Monday 22 July 2013

::লেডিজ পৰশুৰাম ::


অৰম্ভনি ::
আজি যুগ নাৰীৰ যুগ । নাৰীয়েই দাতা নাৰীয়েই বিধাতা । ৩৩% সংৰক্ষনৰ পৰা ধৰি আকাশে বতাহে দিল্লীয়ে পঞ্চায়তে মাথো নাৰীৰেই দপদপনি । মই পিছে নাৰী বিষয়ে ৰচনা লিখিব যোৱা নাই । আজি নাৰী কিমান ভয়ংকৰ হ'ব পাৰে তাৰহে কাহিনী এটা ক'ব গৈ আছো । শুনক তেনেহ'লে

পটভূমি ::
কাহিনীটো আমাৰ সকলোৰে চিনাকী শ্রী যুত প্রতিভূ দত্তৰ একেবাৰে শেহতীয়া কঠোৰ বাস্তবৰ কাহিনী । কিন্তু কাহিনীতো কোৱাৰ আগতে মই অকনমান মহাভাৰতৰ দিনলৈ ঘুৰি যাব লাগিব । আপোনালোকৰ পৰশুৰাম নিশ্চয় মনত আছে । পানী আনিবলে গৈ দেৰি হোৱাৰ বাবে মাকক কাটিবলে বাপেকে আজ্ঞা দিয়াত মাকক কাটি পেলোৱা ভগৱানৰ অৱতাৰ জন যেন সেই জনৰ কথা কৈছো । এই কাহিনীটোও প্রায় একেধৰণৰ মাথো ভাৰচনটো তথা স্থান কাল পাত্র বোৰ নতুন ।

মুল কাহিনী ::
আমাৰ ভূ দা মানে মিষ্টাৰ দত্ত তেও হ'ব বেছ বাক পটু আৰু ব্যক্তিত্ব সম্পন্ন মানুহ । ভাল অংক পঢ়ুৱাৰ লগতে জীৱনৰ অংক বোৰো আউল নলগাকে কৰিব জানে । আৰু সকলো ডেকা ডেকেৰীক জীৱনৰ সকলো অংক শিকাই থাকে । বেছ ৰসাল মানুহ জনৰ মাথো এটাই দুর্বলতা সেইটো হ'ল ফেছবুক । এই দুর্বলতাই এতিয়া তেওৰ বাবে জীৱন মৰণৰ বিষয় হৈ পৰিছে । ঘটনাটো যোৱা কালিৰ । ময়ুৰাক্ষী বৌৱে সন্ধিয়া ঘৰতে পুজা এভাগ পাতিছিল । পিছে কিবা কাৰণত চেনী কমি গ'ল পায়সত দিবলে । সেয়ে ভূ দাক ক'লে যোৱা চেনি আধা কেজি লৈ আনা তৎক্ষনাত । একান্ত বাধ্য পতি ভূ দাই একেষাৰে হ'ব বুলি বজাৰলে গ'ল । পিছে বজাৰে গৈ থাকোতে অলপ আগতে আমুকক খোছ মাৰি দিয়া পোষ্টতোত কি নো হৈ আছে কোনে কোনে কি কি কমেন্ট দিছে চাবলে লিক লিকাই থকা মনটোক ধৰি ৰাখিব নোৱাৰি । মোবাইল উলিয়াই ফেছবুক কৰাত লাগিল । তাতে পুৰণি বন্ধু দুজনমানো অনলাইন হ'ল বছ ভু দাক কোনে পাই আৰু সময় যে দৌৰি আছে পাহৰিয়েই গ'ল । ১ ঘন্টা মান পিছত বৌৰ নাম্বাৰটোৱে ভুমিকম্প অনা দি ফোন তো ভাইব্রেচন অনাত হে তেওৰ সম্বিত ঘুৰি আহিল । লৰা লৰি কৈ চেনী লৈ ঘৰলে দৌৰ দিলে । ঘৰ গৈ দেখে পুজা শেষ । দুৱাৰ মুখত সাক্ষাৎ মা-কালী । এটাই মাথো প্রশ্ন
" চেনী আনিবলে গৈ কাৰ লগত চেনী খাই আছিলা ?? "
ভূ দাই সমেনা সেমেন কৰি
" নাই মানে নাই মানে " কৰি থাকিল । তাতে ফেছবুকৰ কথা কৈ মৰিলেহে হ'ব ।
" মাজনী বঠি খন লৈ আহ । আজি কাৰোবাক উপযুক্ত শাস্তি দিম । হয় গুৱাহাটী নহয় ৰঙামাটী হ'বই হ'ব আজি " বৌৰ ৰণচণ্ডী ৰুপত কণমানী জনীক আজ্ঞা দিলে ।
মাতৃ আজ্ঞা পেলাব নোৱাৰি কণমানি জনীও বঠি খন লৈ ভু দাৰ ফালে চোছা ল'লে ।
আমাৰ ভূ দাই জীৱনত প্রথম বাৰৰ বাবে তাম্মাম ভয় খালে । জীৱনৰ মায়াত একো নাভাবি ভিৰাই পৰাগ চৌধৰীৰ বাৰী ফালে দিলে দৌৰ । গোটেই ৰাতি ভয়তে কপি কপি ভাত পানী নোখোৱালে পৰাগৰ গেৰেজত থকা গাড়ী খনৰ ডিকিতে শুই থাকিল । ৰাতি সপোনত দেখিলে ...........
মাতৃ আজ্ঞা শিৰে শিৰে পালন কৰি ভূ দাৰ একমাত্র ছোৱালী জনীয়ে পৰশুৰামৰ দৰে ড্রেছ কৰি হাতত বঠি খন লৈ বাপেকক বিছাৰি ফুৰিছে কাটিবলে । অপুর্বৰ ঘৰৰ পিছফালৰ বাহনি ,পুনম মাহীৰ দোকানৰ গুদাম সকলোতে বিচাৰি বিছাৰি অৱশেষত চাইকেল বাবাৰ গাড়ীৰ ডিকিৰ তলত ভূ দাক পাই এটি তৃপ্তিৰ হাঁহি মাৰি বঠি খন ডাঙি ডিঙিতে ঘাপ টো মাৰিবলে লওতেই খক মক কৈ সাৰ পাই গ'ল । ