:: ফেছবুকৰ পিঠিত গাঁঠি দিলো ইউনিকোডৰ চিঠি খনি ::
---------------------------------------------------------------
প্রতি
দুই নং ছাত্রবাসৰ চুপাৰ চাৰ
বিষয় : কেইটিমান অকপট স্বীকাৰোক্তি তথা এধানি ক্ষমা প্রার্থনা ।
শ্রদ্ধাৰ চাৰ,
পোন প্রথমে নমষ্কাৰ গ্রহণ কৰিব । মৰম ল’ব, আর্শীবাদ দিব । এই
মুহুর্তত যদি মই কোনে কৈছো (?) ধৰণৰ ভাব এটাই আপোনাক আমনি দিছে । তেনেহ’লে
তাক একাষৰিয়া কৰি থৈ দিয়ক । বিশেষ ভাবিব নেলাগে । মই আন কোনো নহয় । উতলা
যৌৱনৰ বা লাগি মতলিয়া হৈ এসময়ত অতিশয় উৎপাত দুষ্টামি বদমাছিৰে আপোনাৰ চুলি
থিয় কৰি দি হাজাৰ বাৰ গালি খাই, দহ বাৰ বাৰকৈ লাষ্ট ৱার্ণিং পাইয়ো নিজকে
অকনো সলনি নকৰাকৈ ৰখা, আন দহজনৰ দৰে ময়ো এজন মই আপোনাৰ ছাত্রবাসৰেই
প্রাক্তন আৱাসী । চাৰ হোষ্টেল এৰা আজি বহুবছৰেই হ’ল । আপোনাকো লগ নোপোৱাও
বহু দিনেই হ’ল । পিছে মাজে মাজ উপলব্ধিৰ সীমনাত বহি এটাই ভাৱ আহে মনলে ।
পাকিস্থানী ৰাষ্ট্রপতিৰ বাবে তালিবান মুৰৰ কামোৰণি হৈ পৰা দি , সেই তিনিটা
বছৰত আমি বোৰ আপোনাৰ বাবে মুৰৰ কামোৰনি হৈ পৰিছিলো । আপোনাক জোকাই জ্বলাই
বৰকৈ সোৱাদ লৈছিলো । তাৰ বাবে এই মুহুর্তত অন্তৰেৰে অত্যন্ত দুখ প্রকাশ
কৰিছো ।
বচা বচা কেইটিমান অকপট স্বীকাৰোক্তি :
এক)
হয়
চাৰ আপুনি থিকেই ধৰিছে আপোনাৰ বাথৰুমৰ পৰা যে প্রায়েই চাবোন,চেম্পু,চেভিং
ক্রীম, ৰেজৰ, ব্লেড বাৰণ্ডাৰ বাল্ব যে হেৰাই তাৰ আঁৰত আমাৰেই প্রত্যক্ষ হাত
আছিল । আনকি ধুই শুকুৱাবলে মেলি থোৱা আপোনাৰ বাইদেউৰ নতুন শাৰীখনৰ চুৰি
কার্য্যটোও আমাৰ দ্বাৰাই সংঘটিত । আচলতে নাটক চাটক আদি কৰিলে লাগি থাকিব
পাৰে বুলি কৰা আমাৰে দুৰদর্শী চিন্তাৰেই ফচল সেইয়া ।
দুই)
নতুন ল’ৰা সোমালেই যে কেতিয়াবা মাজ নিশা, কেতিয়াবা পুৱতি নিশা লোহাৰ ৰডৰ
থেলেং থালং শব্দৰ লগতে জুনিয়ৰৰ গালত চৰ মৰাৰ দৰে চেটেপ চাটাপ শব্দবোৰ শুনি
আপুনি শোৱা পাতিৰ পৰা বেত এডাললৈ দৌৰি আহিছিল । সেইয়া আচলতে কোনো ৰেগিংৰ
শব্দ নাছিল । মাজনিশা আপোনাৰ টোপনি ভাঙি ৰং চোৱাৰ হেঁপাহত আঠুৱাৰ ষ্টিক
