Thursday 15 August 2013

*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*


~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~

১)
আন কোনো নহয় আমি
নিজেই নিজৰ শতৰু,
সমস্যা আহিলেই লাহেকৈ
গা এৰা দি আতঁৰো ।
বোকা চটিওৱাৰ খেলত
আমি অতিকে সিদ্ধহস্ত,
সমুখৰ জনলে দোষটো থেলি
নিজে হঁও সন্তুষ্ট ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

২)
এই বোলে দুর্নীতিত পোত খোৱা চৰকাৰ
এই বোলে নেতা আমোলা চোৰ,
ভুল ক্রুটি অনিয়ম বেমেজালিৰ যেন
গাই থাকিলেও নপৰে ওৰ ।
ইফালে ভোটাধিকাৰ আকৌ
আমাৰ জন্মসিদ্ধ অধিকাৰ,
পিছে অধিকাৰ সাব্যস্ত কৰাৰ দিনা
ঘৰতেই উৎকন্ঠিত কোন বা হ’ব চৰকাৰ??

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৩)
টিভিয়ে মেলে মিটিঙে ডাঙৰ ডাঙৰ ভাষন,
পেপাৰতো লিখে সাপ্তাহিক একলম,
শিশু শ্রম বন্ধ কৰক, ভেদা ভেদ পৰিহাৰ কৰক
সানক ইজনে সিজনক মৰমৰ মলম ।।
কিন্তু ঘৰ উভতি ন বছৰীয়া কণমানি কামলাৰ হাতৰ
চাহ কাপ খাই জীয়েকক দিয়ে গালি,
হেৰৌ কেচাইখাইতী তইনো বাৰু বংশৰ মান মর্য্যদা ডুবাবলে
সেই নিহকুলীয়া নীচ জাতিৰ ল’ৰাটোকহে পালি ??

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৪)
চুকাফাৰ বৰ অসম আৰু শংকৰ মাধৱৰ
আশাশুধিয়া সংস্কাৰ সম্প্রীতিৰ গান,
লাচিত কনকলতা মুলাগাভৰুৰ লগতে
হাজাৰ হাজাৰ বীৰ শ্বহীদৰ ত্যাগ মূল্যৱান।
কিন্তু সকলো নিৰর্থক সকলো অসাৰ
নুবুজে কোনোও সেই ত্যাগৰ মূল্য,
কলিযুগৰ পাদুর্ভাৱত নিজতেই আমি ইমান মগন
যে হেৰুৱাইছো মানৱীয় প্রমূল্য ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৫)
এজাক সপোন যেন বৰষুন, আৰু
নর্দমাত প্রাণ পাই উঠে বানপানী,
ৰাজপথৰে গেলা পচা বোৰ ফেন ফুটুকা হৈ বৈ যায়
যেন সেইয়া মহানগৰীৰ সমুহীয়া চকুপানী ।
গালিত নিগৰে ক্ষোভ,চাল্লা নির্ষ্কমা পৌৰসভা
কটা নিষ্ক্রিয় প্রশাসন ,
পিছে নামানে কোনেও জাবৰ জোথৰ বোৰ
দাষ্টবিনত পেলোৱাৰ সামান্য অনুশাসন ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৬)
মই নিবনুৱা নাই মোৰ
চৰকাৰী চাকৰি,
বেকাৰ চৰকাৰ নাই কোনো এখন
আঁচনি দৰকাৰী ।
ইফালে পৰিলে পৰি ৰওক পিতাইৰ ঘামসনা
সেই তিনি পুৰাকৈ মাটি চন,
দৰকাৰ হ’লে চান্দা তুলি ফাংচন পাতি টকা ঘটিম
তথাপি নকৰো খেতি নালাগে তেনে স্বাৱলম্বন ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৭)
বোলো কাণে কাণে কথা এটা কও শুনা
‘তুমি মোক দিবা,ময়ো তোমাক দিম’
কোর্ট কাছাৰী অফিছ চাকৰি আনকি শিক্ষানুস্থানটো
এতিয়া এইটোৱেই অন্যতম থীম ।
এই দিয়া লোৱাটোৱেই দেশ খালে বুলি বকি বকি
টেবুলৰ তলে ওপৰে দিও যিমান পাৰো বাকি,
আৰু তেনেকৈয়ে প্রাপ্য জনক বঞ্চিত কৰি জ্বলাও
একমাত্র নিজৰ ঘৰৰ চাকি ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৮)
মোৰ দেশত ভোটাধিকাৰ সাব্যস্ত কৰিবলে আহিল
এজাক বিদেশী আলহী,
পিন্ধনত লুঙী মুৰত টুপি ফেন্সিং পাৰ হৈ
চুচৰি আঠুকাঢ়ি ।
মোৰ এলাহে এঙামুৰি দি সিহতক
দিলে দুবেলা দুসাজ,
চাওতে চাওতে সিহতে যো যা কৰিছে
কৰিবলে আমাৰ ওপৰত ৰাজ ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

৯)
নেতা হোৱাৰ আশাত ইটোৰ পিছত সিটোকৈ সংগঠন খুলি যা
কিয়নো দেখাক দেখি উঠে আমাৰ গা,
সমাধানৰ নামত এসাগৰ শূণ্যতাৰে
নিজৰ মুৰবোৰ নিজে নিজেই খা।
আন্দোলন অন্নশন, বন্ধ হৰতাল, হত্যা হিংসাত
দিশহাৰা অর্থনীতি, সংকটত সমুহীয়া জীৱন,
দাম দৰ মাৰি নিজৰ পকেট গৰম হ’লেই
পলাই পতং দিয়ে এনে বহু দেশ উদ্ধাৰৰ উদাহৰণ ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

১০)
আমি নিজকে চিনি নোপোৱা এক
মুখা পিন্ধা মেৰুদণ্ডহীন জাতি,
আনক অনুকৰণ কৰোতে কৰোতে
পাহৰিছো নিজৰেই খোজটি ।
মাথো আলোচনা সমালোচনাতেই
শেষ হয় সকলো,
সময় নাই কাৰো আনৰ দুখত
টুকিবলে এটুপি চকুলো ।
মই কেনেকৈ সুখত থাকিব পাৰো তাৰ চিন্তাত
মই আজি মোক লৈয়ে ব্যস্ত;
জহন্নামে যাওক এই দেশ দুনীয়া তাত মোৰ কি আহে যায়
মিছাই কিয় কৰো মাথা নষ্ট ।।

এইবোৰ দেখি শুনিয়েই হয় মাথা গৰম,লাগে বৰকৈ চৰম
পিছে যিয়েই নওক পৰিস্থিতি যিমানেই নহওক কথা বিষম,
*-----*-----“জয় হিন্দ” “জয় আই অসম”-----*------*

No comments:

Post a Comment