু মা মচলাৰে পুর্ণসহযোগ আগবঢ়াইছিল ।

চাৰি)
আপোনাৰ পদুলিত যে মাজে মাজে পুৱা গোটেই খন প্রেস্বাব প্রেস্বাব গোন্ধাইছিল সেইয়া আছলতে এক বিশষ ধৰণৰ প্রতিযোগীতাৰ চাইড এফেক্ট । যিদিনাই নিশা ৰাইজৰ সেইবিধ জোখতকৈ অলপ বেছি হ’য় সেইদিনাই
“ কোনে কিমান জোৰত মুতি কচুপাত ফালিব পাৰে ”
নামৰ প্রতিযোগীতা খনি অনুষ্ঠিত কৰা হয় । আৰু দুর্ভাগ্যৰ কথা যে তাৰ বাবে প্রতিবাৰেই আপোনাৰ গেটৰ কাষৰ ক’লা কচুগছ কেইজোপাকেই লক্ষ্য হিচাপে লোৱা হৈছিল । ফলশ্রুতিত এলকহল মিশ্রিত প্রেস্বাবৰ গোন্ধত পুৱাই পুৱাই আমোল মোল হৈছিল আপোনাৰ পদুলি ।

পাঁচ)
আপোনাৰ সহকর্মী শইকীয়া চাৰৰ জীয়েক পল্লৱীক যে মাজতে বীৰাই পাইছিল বুলি ওলাওছিল ! সেয়াই আচলতে বীৰা চিৰা নাছিল । তাৰ আঁৰটো আছিল আমাৰেই প্রতিশোধৰ জুইত জ্বলি উঠা এটি জ্বলন্ত ষড়যন্ত্র । কাৰণ ছাত্রবাসৰ ৪ নম্বৰ ৰুমৰ ৱালত যাৰ নাম আজিও ৰাজা দাৰ গার্লফ্রেণ্ডে এৰি যোৱা লিপষ্টিকেৰে লিখি ৰখা আছে । যি মাথো এটি নাম নহয় তেও এটি ইতিহাস । প্রেম বুলিলে যাৰ কথাই পোনচাতেই মনলে আহে । তেঁও হৈছে আমাৰ আটাইৰে চিনাকী ৰমিঅ’ জুলিয়েটৰ অশা-মিছ ৰমিঅ’ শ্রীমান লালু দা । তেঁও এবাৰ ডাড়ি কাটোতে গালত বাহৰ পাতি থকা কেইটিমান নিৰীহ শালমন কাট খাইছিল । আৰ ৰমিঅ দাদাই সুবিধাতে শালমন কেইটাই নিজ প্রাণ ত্যাগ কৰি বুকুৰে নিগৰোৱা তেজেৰে প্রেম পত্র এখন লিখিয়েই পেলালে । পিছে মৰতী পল্লবীয়ে নিষ্ঠুৰ নিদাৰুন ভাবে সেইখন ফালি লালু দাৰ মুখত মাৰি দিয়াত সেই প্রতিশোধৰ জুই কুৰা শান্ত কৰিবৰ বাবেই চলিছিল সেই ষড়যন্ত্র । তাইৰ ঘৰৰ টিংত পুৱা গধুলী বা গভীৰ নিশা মনে মনে শিলগুটি দলিয়াইছিলো । ৰাতি হ’লে ভেন্টিলেটৰেদি কণীৰ চোকোৰা খেৰ নখ শুকান বন তাইৰ ৰুমত পেলাই দিছিলো । খিৰিকিৰ কাষত বহি পঢ়ি থাকোতে ডাঠ কাগজেৰে বনোৱা ক’লা হাত ভৰাই ভয় খুৱাইছিলো । বীৰাৰ চিৰা দৈ ওৰটো এইটোহে আছিল আচলতে ।

ছয়)
সেয়াটো সেইয়াই কর্মাচৰ ওচৰৰ ফার্ণীচাৰ খন,চান্দমাৰী বচষ্টপৰ কলিতা হোটেল , ইউ টার্ণৰ ডিলাইট বাৰ এই সকলোবোৰ ভঙাৰ সম্পূর্ণ দায়িত্ব আমি অকপটে স্বীকাৰ কৰিছো । বেচেৰা হ’তৰ কোনো দোষ নাছিল গাত । খাই বৈ পইছা দিব নোৱাৰাৰে বাবে কিবা কিবি কোৱাত, চান্দমাৰীত আমাক কিবা ক’বলে কোন চাও হোষ্টেলত ফোনলগা বোলা ইগ’টো বেয়াকৈ হার্ট হোৱাৰ বাবেই হৈছিল সেই ধংস যজ্ঞ ।

সাত)
আৰু যে চাৰ সেই যে ইঞ্জিনিয়াৰিং মেকানিক্সৰ পৰীক্ষাৰ আগদিনা মাজৰাতি মোক আৰু গুটিক কলেজৰ ফালৰ পৰা আহি থাকোতে লগ পাইছিল । মই যে গুটিয়ে ৰাতি টোপনিত খোজ কাঢ়ি ইমান দুৰ পালেহি ওভোটাই নিবলে অহা বুলি কৈ শপত খাইছিলো । চাৰ সেইয়া মিছা আছিল । আমি খৱৰ পাইছিলো পেপাৰ লিক হৈছে বুলি । সেয়ে কাকো নোকোৱাকৈ দৌৰা দৌৰিকে গৈছিলো সুবিধাটো ল’ও বুলি । পেপাৰ পালো ৰাতিতে লাচিতে গড় বন্ধাদি উজাগৰি নিশা কটাই পুৱাৰ বাবে ১০০% সাজুও কৰিলো । পিছে পৰীক্ষা হ’লত গৈ চকুহাল ওলাই পৰিল । একোৰে একো মিল নোপোৱাত চকুৰে জ্বলা কলা দেখিলো । ভাগ্য ভাল সেই চাবজক্টত মোটামুটি ভালেই আছিলো বাবে কোনোমতে শেষ ৰক্ষা কৰিব পাৰিলো আৰু । সেইদিনাই শপত খালো এইবোৰৰ পাল্লাত নপৰো কাহানীও বুলি।

আঠ)
মেডাম-মেফিৰ দিনা বৰাগাঁৱৰ পৰা অনা জীয়া নোদোকা গাহৰি দুটা বাহ দুডালত দুভাগে বান্ধি ওলোটাই সমদল উলিওৱাৰ দিনা ,আপোনাৰ কোৱাটাৰৰ সমুখত মৰিয়াই মৰিয়াই গু ওলাই যোৱাকৈ চিঞৰোৱাইছিলো যে । সেয়া মেডাম-মেফিৰ কোনো লগত জড়িত নিয়ম নাছিল । বৰং সেয়া আছিল আপুনি হোষ্টেলৰ মেছত গাহৰি ৰান্ধিব তথা খাবলে নিদিয়াৰ গনতান্ত্রিক প্রতিবাদহে ।