পকাত পেলাই আৰু বাটা চেণ্ডেলেৰে বাৰাণ্ডাৰ খুটাত জোৰ জোৰকৈ কোবাই কৰা
শব্দহে আছিল । আপুনি যেনেকৈ আছে তেনেকৈ দৌৰি আহি কোন কোন বুলি চিঞৰি গোটেই
খন ইফালে সিফালে চাই একো দেখা নাপাই, খংত মুৰ খজুৱাই খজুৱাই ঘুৰি যোৱাৰ
দৃশ্যই বৰ আমোদ দিছিল । সেয়ে আপুনি উভতি ঘৰ পোৱাৰ লগে লগে আকৌ থেলেং থালাং
আৰু চেটেপ চাটাপ শব্দ কৰাইছিলো ।
তিনি)
চাৰ আপোনাৰ সহকর্মী
তথা চুবুৰীয়া বৰা চাৰৰ বাইদেৱে বৰ মৰমেৰে পোহা কুকুৰা কেইজনী আৰু হাঁহ
কেইটাক সিহঁতৰ শোৱাপাটীৰেই পৰা অপহৰণ কৰা তথা সিহতৰ নৃশংস হত্যাৰ বাবে
আমিয়েই একমাত্র দায়ী । সিহতৰ লাচটো বাদেই হাড়কেইডালো পোৱা নগৈছিল ।কিয়নো
সেইবোৰ পিছদিনা পচন সাৰ হৈ মিলি গৈছিল লেত্রিনৰ টেংকিত । পাখি খিনি গার্লচ
হোষ্টেলৰ পিছ ফালে পেলাইছিলো যাতে কোনোধৰণৰ ক্লু পোৱা নাযায় । আমাৰ মাজত
ইমান একতা আছিল আমি দুজনে মিলি অপহৰণ কৰিছিলো যদিও হত্যাকাণ্ডৰ ভাগ আমি
সকলোৱে সমানে ভগাই লৈছিলো । তাত আমাক মুখ্য ৰান্ধনী দতুৱা বর্মণেও আদা নহৰু
মা মচলাৰে পুর্ণসহযোগ আগবঢ়াইছিল ।
চাৰি)
আপোনাৰ পদুলিত যে
মাজে মাজে পুৱা গোটেই খন প্রেস্বাব প্রেস্বাব গোন্ধাইছিল সেইয়া আছলতে এক
বিশষ ধৰণৰ প্রতিযোগীতাৰ চাইড এফেক্ট । যিদিনাই নিশা ৰাইজৰ সেইবিধ জোখতকৈ
অলপ বেছি হ’য় সেইদিনাই
“ কোনে কিমান জোৰত মুতি কচুপাত ফালিব পাৰে ”
নামৰ প্রতিযোগীতা খনি অনুষ্ঠিত কৰা হয় । আৰু দুর্ভাগ্যৰ কথা যে তাৰ বাবে
প্রতিবাৰেই আপোনাৰ গেটৰ কাষৰ ক’লা কচুগছ কেইজোপাকেই লক্ষ্য হিচাপে লোৱা
হৈছিল । ফলশ্রুতিত এলকহল মিশ্রিত প্রেস্বাবৰ গোন্ধত পুৱাই পুৱাই আমোল মোল
হৈছিল আপোনাৰ পদুলি ।
পাঁচ)
আপোনাৰ সহকর্মী শইকীয়া চাৰৰ
জীয়েক পল্লৱীক যে মাজতে বীৰাই পাইছিল বুলি ওলাওছিল ! সেয়াই আচলতে বীৰা চিৰা
নাছিল । তাৰ আঁৰটো আছিল আমাৰেই প্রতিশোধৰ জুইত জ্বলি উঠা এটি জ্বলন্ত
ষড়যন্ত্র । কাৰণ ছাত্রবাসৰ ৪ নম্বৰ ৰুমৰ ৱালত যাৰ নাম আজিও ৰাজা দাৰ
গার্লফ্রেণ্ডে এৰি যোৱা লিপষ্টিকেৰে লিখি ৰখা আছে । যি মাথো এটি নাম নহয়
তেও এটি ইতিহাস । প্রেম বুলিলে যাৰ কথাই পোনচাতেই মনলে আহে । তেঁও হৈছে
আমাৰ আটাইৰে চিনাকী ৰমিঅ’ জুলিয়েটৰ অশা-মিছ ৰমিঅ’ শ্রীমান লালু দা । তেঁও
এবাৰ ডাড়ি কাটোতে গালত বাহৰ পাতি থকা কেইটিমান নিৰীহ শালমন কাট খাইছিল । আৰ
ৰমিঅ দাদাই সুবিধাতে শালমন কেইটাই নিজ প্রাণ ত্যাগ কৰি বুকুৰে নিগৰোৱা
তেজেৰে প্রেম পত্র এখন লিখিয়েই পেলালে । পিছে মৰতী পল্লবীয়ে নিষ্ঠুৰ
নিদাৰুন ভাবে সেইখন ফালি লালু দাৰ মুখত মাৰি দিয়াত সেই প্রতিশোধৰ জুই কুৰা
শান্ত কৰিবৰ বাবেই চলিছিল সেই ষড়যন্ত্র । তাইৰ ঘৰৰ টিংত পুৱা গধুলী বা গভীৰ
নিশা মনে মনে শিলগুটি দলিয়াইছিলো । ৰাতি হ’লে ভেন্টিলেটৰেদি কণীৰ চোকোৰা
খেৰ নখ শুকান বন তাইৰ ৰুমত পেলাই দিছিলো । খিৰিকিৰ কাষত বহি পঢ়ি থাকোতে ডাঠ
কাগজেৰে বনোৱা ক’লা হাত ভৰাই ভয় খুৱাইছিলো । বীৰাৰ চিৰা দৈ ওৰটো এইটোহে
আছিল আচলতে ।
ছয়)
সেয়াটো সেইয়াই কর্মাচৰ ওচৰৰ ফার্ণীচাৰ
খন,চান্দমাৰী বচষ্টপৰ কলিতা হোটেল , ইউ টার্ণৰ ডিলাইট বাৰ এই সকলোবোৰ ভঙাৰ
সম্পূর্ণ দায়িত্ব আমি অকপটে স্বীকাৰ কৰিছো । বেচেৰা হ’তৰ কোনো দোষ নাছিল
গাত । খাই বৈ পইছা দিব নোৱাৰাৰে বাবে কিবা কিবি কোৱাত, চান্দমাৰীত আমাক
কিবা ক’বলে কোন চাও হোষ্টেলত ফোনলগা বোলা ইগ’টো বেয়াকৈ হার্ট হোৱাৰ বাবেই
হৈছিল সেই ধংস যজ্ঞ ।
সাত)
আৰু যে চাৰ সেই যে ইঞ্জিনিয়াৰিং
মেকানিক্সৰ পৰীক্ষাৰ আগদিনা মাজৰাতি মোক আৰু গুটিক কলেজৰ ফালৰ পৰা আহি
থাকোতে লগ পাইছিল । মই যে গুটিয়ে ৰাতি টোপনিত খোজ কাঢ়ি ইমান দুৰ পালেহি
ওভোটাই নিবলে অহা বুলি কৈ শপত খাইছিলো । চাৰ সেইয়া মিছা আছিল । আমি খৱৰ
পাইছিলো পেপাৰ লিক হৈছে বুলি । সেয়ে কাকো নোকোৱাকৈ দৌৰা দৌৰিকে গৈছিলো
সুবিধাটো ল’ও বুলি । পেপাৰ পালো ৰাতিতে লাচিতে গড় বন্ধাদি উজাগৰি নিশা কটাই
পুৱাৰ বাবে ১০০% সাজুও কৰিলো । পিছে পৰীক্ষা হ’লত গৈ চকুহাল ওলাই পৰিল ।
একোৰে একো মিল নোপোৱাত চকুৰে জ্বলা কলা দেখিলো । ভাগ্য ভাল সেই চাবজক্টত