ন)
অ আৰু এটা কথা মনত পৰিছে মোক কি ভাবি কি বিশ্বাসত এন্টি ৰেগিং কমিতিত ৰাখিছিল নাজানো । মই কিন্তু আপোনাৰ বিশ্বাস এচিকুটমানো ৰাখিব নোৱাৰিলো । কাৰণ মই ৰেগিং কৰাৰ ৰেংকিঙত সদায় ওপৰফালেই থাকিম চাগে । উদাহৰণ স্বৰুপে
ক/ মোৰ ১১৮ জনী পত্রবান্ধৱীৰ সতে ছমাহ মান জুৰি হোৱা ভাৱৰ আদান প্রদানত যিমান চিঠি মোৰ ফালৰ পৰা গৈছিল গোটেই কন্ট্রেক্টতো তিনিটা চিংৰাৰ বিনিময়ত হাতৰ আখৰ ভাল বাবে আক্রমন দত্তই পাইছিল ।
খ/ ইফালে কবিতা ভাল পোৱা গুঞ্জনৰ আগত দিনটোত গড়ে তিনিটাকৈ স্বৰচিত কবিতা আবৃতি কৰিছিলো ।
গ/ বেষ্ট চিংগাৰ পোৱা অভিনৱক মন গ’লেই মাতি আনি মই অ’ৰ ত’ৰ পৰা সুৰ চুৰ কৰি জোৰা টাপলি মৰি বকাসুৰ নৰকাসুৰত নতুনকে বনোৱা অৰিজিনেল গানবোৰ ৰাগ টানি টানি শুনাইছিলো ।
ঘ/ কথা নাই বতৰা নাই যেতিয়াই তেতিয়াই পঢ়ি থকা জোতিষৰ পঢ়া টেবুলৰ কাষত আৰু ৰুমৰ আগত গাইপতি একোডলাকৈ জেওৰা খুটী দি , মুৰত নাৰিকলৰ টোকোৰা পিন্ধাই দুটা দুটা চাৰিটাকৈ গাওৰক্ষী বাহিনীৰ চিকিউৰিটি ৰাখিছিলো । যাতে তাক পঢ়াত কোনেও আমনি দিব নোৱাৰে । অর্ডাৰ দিয়া আছিল কোনোবা আহিলেই সিহতে “ দি দি দি দি দি দি দি দি ধিচ ধিচ ধিচ ধিচ ধিচ ধিচ” বুলি পকাত বাগৰিলৈ গুলি চলাই দিয়ে ।
ঙ/ ইফালে ৰাতিৰ সাজৰ বাবে ডাইনিং হলত খোৱাৰ সময় হ’লেই মৰা বেলটো খুলি নি ষ্টৰৰুমত পেলাই দিছিলো । তাৰ পৰিবর্তে ভাতৰ সময় হ’লে ছোৱালীৰ সতে চেনী খাই ভাল পোৱা কল্যাণক সি চেনী খোৱা ছোৱালী বোৰৰ নাম লৈ লৈ “মই আমুকক ভাল পাও” বুলি চিঞৰিবলে লগাই দিছিলো । চর্ত আছিল একেজনী ছোৱালীৰ নাম সপ্তাহটোত ৰিপিট হ’ব নোৱাৰিব । আৰু ন বাজো বাজো হ’লেই সকলোৱে ডাইনিং হললৈ যাবৰ বাবে তাৰ চিঞৰলে অপেক্ষা কৰিছিল ।
চ/ আৰু যে কালিয়া কালিচৰণৰ লাহনে সেই যে শেষবাৰৰ বাবে গা কেতিয়া ধুইছিল মনত পেলাব নোৱাৰা ল’ৰাটো । সি এমাহৰ মুৰত যেতিয়া কাপোৰ যোৰ খোলে । পিন্ধোতে কি কালাৰ আছিল পাহৰি যোৱাৰ অপৰাধত সেই কাপোৰ বোৰ তাৰ নিজ হাতেৰেই জ্বলোৱাই হোষ্টেলৰ সকলো ম’হ খেদাইছিলো । পিছে কি হ’ল জানো সি তাৰ পিছৰে পৰা ৰেগুলাৰ গাধুবলে ল’লে দেখোন ।

শেষত এধানি ক্ষমা প্রার্থনা :
অ চাৰ গার্লছ হোষ্টেলৰ ছোৱালী মখা আহিলে “ম’ৰা চৰাই পাখি পিন্ধি কাউৰিয়েও মাৰেহি ফিটাহি ” বুলি বাৰণ্ডাত ৰৈ গোৱা সমবেত সংগীতকে ধৰি ওচৰৰ মানুহৰ কল কুহিয়াৰ চুৰি কৰা, বৰকৈ ফুতনি মাৰি থকা ৰহমান চাৰৰ কোৱাটাৰৰ আগফালে তেওৰ নাম্বাৰটো দি 'টু লেট' লিখি অহা লৈকে বহু কিবা কিবি বদমাছি কৰি আপোনাৰ ভালেখিনি বি পি আৰু চুগাৰ বঢ়ালো । ভেচমল কেচকালা লগাবলে বাধ্য কৰালো । তথাপিও আপুনি তাহানিও শ্রদ্ধাৰ আছিল আজিও শ্রদ্ধাৰ হৈ আছে আৰু আগলৈও শ্রদ্ধাৰেই হৈ থাকিব । আজি ইমান বছৰৰ পিছত কিয় জানো আপোনাক ক্ষমা খুজিব মন গ’ল । কিয় জানো ইমান বোৰ লটি ঘটিৰ পিছতো আপুনি সদায় চাবজেক্টতৰ ভাইভাত হোষ্টেলৰ প্রতিজন ল’ৰাকে কৰা সহায় আৰু বিপদে আপদে পা পইছা দি কৰা উপকাৰৰ বাবে আপুনি সদায় আমাৰ শ্রদ্ধাৰ চুপাৰ চাৰেই হৈ থাকিব । আপুনি কোৱা প্রতিটো উপদেশ আজি আমাৰ বাৰুকৈয়ে কামত আহিছে । চাৰ জানো যে আপুনি সেই দুষ্টামি বোৰ একো ধৰি নাথাকে তথাপিও কও চাৰ সেইয়া আমাৰ উতনুৱা যৌৱনৰ নির্দোষ ধেমালি বুলি ভাবি পাহৰি যায় যেন । অজানিতে কৰা আন যিকোনো ভুলৰ বাবে আজিও ক্ষমা পার্থী । ভগৱানে আপোনাক সুস্বাস্থ্য দিয়ক আৰু দীর্ঘায়ু কৰক । আমাৰ হোষ্টেলৰ বডী বিল্ডাৰ কেকাইক পাঞ্জাত হৰুৱা দি সকলো আপদ বিপদক হেলাৰঙে হৰুৱাই যাওক ।

শুভকামনাৰে
প্রান্তত...
আপোনাৰ ছাত্রাবাসৰ তাহানিৰ এজন চয়তান আবাসী

Monday 22 July 2013

::লেডিজ পৰশুৰাম ::


অৰম্ভনি ::
আজি যুগ নাৰীৰ যুগ । নাৰীয়েই দাতা নাৰীয়েই বিধাতা । ৩৩% সংৰক্ষনৰ পৰা ধৰি আকাশে বতাহে দিল্লীয়ে পঞ্চায়তে মাথো নাৰীৰেই দপদপনি । মই পিছে নাৰী বিষয়ে ৰচনা লিখিব যোৱা নাই । আজি নাৰী কিমান ভয়ংকৰ হ'ব পাৰে তাৰহে কাহিনী এটা ক'ব গৈ আছো । শুনক তেনেহ'লে

পটভূমি ::
কাহিনীটো আমাৰ সকলোৰে চিনাকী শ্রী যুত প্রতিভূ দত্তৰ একেবাৰে শেহতীয়া কঠোৰ বাস্তবৰ কাহিনী । কিন্তু কাহিনীতো কোৱাৰ আগতে মই অকনমান মহাভাৰতৰ দিনলৈ ঘুৰি যাব লাগিব । আপোনালোকৰ পৰশুৰাম নিশ্চয় মনত আছে । পানী আনিবলে গৈ দেৰি হোৱাৰ বাবে মাকক কাটিবলে বাপেকে আজ্ঞা দিয়াত মাকক কাটি পেলোৱা ভগৱানৰ অৱতাৰ জন যেন সেই জনৰ কথা কৈছো । এই কাহিনীটোও প্রায় একেধৰণৰ মাথো ভাৰচনটো তথা স্থান কাল পাত্র বোৰ নতুন ।