মোটামুটি ভালেই আছিলো বাবে কোনোমতে শেষ ৰক্ষা কৰিব পাৰিলো আৰু । সেইদিনাই
শপত খালো এইবোৰৰ পাল্লাত নপৰো কাহানীও বুলি।
আঠ)
মেডাম-মেফিৰ
দিনা বৰাগাঁৱৰ পৰা অনা জীয়া নোদোকা গাহৰি দুটা বাহ দুডালত দুভাগে বান্ধি
ওলোটাই সমদল উলিওৱাৰ দিনা ,আপোনাৰ কোৱাটাৰৰ সমুখত মৰিয়াই মৰিয়াই গু ওলাই
যোৱাকৈ চিঞৰোৱাইছিলো যে । সেয়া মেডাম-মেফিৰ কোনো লগত জড়িত নিয়ম নাছিল । বৰং
সেয়া আছিল আপুনি হোষ্টেলৰ মেছত গাহৰি ৰান্ধিব তথা খাবলে নিদিয়াৰ
গনতান্ত্রিক প্রতিবাদহে ।
ন)
অ আৰু এটা কথা মনত পৰিছে মোক কি
ভাবি কি বিশ্বাসত এন্টি ৰেগিং কমিতিত ৰাখিছিল নাজানো । মই কিন্তু আপোনাৰ
বিশ্বাস এচিকুটমানো ৰাখিব নোৱাৰিলো । কাৰণ মই ৰেগিং কৰাৰ ৰেংকিঙত সদায়
ওপৰফালেই থাকিম চাগে । উদাহৰণ স্বৰুপে
ক/ মোৰ ১১৮ জনী পত্রবান্ধৱীৰ
সতে ছমাহ মান জুৰি হোৱা ভাৱৰ আদান প্রদানত যিমান চিঠি মোৰ ফালৰ পৰা গৈছিল
গোটেই কন্ট্রেক্টতো তিনিটা চিংৰাৰ বিনিময়ত হাতৰ আখৰ ভাল বাবে আক্রমন দত্তই
পাইছিল ।
খ/ ইফালে কবিতা ভাল পোৱা গুঞ্জনৰ আগত দিনটোত গড়ে তিনিটাকৈ স্বৰচিত কবিতা আবৃতি কৰিছিলো ।
গ/ বেষ্ট চিংগাৰ পোৱা অভিনৱক মন গ’লেই মাতি আনি মই অ’ৰ ত’ৰ পৰা সুৰ চুৰ
কৰি জোৰা টাপলি মৰি বকাসুৰ নৰকাসুৰত নতুনকে বনোৱা অৰিজিনেল গানবোৰ ৰাগ টানি
টানি শুনাইছিলো ।
ঘ/ কথা নাই বতৰা নাই যেতিয়াই তেতিয়াই পঢ়ি থকা
জোতিষৰ পঢ়া টেবুলৰ কাষত আৰু ৰুমৰ আগত গাইপতি একোডলাকৈ জেওৰা খুটী দি , মুৰত
নাৰিকলৰ টোকোৰা পিন্ধাই দুটা দুটা চাৰিটাকৈ গাওৰক্ষী বাহিনীৰ চিকিউৰিটি
ৰাখিছিলো । যাতে তাক পঢ়াত কোনেও আমনি দিব নোৱাৰে । অর্ডাৰ দিয়া আছিল কোনোবা
আহিলেই সিহতে “ দি দি দি দি দি দি দি দি ধিচ ধিচ ধিচ ধিচ ধিচ ধিচ” বুলি
পকাত বাগৰিলৈ গুলি চলাই দিয়ে ।
ঙ/ ইফালে ৰাতিৰ সাজৰ বাবে ডাইনিং হলত
খোৱাৰ সময় হ’লেই মৰা বেলটো খুলি নি ষ্টৰৰুমত পেলাই দিছিলো । তাৰ পৰিবর্তে
ভাতৰ সময় হ’লে ছোৱালীৰ সতে চেনী খাই ভাল পোৱা কল্যাণক সি চেনী খোৱা ছোৱালী
বোৰৰ নাম লৈ লৈ “মই আমুকক ভাল পাও” বুলি চিঞৰিবলে লগাই দিছিলো । চর্ত আছিল