মুল কাহিনী ::
আমাৰ ভূ দা মানে মিষ্টাৰ দত্ত তেও হ'ব বেছ বাক পটু আৰু ব্যক্তিত্ব সম্পন্ন মানুহ । ভাল অংক পঢ়ুৱাৰ লগতে জীৱনৰ অংক বোৰো আউল নলগাকে কৰিব জানে । আৰু সকলো ডেকা ডেকেৰীক জীৱনৰ সকলো অংক শিকাই থাকে । বেছ ৰসাল মানুহ জনৰ মাথো এটাই দুর্বলতা সেইটো হ'ল ফেছবুক । এই দুর্বলতাই এতিয়া তেওৰ বাবে জীৱন মৰণৰ বিষয় হৈ পৰিছে । ঘটনাটো যোৱা কালিৰ । ময়ুৰাক্ষী বৌৱে সন্ধিয়া ঘৰতে পুজা এভাগ পাতিছিল । পিছে কিবা কাৰণত চেনী কমি গ'ল পায়সত দিবলে । সেয়ে ভূ দাক ক'লে যোৱা চেনি আধা কেজি লৈ আনা তৎক্ষনাত । একান্ত বাধ্য পতি ভূ দাই একেষাৰে হ'ব বুলি বজাৰলে গ'ল । পিছে বজাৰে গৈ থাকোতে অলপ আগতে আমুকক খোছ মাৰি দিয়া পোষ্টতোত কি নো হৈ আছে কোনে কোনে কি কি কমেন্ট দিছে চাবলে লিক লিকাই থকা মনটোক ধৰি ৰাখিব নোৱাৰি । মোবাইল উলিয়াই ফেছবুক কৰাত লাগিল । তাতে পুৰণি বন্ধু দুজনমানো অনলাইন হ'ল বছ ভু দাক কোনে পাই আৰু সময় যে দৌৰি আছে পাহৰিয়েই গ'ল । ১ ঘন্টা মান পিছত বৌৰ নাম্বাৰটোৱে ভুমিকম্প অনা দি ফোন তো ভাইব্রেচন অনাত হে তেওৰ সম্বিত ঘুৰি আহিল । লৰা লৰি কৈ চেনী লৈ ঘৰলে দৌৰ দিলে । ঘৰ গৈ দেখে পুজা শেষ । দুৱাৰ মুখত সাক্ষাৎ মা-কালী । এটাই মাথো প্রশ্ন
" চেনী আনিবলে গৈ কাৰ লগত চেনী খাই আছিলা ?? "
ভূ দাই সমেনা সেমেন কৰি
" নাই মানে নাই মানে " কৰি থাকিল । তাতে ফেছবুকৰ কথা কৈ মৰিলেহে হ'ব ।
" মাজনী বঠি খন লৈ আহ । আজি কাৰোবাক উপযুক্ত শাস্তি দিম । হয় গুৱাহাটী নহয় ৰঙামাটী হ'বই হ'ব আজি " বৌৰ ৰণচণ্ডী ৰুপত কণমানী জনীক আজ্ঞা দিলে ।
মাতৃ আজ্ঞা পেলাব নোৱাৰি কণমানি জনীও বঠি খন লৈ ভু দাৰ ফালে চোছা ল'লে ।
আমাৰ ভূ দাই জীৱনত প্রথম বাৰৰ বাবে তাম্মাম ভয় খালে । জীৱনৰ মায়াত একো নাভাবি ভিৰাই পৰাগ চৌধৰীৰ বাৰী ফালে দিলে দৌৰ । গোটেই ৰাতি ভয়তে কপি কপি ভাত পানী নোখোৱালে পৰাগৰ গেৰেজত থকা গাড়ী খনৰ ডিকিতে শুই থাকিল । ৰাতি সপোনত দেখিলে ...........
মাতৃ আজ্ঞা শিৰে শিৰে পালন কৰি ভূ দাৰ একমাত্র ছোৱালী জনীয়ে পৰশুৰামৰ দৰে ড্রেছ কৰি হাতত বঠি খন লৈ বাপেকক বিছাৰি ফুৰিছে কাটিবলে । অপুর্বৰ ঘৰৰ পিছফালৰ বাহনি ,পুনম মাহীৰ দোকানৰ গুদাম সকলোতে বিচাৰি বিছাৰি অৱশেষত চাইকেল বাবাৰ গাড়ীৰ ডিকিৰ তলত ভূ দাক পাই এটি তৃপ্তিৰ হাঁহি মাৰি বঠি খন ডাঙি ডিঙিতে ঘাপ টো মাৰিবলে লওতেই খক মক কৈ সাৰ পাই গ'ল । ঠান্দাটো তেওৰ ঘামি যামি অৱস্থা বেয়া । সাৰ পাই দেখে দেখে চাইকেল বাবাই ডিকিটো ডাঙি জগাই দিছে আৰু ক'লে :
" ৰাতি পুৱাল উঠক বৌ আৰু কণমানী জনী আহিছে "
" কি ? হাতত কি লৈ আহিছে বাৰু " ভু দাই সেপ ধুকি কোনোমতে সুধিলে
" নাই নাই একো লৈ অহা নাই সুদাহাতে আহিছে আপোনাক মাতিছে বলক " চাইকেল বাবাৰ মিচিকিয়া প্রত্যুত্তৰ
ভু দা ওলাই আহিল । আহি দেখে বৌ আৰু কনমানী জনী । বৌ তেওক দেখিয়েই খেঙ খেঙাই উঠিল
" তোমাক মাছ বাছিবলে কম বুলি ভাবোতেই তুমি ফুকলীয়া ল'ৰাৰ দৰে ভিৰাই লৰ মাৰিলা যে । কণমানী জনীয়ে বঠি খন লৈ ভিতৰৰ পৰা বাহিৰ নেপালেহিয়েই ভালকে । কিবা খাই আছিলা নেকি হা ? । ব'লা ব'লা সোনকালে ব'লা মাছ বাছিব লাগে । নহ'লে সেই সোপা গোন্ধালে তোমাকে এসেকা দিম আকৌ । "

সমাৰণি ::
ভূ দাই মুখেৰে টু শব্দ এটা নোকোৱাকে বৌৰ পিছে পিছে ঘৰলে বাট ল'লে । আৰু নিজেই নিজক কোৱা দি ক'লে " উফফ ৰক্ষা দেই, লেডিজ পৰশুৰামৰ পৰা এই বাৰলে ৰক্ষা "

*** বাটে ঘাটে, মটৰে বাছে***




হাঁহি এনে এটা বস্তু যাক বিছাৰি হাবাথুৰি খাব নালাগে কাহানীও । দৈনন্দিন জীৱনত ভালকৈ মন কৰিলেই দেখা যায় যে সৰু বৰ বহু হাঁহিৰ খোৰাক উপঙি ফুৰে বাটে ঘাটে নাইবা মটৰে বাছে । মাথো থপিয়াই ধৰি ওঁঠৰ কোণত পিন্ধিলোৱাটোহে নিজৰ কথা । কিছুদিন আগতে হাকুটিয়া পাৰি ৰখা সৰু সৰু হাঁহিৰ টুকুৰা দুটামান আপোনালোকলৈ বুলি আগবঢ়ালো ।

১) ম্যাদ ওকলা বাইদেউ

আবেলিৰ সময়ত খোজ কাঢ়ি ভাল লাগে বাবে প্রায়েই খোজ কাঢ়ো । এদিনৰ কথা খোজ কাঢ়ি গৈ থাকোতে বাটতে চাইকেলৱালা এজনে গেটত বহি থকা বয়সস্থ চিকিউৰিটি জনক জোকোৱাৰ সুৰত সুধিলে
: " কি হে ভিনদেউ কি খৱৰ ? বাইদেউ আগৰ জনীয়েই আছে নে ? "
: " এৰা ঔ আগৰ জনীয়েই আছে । এইবাৰ শনিবৰীয়া বজাৰলে লৈ গৈছিলো পিছে বিক্রীয়েই নহ’ল বুজিছনে । সেয়ে আকৌ ঘুৰাই লৈ আনিলো । ম্যাদ উকলিল বুইছ কোনেও নিকিনেই দেখোন । "
ভিনদেউৰ সেমেকা উত্তৰ । যেন হতাশাত ভাগি পৰিছে ।

২) " উফফফফফ "

যোৰহাটৰ পৰা তিনিচুকীয়া অভিমুখী বাছ । গেলা গৰমত সকলোৰে জিভাৰ লগতে জীউ ওলাই ওলাই যাও যাও অৱস্থা ।ঠায়ে ঠায়ে যাত্রী উঠিছে ঠায়ে ঠায়ে নামিছে । এটা সময়ত বাছ গৈ মৰাণ পালেগৈ । তেনেতে দুচকুত কাজল আৰু চাদৰ মেখেলাৰে সুসজ্জিত অসম দেশৰ ৰুপহী ছোৱালী এজনী উঠি আহিল । ঘামি জামি অৱস্থা নোহোৱা হ’লেও ধৰিব পাৰি যে সেয়া খাটাং টেট বাইদেৱেই হয় । বাছৰ সমষ্ট যাত্রীগনে খন্তেকৰ বাবে গৰমক এলাগী কৰি একেলগে তেওলৈ বুলিয়েই চাই পঠালে । তেৱো " উফফফফফ " ( মানে মই কিয় যে ইমান ধুনীয়া হ’লো চবে দেখোন মোকেই চাই ভাৱত ) বুলি কৈ খিড়িকীৰ কাষৰ চিট এটা বহি ল’লে গৈ । থিক সেই সময়তে ৰাস্তাৰ সিপাৰে ঘুমটি খনত আড্ডা দি থকা বাইদেউৰ বাটৰুৱা আশিক কেইজনেও বাছ খন চলিব লোৱা দেখি বাইদেউক উদ্দেশ্যি সমস্বৰে চিঞৰি উঠিল
“এই টেট বাইদেউ এবাৰ ভালপাই চাবা নেকি । এই গেলা গৰমত এচি থকা গাড়ী ভাড়া কৰি হ'লেও অনা নিয়া কৰিম ” । সিহতৰ চিঞৰ শুনি মুহুর্ততে বাছৰ ভিতৰত হাঁহিৰ ৰোল উঠিল । টেট বাইদেউৰ আকৌ ‘ উফফফফফ ’ ( কেলে যে ইমান ধুনীয়া হ’লো , এই বদমাছ আশিক বোৰৰ পৰা একদম উপাই নাই পাই ভাৱত ) । ইতিমধ্যে বাছেও গতি ল’লে । কণ্ডাক্টৰে পইছা তুলি তুলি এসময়ত টেট বাইদেউৰ ওছৰ পালেহি ।
: " বাইদেউ ক’ত যাব ? "
: " অ’হ মোক সুধিছা নঅঅ ?" ( লিপষ্টিক খিনি অকনো হীনদেড়ী নোহোৱাকে অলপ ষ্টাইলত সুৰ এটা লগাই )
: " হয় বাইদেউ । আপোনালে চাই কৈছো যেতিয়া আপোনাকেই সুধিছো বুলি ভাবি লৈছো আৰু অপুনি বা কি বুলি ভাবে । " প্রশ্নটো শুনি গৰমত তাৰ টিঙিছ কে মাৰিল হ’ব পাই সেয়ে সিও সেই একে ষ্টাইলকে নকল কৰি অলপ টানকেই উত্তৰ দিলে ।
: " উফফফফ, কি যে কোৱা । মই পানীতোলালৈকে যাম জানাআআ । মোক পানীতোলাত নমাই দিবা দেই ।" এইবাৰ আগৰ ষ্টাইলটো অলপ মদিফাই কৰি হাতখন বিশেষ ভংগীমাত নচুৱাই
: " ইছ নমাই দিব যে নোৱাৰো দেই ।" কণ্ডাক্টৰেও থিক একে ভংগীমাৰে সিয়াৰি দিয়া দি উত্তৰ দিলে
: " ইহ কেলে নোৱাৰিবা আকৌ । ভাড়া দিম নহয় কিবা ।" টেট বাইদেৱে ষ্টাইলতে খং কৰি ক’লে
: " ইহ ইমান ডাঙৰ ছোৱালী জনীক কেনেকৈ নমাই দিব পাৰিম আকৌ ? মানুহেই বা মোক বুলিব কি ? মই বাৰু ড্রাইভাৰক কৈ ৰখাই দিম । আপুনি অলপ কষ্টকৰি নিজেই নামি যাব দেই । " কণ্ডাক্টৰেও তেওৰ সতে একে ষ্টাইলতে উত্তৰ দিলে