একেজনী ছোৱালীৰ নাম সপ্তাহটোত ৰিপিট হ’ব নোৱাৰিব । আৰু ন বাজো বাজো হ’লেই
সকলোৱে ডাইনিং হললৈ যাবৰ বাবে তাৰ চিঞৰলে অপেক্ষা কৰিছিল ।
চ/ আৰু যে
কালিয়া কালিচৰণৰ লাহনে সেই যে শেষবাৰৰ বাবে গা কেতিয়া ধুইছিল মনত পেলাব
নোৱাৰা ল’ৰাটো । সি এমাহৰ মুৰত যেতিয়া কাপোৰ যোৰ খোলে । পিন্ধোতে কি কালাৰ
আছিল পাহৰি যোৱাৰ অপৰাধত সেই কাপোৰ বোৰ তাৰ নিজ হাতেৰেই জ্বলোৱাই হোষ্টেলৰ
সকলো ম’হ খেদাইছিলো । পিছে কি হ’ল জানো সি তাৰ পিছৰে পৰা ৰেগুলাৰ গাধুবলে
ল’লে দেখোন ।
শেষত এধানি ক্ষমা প্রার্থনা :
অ চাৰ গার্লছ
হোষ্টেলৰ ছোৱালী মখা আহিলে “ম’ৰা চৰাই পাখি পিন্ধি কাউৰিয়েও মাৰেহি ফিটাহি ”
বুলি বাৰণ্ডাত ৰৈ গোৱা সমবেত সংগীতকে ধৰি ওচৰৰ মানুহৰ কল কুহিয়াৰ চুৰি
কৰা, বৰকৈ ফুতনি মাৰি থকা ৰহমান চাৰৰ কোৱাটাৰৰ আগফালে তেওৰ নাম্বাৰটো দি
'টু লেট' লিখি অহা লৈকে বহু কিবা কিবি বদমাছি কৰি আপোনাৰ ভালেখিনি বি পি
আৰু চুগাৰ বঢ়ালো । ভেচমল কেচকালা লগাবলে বাধ্য কৰালো । তথাপিও আপুনি
তাহানিও শ্রদ্ধাৰ আছিল আজিও শ্রদ্ধাৰ হৈ আছে আৰু আগলৈও শ্রদ্ধাৰেই হৈ থাকিব
। আজি ইমান বছৰৰ পিছত কিয় জানো আপোনাক ক্ষমা খুজিব মন গ’ল । কিয় জানো ইমান
বোৰ লটি ঘটিৰ পিছতো আপুনি সদায় চাবজেক্টতৰ ভাইভাত হোষ্টেলৰ প্রতিজন ল’ৰাকে
কৰা সহায় আৰু বিপদে আপদে পা পইছা দি কৰা উপকাৰৰ বাবে আপুনি সদায় আমাৰ
শ্রদ্ধাৰ চুপাৰ চাৰেই হৈ থাকিব । আপুনি কোৱা প্রতিটো উপদেশ আজি আমাৰ
বাৰুকৈয়ে কামত আহিছে । চাৰ জানো যে আপুনি সেই দুষ্টামি বোৰ একো ধৰি নাথাকে
তথাপিও কও চাৰ সেইয়া আমাৰ উতনুৱা যৌৱনৰ নির্দোষ ধেমালি বুলি ভাবি পাহৰি যায়
যেন । অজানিতে কৰা আন যিকোনো ভুলৰ বাবে আজিও ক্ষমা পার্থী । ভগৱানে আপোনাক
সুস্বাস্থ্য দিয়ক আৰু দীর্ঘায়ু কৰক । আমাৰ হোষ্টেলৰ বডী বিল্ডাৰ কেকাইক
পাঞ্জাত হৰুৱা দি সকলো আপদ বিপদক হেলাৰঙে হৰুৱাই যাওক ।
শুভকামনাৰে
প্রান্তত...
আপোনাৰ ছাত্রাবাসৰ তাহানিৰ এজন চয়তান আবাসী
No comments:
Post a Comment