বছ ইমান পৰে সকলোৱে ওঁঠ টিপি ভেটা দি ৰখা হাঁহিতোৱে পাৰ ভাঙি বাছখনকে কপাই তুলিলে । ইফালে টেট বাইদেউৰ অৱস্থা কাঢ়িল । চর্ট চার্কিতত এম চি বি ট্রিপ কৰা দি ট্রিপ কৰি লাজতে ৰঙচুৱা হৈ আবেলি অভিমুখী আকাশখনলে চাই ৰ’ল মন চন সেমেকাই । এটা সময়ত পানীতোলাত বাছখন ৰখালে আৰু বাইদেউ তলমুৰ কৰি নামি গ’ল । কাকো একো নোকোৱাকে আৰু কালৈও এবাৰো নোচোৱাকে ।
শেষৰ চিটৰ কলেজীয়া চেঙেলীয়া কেইটাই বাইদেউ নামি যাওতে বাইদেউকে দেখুৱাই, বাই দিফল্ট বেক পকেট শুৱনি কৰা বহী সদৃশ অমুল্য সম্পদ বিধেৰে নিজকে বিছি বিছি একেলগে ক'লে “উফফফফফফফফফফ ”

Friday 19 July 2013

আর্কিমিদিছৰ ইউৰেকা ইউৰেকা , হাঁহিৰামৰ আমেৰিকা আমেৰিকা





: চাৰ বিগত এটা দশকত ৰাজ্য খনততো এশ এবুৰি সমস্যাই জুমুৰি দি ধৰিছেহে ? এই বিষয়ে আপুনি কি কব ? সমস্যা সমধানৰ ক্ষেত্রত আপোনাৰ চৰকাৰ সম্পুর্ণ ৰুপে ব্যর্থ হোৱা নাইনে বাৰু ??
: হেৰা কি , কি কথা ক
বলে আহিছা হে হা ? কি কথা কবলে আহিছা ? ব ব ব ব কোনে কৈছে হে সমস্যা আছে বুলি , হে কোনে কৈছে  । এই বোৰ সব বিৰোধীৰ ষড়যন্ত্র বুইছা চব বিৰোধীৰ ষড়যন্ত্র ।
: পিছে চাৰ বিৰোধী বুলিবলে কোনো নায়েই দেখোন ? আপুনি পৰোক্ষভাৱে বিসম্বাদৰ কথা কৈছে নেকি ?
: হেৰা মই মুখ্যমন্ত্রী আছিলো এতিয়াও হয় আৰু আগলৈও থাকিম । কোনো বিসম্বাদে মোক লৰাব নোৱাৰে ?
: আপুনি মুখ্যামন্ত্রী আছে আছিল আগলৈও থাকিব বুলি জানি ভাল পালো । পিছে সমস্যা বোৰৰ সমাধানকলৈ কেনে ধৰণৰ পদক্ষেপ ল
ম বুলি ভাবিছে ?
: কি বাৰে বাৰে সমস্যা সমস্যা কৰি আছা হে ? ক
ত সমস্যা আছে দেখুৱাই দিয়া আকৌ ?
: চাৰ বানপানী সমস্যা । প্রতিবছৰেই যে হাজাৰ হাজাৰ মানুহে জীয়াতো ভোগে ?
যিটো আজিলৈকে সমাধান নহল ?
: কি কোৱা হে সেইটোতো যোৱা বছৰেই সমধান কৰি দিছিলো । যে বানপানী ক
ত নহয় হেৰৌ আমেৰিকাটো বানপানী হয় । তাতে জাপানগৈ কলগছৰ আইডিয়াটো শিকি আহি বুজাই দিছিলোৱেই দেখোন । আৰু কি বেলেগাই সমধান কৰিমহে ?
: হয় চাৰ পিছে এই হত্যা হিংসা বোমা বাৰুদ উগ্রপন্থী ?
: আৰে এইবোৰ ক
ত নাথাকে হা ? আমেৰিকাটো হত্যা হিংসা বোমা বাৰুদ উগ্রপন্থীয়ে আক্রমন কৰে দেখা নাই । তাকো লাডেনৰ দৰে ভয়ানক উগ্রপন্থীয়ে ।
: কিন্তু চাৰ লাডেনকটো মাৰি পেলাইছে তেওলোকে ।
: আচৰিত দেই তুমি । দেখা নাই ময়ো আলফা এনডি এফ বিক বন্দুক আতৰাই শান্তি আলোচনাৰ বাবে আমাৰ ইয়াত ৰাজকীয় আতিথ্য দি ৰাখিছো । মই কৰা বোৰ নেদেখাই একেবাৰে হুহ ।
: বাৰু চাৰ সেই খিনিলৈকে মানি ললো । কিন্তু চাৰ এই যে বজাৰত জুই লগোৱা চিণ্ডিকেট ? এই বিষয়ে কি কব ।
: হেৰৌ মিছা ক
লে কি ডাল হব চিণ্ডিকেট কত নাই । মইটো জানো যে  আমেৰিকাটো চিণ্ডিকেট আছে ।
: আৰু চাৰ যোৱা কালি যে আপোনাৰ ঘৰৰ থিক কাষৰ ঘৰটোতে চুৰি হল তাৰ বিষয়ে কি কব ।
: হেৰা চোৱা এই সৰু সৰু কথা বোৰৰ বাবে মোৰ একেবাৰে টাইম নাই । চুৰি ক
ত নহয় আমেৰিকাটো চুৰি হয় । তাতে ইমান চিন্তা কৰিব লগিয়া কিটো আছে হে ।
: চাৰ আপুনি প্রতিটো কথাতে আমেৰিকাৰ সতে তুলনা কৰে কিয় ?
: মিছা ক
লে কি ডাল হব । অসম আজি পিছ পৰা বা উন্নয়নশীল ৰাজ্য হৈ থকা নাই । অসম আজি উন্নতিৰ পথত দোপদ দোপে আগবাঢ়িছে । চোৱা আজি তুমি সোধা প্রতিটো সমস্যাই আমেৰিকাৰ সতে মিলে ।  বানপানী চিণ্ডিকেত বোমা বাৰুদ উগ্রপন্থী চুৰি ডকাইতি দুর্নীতি এই সকলো বোৰ আমেৰিকাটো আছে আৰু অসমটো আছে । তাৰমানে কি বুজিলা ? তাৰমানে হল আমি আমেৰিকাৰ সতে ফেৰ মাৰি আছো সমানে সমানে । আমেৰিকাৰ সতে ফেৰ মাৰিব পৰাটো কম কথা নেকি ? কেইখন ৰাজ্যই পাৰিছে তেনে কৰিব ? সেইটোও দেট ইজ অলচ ইম্পটেন্ট মেটাৰ বুজিলা । কৈ থলো কিন্তু ।
: কিন্তু চাৰ আপুনি আমেৰিকাক ইমান ভাল পাই । আমেৰিকাকে আদর্শ হিচাপে লয় তেনেস্থলত আপুনি গৌৰৱৰ বাবে আমেৰিকাৰ সলনি ব্রিটেইনৰ কইনা কিয় পচন্দ কৰিলে ?
: কি ক
বা সেইবোৰ ভিতৰুৱা কথা । আচলতে মই আমেৰিকাতে ছোৱালী এজনী চাই খাটাং কৰিছিলোৱেই । আমাৰ এৱোও ভাল পাইছিল । পিছে আজি কালিৰ লৰা ছোৱালী জানাই সিহতৰ পচন্দৰ লগত আমাৰ পচন্দ নিমিলে । তাতে বাহিৰত পঢ়ি অহা লৰা । তথাপিও আমেৰিকাৰ কথা ভাবি মই জোৰ দিছিলো । নাই নামনিল ওলোটাই পৰৱর্তী মুখ্যমন্ত্রী নহও বুলি নেখাই নবই ৰোহ ঘৰতহে সোমাল । বাহিৰৰ বিসম্বাদেই পাইছে গৈ ঘৰতে বিসম্বাদ সহিব নোৱাৰি আৰু । তাতে আজি কালি চিনেমা হলত গৈও চুই-চাইড এটেম্প কৰে । সেয়ে সাতে সোতৰই মিলাই এইবাৰ ৰাজ্যৰ সমস্যাৰ সমাধান বিছাৰি লণ্ডন যাওতে বিয়ৈৰ ঘৰত থিয়ৈ থিয়ৈ সোমাই তামোল পান এযোৰ পেলাই আহিলো আৰু । মিছা কলে কি ডাল হব আমেৰিকা খন অসমত কৈ লণ্ডনৰ পৰা বেছি ওচৰৰ পৰা ভালকৈ দেখা পাই । সেয়ে বিয়ৈ ঘৰলে গলেই আৰু কিবা কিবা নতুন কথা বিয়ৈৰ বেলকনিৰ পৰা চাই চাই শিকি আহিব পাৰিম ।
: বৰ ভাল কৰিলে চাৰ । পিছে চাৰ যি হল হল বিয়াখনকে আমেৰিকাত পাতি দিয়ক আৰু ।
: একদম মুখৰ কথা কৈছা হে । বিয়া আমেৰিকাটেই হব । পিছে এতিয়া যাও । বহুত কাম কৰিব আছে । বহু উন্নতি সাধিব আছে । সেয়ে গুগুলত আমেৰিকাৰ বিষয়ে আৰু অলপ পঢ়োগৈ বুইছা । তোমালোকেও আমেৰিকাৰ কথা ভালকৈ জানি বুজি লবা দেই বৰ কামত আহে সময়ত ।

::মৰেল = মাৰিল অফ দি কাহিনী ::
অসমত যিয়েই সমস্যা নহওক কিয় তাক প্রথমে আমেৰিকাৰ সতে মিলাব লাগিব । যদি মিলি যায় তেনেহ
লে সমস্যা সমধান বুলি নিচিন্ত মনে শুই পৰক । আৰু মজাৰ কথাটো হল প্রতিতো সমস্যাই মিলি আহিছে আৰু আগলৈও মিলি যাব ।

কন-ফিউজন :: আমেৰিকা কোনো আবিষ্কাৰ কৰিছিল আচলতে কলম্বাছে নে হাঁহিৰামে ??

Monday 15 July 2013

*** এনেই বুঢ়ী নাছনী তাতে বুঢ়াও আজি অনলাইন ***


---------------------------------------------

বুঢ়া :: হৌৰা ..
বুঢ়ী :: অ হৌৰা কোৱা ।
বুঢ়া :: হাও দু ইউ দু ?
বুঢ়ী :: ডাক্টৰৰ ঘৰলে মাজে মাজে আলহী খাবলে যোৱাকে ধৰি কোনোমতে ফাইন আৰু দেই । তুমি পিছে হাও ?
বুঢ়া :: মোৰো চেম চেম । এই মাত্র ভাত খাই উঠি খুন্দা তামোল এখনে মূহুদি কৰিছিলো পিছে তামোলে মুৰত ধৰি মোৰ উশাহ নুঘুৰিছিলেই বুজিছানে । তোমাক অনলাইন দেখিলত হে অক্সিজেন অলপ পোৱা যেন পাইছো ।
বুঢ়ী :: ইহ কি যে কোৱা, লাজতে মোৰ সোতোৰা গাল খনত লাজৰ ৰঙচুৱা দোতোৰা বাজি গৈছে পাই ।
বুঢ়া :: আয়ৈ দেহি, এই বয়সতো তাৰ মানে তোমাৰ লাজ তজবজিয়াই হৈ আছে । বেলেগ আৰু দেই ।
বুঢ়ী :: যাহ এইডাল কি নো কৈ থাকা আৰু তোমাৰ কথাত হাঁহি উঠি তমোলৰ পিক মনিটৰত পৰি মনিটৰ টোৱেই লাজ বৰণীয়া হৈ গ’ল হে । :পি
বুঢ়া :: হয়নে .... :ডি
বুঢ়ী :: আৰু কি... পিছে এমুঠি ল’লা নে নাই
বুঢ়া :: ল’লো ল’লো এমুঠি লৈ আজৰি হৈ দাঁত যোৰ খুলি সযতনে থৈ হে তোমাৰ সতে কথা পাতিব বহিছো
বুঢ়ী :: কথা পতাৰ লগত আকৌ দাঁত যোৰৰ কি সম্পর্ক?
বুঢ়া :: নাই মানে তোমাৰ লগত কথা পাতি পাতি তোমাক জোকাই থাকোতে কেইবা বাৰো দাঁত কামোৰ খালো ঔ সেয়ে আজি দাঁত যোৰ খুলি মনোমোহা লাপুং হাঁহি লৈ মই বুঢ়াই তোমাৰ ফেছবুকৰ চোতালত মুঢ়া পাৰি বঢ়িছো । :পি
বুঢ়ী :: দেহী ঐ মোৰ লাপুং সোনামুৱাটো, ময়ো মোৰ ৰঙাকৈ দাঁতৰ আলু আৰু তামোলে ৰঙীন কৰা জিভা আৰু তালুৰে সৈতে তোমাক সাদৰ সম্ভাষন জনালো :পি
বুঢ়া :: হেঃ হেঃ হেঃ,,,, আহহহহহহ্..
বুঢ়ী :: কি হ’ল???
বুঢ়া :: নাই একো নাই
বুঢ়ী :: কি হ’ল কোৱা আকৌ
বুঢ়া :: নাই ঔ ককালটো কেছেক কৰিলে ঘপহ কে...আঠুটোৱো মাজে মাজে বিষাই যে অকন মান বিষাই গ’ল । একো নাই আল ইজ ৱেল আল ইজ ৱেল । তুমি পিছে কি কৰি আছা এতিয়া ।
বুঢ়ী :: মোৰ বাদ দিয়া । তোমাৰ কি বেছিকে বিষাই চে নেকি?
বুঢ়া :: নাই ঔ এই ময়সত মাজে মাজে হয় আৰু তুমিও জানা দেখোন ।
৭০ তা বসন্তই গৰকি যোৱা দেহা,
চুগাৰ প্রেছাৰ ইউৰিক এচিডে পাতিছে ৰমৰমীয়া বেহা । :পি
বুঢ়ী :: তুমিও যে আৰু বেমাৰটো কবিতা নেৰিলা । কলেজৰ দিনৰ ৰস এতিয়াও লথপথপাই আছে দেই ।
বুঢ়া :: কি কৰিবা কুকুৰ নেজৰ কথা আৰু বেলেগাই কি ক’ম তোমাক ।
বুঢ়ী :: হেঃ হেঃ হেঃ । পিচে এটা কথা তোমাক ৭০ টা বসন্তই গৰকিব পাৰে মোক কিন্তু আজিও মাত্র ১৯ বসন্তই হে গৰকাৰ সাহস কৰিছে ।
বুঢ়া :: হয় নে !!! তোমাৰো সেই কলেজৰ দিনৰে পৰা ৰুপ যৌৱনক লৈ ফিতাহি মৰা অভ্যাস টো নগ’ল আৰু ন?
বুঢ়ী :: ফিতাহি ?? কি ক’ব বিচাৰিছা তুমি ?
বুঢ়া :: একো নাই, একো নাই, বাদ দিয়া
বুঢ়ী :: বাদ দিয়া বুলি ক’লেই বাদ দিম নে ।হেৰা.. ছোৱালী জনীৰ ঘৰলে যাওতে মোক দেখি চাৰিআলি মুৰৰ ডঙুৱা কেইটাই আগৰদৰে হুইছেল নামাৰিলে কি হ’ল ! মোৰ পাকঘৰৰ কুকাৰটোৱে মোৰ উপস্থিতিত দেইলি তিনি চাৰিটাকে হুইছেল মাৰে বুজিছা । এতিয়াও মোৰ প্রফাইল পিকচাৰত ১৮৫ টা লাইক আৰু ১১৯ টা কমেন্ট । মোৰ এটো মাথো “গুদ মৰনিংত” মিনিমাম ৭০ টা লাইকে লাইন পাতি থাকে । ধুনীয়া ল’ৰা বোৰে টেগ কৰি কৰি ব’ৰো কৰি দিয়ে বুজিছা ।এতিয়া কোৱা মই ফিতাহি মাৰিছো বুলি । হুঁহ ..
বুঢ়া :: বাপৰে ফুল অন জৱানী তাৰমানে, তুমি তাৰমানে ৰেখাৰ দৰে চিৰ সেউজ, অনন্য একেবাৰে। কবিতাই ওলাই যায় আৰু মোৰ দেই ..
হে মহিয়সী মহান তোমাৰ জীৱন যৌৱন,
লাখুটী লোৱা লাহি খোজেৰে জিপাল কৰাহি মোৰ বুকুৰ মৌ-বন ।
পিছে মিছা নকও গল্দেন ফ্রেমৰ চচমা জোৰেৰে লাখুটী ডাল কাষত ৰাখি ৰুপোৱালি প্রলেপ সনা মেঘালী চুলিৰে আৰমী চকীত বহি মৰা প্রফাইল পিক খনত থকা তুমি জনী সচাই ১৯ বছৰীয়া যেনেই লাগিছে ।
বুঢ়ী :: ইহ , তেল মাৰিছে চোৱা । তোমাকো ভেচমল কেছকালা লগোৱা কিছকিছিয়া চাইনিং মাৰি থকা ক’লা চুলিৰে একেবাৰে চফল ডেকাতো যেনেই লাগিছে আৰু
বুঢ়া :: হেঃ হেঃ হেঃ..ঐ কথা এটা কও খং নকৰাটো ।
বুঢ়ী :: কি কথা নো ?
বুঢ়া :: সেই তাহানিৰে পৰা ককবকাই থকা মনৰ ভাৱ এটা । তোমাক ফেছবুকত লগ পোৱাৰে পৰা আকৌ উকমুকাই উঠিছে হে ।
বুঢ়ী :: এহ কি নো পাক লগা কথা বোৰ কৈ থাকা । কোৱা কিহে খুন্দিয়াই আছে তোমাৰ মনৰ মাজত ।খং নকৰো বাৰু ।
বুঢ়া :: নাই মানে সেই তেতিয়াৰ দিনৰে পৰা তোমাৰ খংটো আকৌ বেছি নহয় । মোৰ কথাত খং উঠি লাঘুটিৰে আক্রমন চলালে কম্পিউটাৰটো হে চিৰদিনলে ঘুণীয়া হৈ যাব । :পি
বুঢ়ী :: এহ এইডাল। কোৱা না কি ক’ব খুজিছা ।
বুঢ়া :: কথাটো হ’ল....
বুঢ়ী :: কোৱা ৰৈ গ’লা যে....
বুঢ়া :: এহ ৰ’বা কথাটো ক’ব লওতেই বুকুখন বিষাই উশাহটো আকৌ ঘুৰাব নোৱাৰা হৈছিলো ঔ অক্সিজেন স্প্রে’ টো মাৰিলত হে ভাল লাগিছে ।
বুঢ়ী :: হ’ব তেনেহ’লে তুমি ৰেষ্ট লোৱা এতিয়া । পিছত ভাল পালে ক’বা ।
বুঢ়া :: নাই নাই আজি মই কমেই ক’ম । কিমান দিনৰ মুৰত যে সাহস গোটাইছো । আজি নক’লে আৰু কোৱা নহ’ব আৰু কোনো কাহানিও ।
বুঢ়ী :: কোৱা আকৌ তেনেহ’লে ।
বুঢ়া :: আচলতে কি জানা জেতুকী সেই কলেজৰ দিনৰে পৰা বুকুত বান্ধি লৈ ফুৰিছো এই কথা খিনি । তুমি বেয়া পোৱা বা মোৰ সতে মাত বোল বন্ধ কৰাৰ ভয়তেই কোৱা নহ’ল । সময়ৰ লগত বহু বিষ আহিল বহু বিষ গ’ল পিছে এই বিষটো বুকুৰ কোনোবা কোনত স্থায়ী হৈ ৰ’ল ।
বুঢ়ী :: কি আকৌ বুকু খন বিষাইচে নেকি ?? অক্সিজেন স্প্রেটো মাৰি দিয়া আকৌ
বুঢ়া :: ধেই এই জনী এইটো সেইটাইপৰ বুকুৰ বিষ নহয় ঔ,ষোল্ল বছৰ বয়সতে হোৱা বুকুৰ বিষ ।অক্সিজেন স্প্রেয়ে কাম নিদিয়ে ইয়াত ।
বুঢ়ী :: তুমি ব’ৰ কৰিছা আৰু দেই কি ক’ব আছে খোলা খুলিকে কৈ দিয়া নহ’লে মই অফলাইন হম আৰু এতিয়া ।
বুঢ়া :: হেই কি কৰা কি কৰা । খং নকৰো বুলি কৈ খং কৰিছা যে । শুনা শুনা দাইৰেক্ট কৈ দিও আৰু তোমাক । লাজ ভয় সকলোবোৰ চুৰীয়াৰ জেপত ভৰাই তোমাক কৈয়ে দিও আৰু তেনেহ’লে ।
বুঢ়ী :: অ ভাল বুঢ়া টো হৈ পটকে কৈ দিয়া ।
বুঢ়া :: আচলতে মই তোমাক ভাল পাও । সেই কলেজৰ দিনৰে পৰা ভাল পাও.. তেতিয়া মই তোমাক কও মানে তোমাক বিয়াই দিয়েই দিলে আনলে । ফেছবুকত তোমাৰ সতে দেইলি চাট কৰি কৰি তোমাক আকৌ আগৰ দৰেই ভাল পাই পেলালো ঔ জেতুকী ।
বুঢ়ী :: .................
বুঢ়া :: আছা নে তুমি ?
বুঢ়ী :: ওম আছো.......
বুঢ়া :: কি হ’ল মনে মনে ৰ’লা যে
বুঢ়ী :: নাই ভাবিয়েই পোৱা নাই কথাটো
বুঢ়া :: কিয় ইয়াতে ভাবিবলে কি আছে ক’বলে থাকি যোৱা মনৰ কথা হে কৈছো কিবা
বুঢ়ী :: হমমমমম...
বুঢ়া :: কি হ’ল কিবা এটা কোৱা আকৌ । বেয়া পালা ন মোৰ কথাবোৰ শুনি
বুঢ়ী :: নাই ঔ । কিয় বেয়া পাম মনৰ কথা বোৰ খোলা খুলিকে কৈছা যেতিয়া বেয়া পাবলে কি আছে নো ।
বুঢ়া :: তেনেহ’লে ?
বুঢ়ী :: তুমি কিয় যে নক’লা তেতিয়াই সেই কথা হে ভাবিছো । মইয়ো তোমাক কিমান আঁৰ চকুৰে চালো মোৰো বৰ ভাল লাগিছিল তোমাক । নিজৰ কৰি পাবলে বৰ মন গৈছিল ।
বুঢ়া :: হা ........... কি ????????????
বুঢ়ী :: অ ..সছাকে কৈছো । তোমাৰ শপত ।
বুঢ়া :: ইছ ইছ ইছছছছছছছ .... কিয় যে নক’লো তেতিয়াই । ধুইৎ চাল্লা ।
বুঢ়ী :: একো নাই, সেইবোৰ ভাবি এতিয়া একো লাভ নাই । যি হ’ল হ’ল আৰু জন্ম মৃত্যু বিবাহত আমি নৰমনিচৰ কোনো হাত নাই বুজিছা । গতিক এই সকলো তেৰাৰেই কৃপা । আজি জুকাৰ বার্গো আজি দেবদুত হৈ তোমাক মোক মনৰ কথা মুকলিকে পতাৰ সুযোগ দিলে । গতিকে ভগৱান আৰু জুকাৰবার্গে যি কৰে ভালৰ বাবেই কৰে বুজিছা ।
বুঢ়া :: বুজিছো পিছে মোৰ কথাটো কি হ’ব ।
বুঢ়ী :: কি হ’ব মানে
বুঢ়া :: মই যে তোমাক এতিয়াও ভাল পাঁও । তোমাক কাষত পাব বিছাৰো ।
বুঢ়ী :: কি ?????????????????
বুঢ়া :: অ আকৌ ।
বুঢ়ী ::...............
বুঢ়া :: কি হ’ল একো নক’লা যে ?
বুঢ়ী :: ..................
বুঢ়া :: হেৰা শুনিছা নে নাই ।
বুঢ়ী :: ছছছছছছছ... ৰ’বা নাতিটোৱে সাৰ পাই গ’ল মই কি বুলি চিঞৰি দিয়াত । তাক শুৱাই লও ।
বুঢ়া :: অ....
বুঢ়ী :: অ কোৱা । এই বয়সত জানো সেই বোৰ সম্ভৱ । মানুহে কি বুলিব । তুমি মই দুয়ো চাৰি পাঁচটা নাতি নাতিনিৰ ককাক আইতাক ।
বুঢ়া :: পিছে কি হ’ল । মইটো নহয় বুলি কোৱা নাই ।
বুঢ়ী :: তেনেহ’লে ? কি বিছাৰিছা ভাল কে বুজাই দিয়া ।
বুঢ়া :: চোৱা তোমাৰো তেও আজি আমাৰ মাজত নাই আৰু মোৰ এৱো আজি আমাৰ মাজত নাই । গতিকে আমি বন্ধু হিছাপে ইজনে সিজনৰ সংগ দিয়াত কি আপত্তি । ময়ো জানো যে আমাৰ এতিয়া পার্কত বহি জোপোহাৰ আঁৰত ৰৈ শালিকী প্রেম কৰাৰ দিন নাই । মই মাথো বিছাৰো জীয়াই থকাৰ এই শেষ দিন কেইটা তুমি মই একেলগে থাকো আৰু আন্তৰিকতাৰে পাৰ কৰো প্রতিটো ক্ষন । একেলগে স্মৃতিৰ সেই পুৰণি চহৰ খনত ফুৰিবলে যাও আৰু নষ্টালজিক হৈ পৰো সামৰণিৰ এই সুৰীয়া সময় খিনিত । প্রকাশ কৰো ইজনে সিজনৰ সমুখত আগতে অপ্রকাশিত হৈ থাকি যোৱা আৱেগ অনুভুতি বোৰ ।
বুঢ়ী :: সেই খিনিটো বুজিছো । কিনতু ই কেনেকৈ সম্ভৱ । ঘৰৰ মানুহক কি বুলি ক’বা ? সকলোৱে এই বুঢ়া বুঢ়ীৰ পৰকিতি লৰিছে বুলি নাঁহাহিব নে?
বুঢ়া :: তুমি সেই বোৰ একো চিন্তা নকৰিবা । মই সব থিক কৰি দিম । আৰু ঘৰৰ মানুহৰ কথা কিয় চিন্তা কৰা আৰু সিহতেতো আমাক এক্সপায়াৰ দেট পাৰ হোৱা ঔষধৰ দৰে হে বেৱহাৰ কৰে । গতিকে আমি সিহতৰ কথাত কিয় মুৰ ঘমাও । তাতকৈ সিহতক আমাৰ বোজাৰ পৰা মুক্ত হে কৰি দিয়া উচিত ।
বুঢ়ী :: উপাইটো কি তেনেহ’লে । আমি থাকিম ক’ত । খাম কি । মোৰ কফ বুকুৰ বিষ ডাক্টৰ এই বোৰ কোনে চাব ?
বুঢ়া :: আৰে মই ক’লোৱেইটো মই সকলো থিক কৰি আহিছো ইতোমধ্যেই । নগৰৰ সিটো মুৰত এটা অল্ড এজ হ’ম আছে । তাতে তোমাৰ মোৰ দৰে বহুতো বুঢ়া বুঢ়ী থাকে যি জীৱনৰ শেষ সময় খিনি আনক আমনি নকৰাকে নিজৰ মাজতে কটাব খোজে ।
বুঢ়ী :: বাপৰে তুমি দেখোন দেঞ্জাৰ মানুহ সব ৰেডী কৰিয়ে থৈছা । পিছে নাতি কেইটাক কেনেকে এৰি থাকিম । সিহতে তো মোক যাবলে নিদিব ।
বুঢ়া :: তাৰো উপাই কৰি থৈছো । প্রতি ৰবি বাৰে আমি গৈ সিহতৰ সতে দিনটো কটাম সাধু ক’ম, খেলা খেলিম নাচিম বাগিম । মুঠতে সপ্তাহত এটা দিন সম্পূর্ণ সিহতৰ নামত ।
বুঢ়ী :: অ তোমাৰ মেনেজমেন্ট স্কিল দেখোন এতিয়াও সেই কলেজৰ ইউনিয়ন চম্ভলাৰ দৰে একেই আছে ।
বুঢ়া :: :)
বুঢ়ী :: ইছছছছ কথা বোৰ ভাবি বুঢ়া বয়সতো মনটো নাছি উঠিছে দেখোন ঔ ।
বুঢ়া :: প্রেম এনেকুৱাই বুজিছা
প্রেমে নেমানে বয়সৰ বাধা ,
প্রেমৰ বয়স সদায় বত্রিছৰ আধা ।
বুঢ়ী :: চান্স পালেই কবিতা কৰ’বাৰ পৰা ঢপলিয়াই আহে আৰু ন ?
বুঢ়া :: নক’ব আৰু তোমাৰ সুখদ উপস্থিতিয়েই এই সকলোবোৰৰ বাবে দায়ী ।
বুঢ়ী :: ৱাহ ৱাহ ৱাহ । কথা ক’বলে দিবা আৰু ।
বুঢ়া :: :পি
বুঢ়ী :: ঐ :পি কে বটচে । বোৱাৰীয়ে ভুমুকীয়াই চাই গ’ল হি জানানে । ভাবিছে চাগে এই বুঢ়ীয়ে ‘মৰিলো ঔ’ বুলি ষ্টেটাছ আপদেট দি হে ফেছবুক সামৰিব চাগে । লাজেই লাগি গৈছে পাই ।
বুঢ়া :: হা: হা: হা: । ৰাতি খন ভাল হঁহুৱালা দেই । হা: হা: হা:
বুঢ়ী :: চাল্লা লাপুং বুঢ়া ৰঙচুৱা আলু নিকটাইছে চা ।
বুঢ়া :: কি ক’বা .........
তুমি অবিহনে এতিয়া মোৰ জীৱনেই অসাৰ
তোমাক অনলাইন দেখিলেই ধপধপাই বুকুত লোগোৱা লাখটকীয়া প্রেছমেকাৰ
তোমাৰ ৰুপালী চুলিটাৰীত ফুলে শৰতৰ কহুৱা ফুল
তোমাৰে সতে চাট কৰিলেই দেহত চুগাৰে দেখোন কৰে গন্দগোল
খুলি থোৱা দাঁতত সোমাই ৰই মাংসৰ সৰু সৰু টুকুৰা
তুমি :পি :দি বুলি হাঁহি দিলেই বুকুত জ্বলে পিৰিতিৰ জুই একুৰা
লাচিতৰ হেংডাং যেন তোমাৰ মনোমোহা লাখুটি
তোমাক অনলাইনেই নহয় অফলাইনতো পাবলে লগাম মৰমৰ হাকুতী
বিষ খোপ জ্বৰ আৰু ডাক্টৰ ,ঔষধ এক্সৰে আৰু প্রেচক্রিপচন
এই সকলোবোৰ আওকান কৰি মিলিব অচিৰেই আমি দুয়োৰে মন
ওলাই থাকিবা ৰিহা মেখেলাৰে সাজি ৰচকী জনী হৈ
ময়ো আহিম ধুতি পাইজামাৰে সাজি কাছি আবেলি তোমাক একেবাৰে নিবলৈ ।।

বুঢ়ী :: অ’ মাআআ... ক’তে মৰো এই বুঢ়াক আজি কিহে পালে পাচিয়ে পাচিয়ে কবিতা ওলাইছে দেখোন।
পিছে এই কবিতা বোৰৰ কপিৰাইট মোৰেই আছে নে ? নে বহু ঠাইত ইতিমধ্যে পাইৰেচি হৈছে ??
বুঢ়া :: ইয়েয়য়.. মই কিবা তেনেকুৱা বুলি ভাবা নেকি ?
বুঢ়ী :: ভাবিছো বুলি নো কেতিয়া ক’লো সুধিছিহে কিবা ?
বুঢ়া :: নুসুধিবা তেনেকথা সুধিলে মই দুখ পাও ।
বুঢ়ী :: ইছছছছ... হয় নেকি । পিছে তোমাৰ ফ্রেন্দ লিষ্টত মোৰ ডাঙৰ জনী বোৱাৰী শেৱালি,কলিমনৰ জীয়েক জোনাকী, মুহিধৰৰ লচপচী ঘৈনিয়েক বৈজয়ন্তীও আছে যে কথাটো কি ?
বুঢ়া :: আ.. আছে.. পিছে কি হ’ল ?
বুঢ়ী :: কি হ’ল মানে ? সেই ফুকলিয়া ছোৱালী কেইজনীয়ে আকৌ তোমাৰ ফ্রেন্দ লিষ্টত কি কৰিছে । মুৰত ওৰণিৰ ঠাইত তোমাৰ ফ্রেন্দ লিষ্ট হে শুৱনি কৰিছে যে কথাটো কি ?
বুঢ়া :: হৌৰা তুমি মোৰ প্রেছাৰ ১১০/১৪০ কৰিম বুলি লাগিছা নেকি হা ! তোমালোক মাইকী মানুহবোৰ কেলে এনেকুৱা বাৰু । মোৰ ফ্রেন্দ লিষ্ট খন আকৌ কেলেনো খুচৰি অশান্তি চপাব লাগে ।
বুঢ়ী :: অ এতিয়া মই হে অশান্তি কৰিলো । হ’ব ৰাতি খন এই বোৰ শুনাবলৈকে মোক ৰাখী থৈছিলা ন ।
বুঢ়া :: চেহ অবুজন কিয় হোৱা নো । মোৰ তেনেকে কোৱা নাই নহয় ।
বুঢ়ী :: হ’ব হ’ব মই চব বুজিছো । মোক বুজাব নেলাগে । মইটো অশান্তি দিয়া মানুহ হে । যোৱা যোৱা তোমাৰ মৰমৰ বৈজয়ন্তী এতিয়াও অনলাইন আছে । মোক কিয় চিঞৰি আছা । তাইকে কবিতা গাই সুনোৱাগে ।
বুঢ়া :: হেৰা তোমালোক ইমান সন্দেহবাদী কিয় । হেৰৌ ফেছবুক হৈছে এটা সম্পুর্ন সামাজিক নেটৱর্কিং চাইট । ইয়াতে বিভিন্ন জনে বিভিন্ন জনৰ সতে বন্ধুত্ব গঢ়িব পাৰে । বয়সৰ সীমাৰ উর্ধত ইয়াৰ পৰিসৰ ১৬ বছৰীয়া এজনো ৬০ বছৰীয়া এজনৰ অন্তৰংগ বন্ধু হৈ পৰিব পাৰে । ইয়াতে জাতি বর্ণ নির্বিশেষে লিংগ ভেদ নোহোৱাকে সকলো স্তৰৰ মনুহৰ সতে মত বিনিময় কৰিব পাৰি লগতে নতুন নতুন সৃষ্টিৰে মানসিক উৎকর্ষও সাধন কৰিব পাৰি । মোৰ ফ্রেন্দ লিষ্টত কোন কোন আছে তাক খুচৰি খুচৰি মুৰৰ জুইকুৰা জ্বলোৱাত কৈ মনটো মুকলি কৰি বহল মনৰে মনৰ কথা পাতো আহা ।
বুঢ়ী :: বহল মনেৰে মানে ? অ মোৰ মনটো মানে ঠেক । মই মানে ঠেক মনৰ নিকৃষ্ট মানসিকতাৰ মানুহ । ঠিক তেনেকৈ ক’লা টো, যোৱা আজিৰ পৰা মই তোমাক নামাতো আৰু । যি কেইজনী ৰুপহী নাতেসৰী আছে সেই কেইজনীৰ সতেই লিলিমাই কৰা গৈ মোক আমনি নকৰিবা আৰু ।
বুঢ়া :: হৌৰা তোমাৰ হৈছে কি তিল টোকে তাল মানে বৰতাল বনাই বজাই দিছা যে ?
বুঢ়ী :: আৰু কি মই কিবা ঠেক মনৰ মানুহ হে । তুমিয়েই বহল মনৰ মানুহ বহল হৈ থাকা মোক নামাতিবা ।
বুঢ়া :: হৌৰা হৌৰা ..শুনাচোন
বুঢ়ী :: ....................
বুঢ়া :: হেৰা.... কেলে এনেকুৱা কৰা নো???
বুঢ়ী :: .....................
বুঢ়া :: উফফফফ ... কি হৈছে... ক’ত গলা হয় নে.... মোৰ প্রেছাৰ উঠি মুৰ ঘুৰাই গৈছে হে ? এবাৰ মাত দিয়া চোন ।
বুঢ়ী :: .....................
বুঢ়া :: হেৰাআআআআ.....
বুঢ়ী :: আইতাৰ কফে ধৰি ফোপাই আছে খুব জোৰেৰে কাহিও আছে ... আপুনিও এতিয়া শুই থাকক ।............. মই তেওৰ নাতি নৈঋত ।
বুঢ়া :: ...........................আআহহহহহহ

**পিছ দিনা পুৱা দেখা গ’ল নগৰৰ আটাইতকৈ ব্যস্ত চিকিৎসালয়ৰ এটি পৰিষ্কাৰ কোঠালীত দুখন বিছনা ওচৰা ওচৰি কৈ ৰখা আছে তাতে দুজন বয়স্ক ব্যক্তিক চেলাইন দি অক্সিজনে মাস্ক লগাই শুৱাই ৰখা হৈছে । কাষতে তেও লোকৰ পুত্র বোৱাৰী নাতি নতিনি ৰৈ তেও লোকৰ ফালে চাই নিজৰ মাজতে আলোচনা কৰি আছে, যে যি হ’ব লগা আছিল হ’ল এতিয়া আৰু নহ’ব । আজিৰ পৰা নেট কানেকচন বন্ধ আৰু লেপটপ দেক্সটপ সকলো বোৰ পাছৱর্ড প্রটেক্টেদ । আৰু তেওলোকৰ বাবে এইমুহুর্তৰ পৰা ফেছবুক সম্পুর্ণ ৰুপে নিষিদ্ধ । ১০০% ভাল হোৱাৰ পিছত যদি অল্ড এজ হ’ম যাব বিছাৰে, একেলগে থাকিব বিচাৰে তেনেহ’লে সকলো চাই চিটি বিবেচনা কৰা হ’ব ।

{বি: দ্র: খুব সম্ভৱ তেও লোকে বুঢ়া বুঢ়ীৰ গোটেই কথা বতৰা খিনি পঢ়ি পেলালে কাৰণ বুঢ়া বুঢ়ীয়ে নিজ নিজ একাউন্টৰ পৰা লগ আউত কৰাৰ আগতেই ইতিমধ্যে হস্পিতেলতেই ইন হৈয়ে গ’ল নহয় }

(অলপ দীঘলেই হৈ গ'ল আমনি পালে গালি চালি নাপাৰিব আৰু দেই)

Saturday 13 July 2013

::আকৌ বাঁকৰ বচন::

১)
নাৰীৰ মাথো দুটাই ৰূপ, হয় ধুনীয়া নহয় পত্নী
২)
সোৱৰণী বোৰ মিঠাইৰ দৰেই এটুকুৰা খাই মন নভৰে ।
৩)
এটা কথা সকলোৱে বুজা উচিত যে দেশত কৈ ধর্ম ডাঙৰ নহয় ।
৪)
 এটি সুভ দিনৰ বাবে মন আৰু পেট খোলোছা থকাও খুবেই জৰুৰী
৫)
শীত মাথো এটি ঋতু নহয়, গা-ধোৱা চবোনৰ ই দীর্ঘ ম্যাদী আয়ুস ৰেখা ।
৬)
আজি কালি প্রায় সকলোৱেই টকা খাই পিছে কেৰাণী পিয়নৰ হে নাম যায় ।
৭)
কাম ক্রোধ লোভ মোহ আৰু ফেছবুকৰ ওপৰত নিয়ন্ত্রন থকাজনহে আচল মানুহ 
৮)
নাৰীয়েই হওক বা গাড়ীয়েই হওক মেন্টেনেন্সৰ নামতেই তলি উদং হৈ যায় হে সদায় ।
৯)
সুখবোৰ থিক মোবাইলৰ নেটৱর্কৰ দৰেই, 
বেছি ভাগ সময়েই হয় বিজি নহয় নট ৰিচ্চেবল হৈ থাকে
১০)
নাই মোমাইত কৈ ONGC কলনিৰ জেঠপেহাই ভাল 
প্রতিবছৰে বিহুত দামী কাপোৰ আৰু পুজাত ৫০০ টকা দিয়ে।
১১)
বাস্তৱটো ইমানেই কঠিন , ইমানেই কঠিন যে  
কেতিয়াবা ফেছবুকৰ পৰাও আঁতৰত থাকিব লগিয়া হয়
১২)
মাতে কথাইনো কি আৰু খোৱা বোৱাটোহে মেইন
কাৰণ থিক চে নাখালে শুকাই খীনাই নোদোকা হোৱাৰ সম্ভাৱনাই বেছি ।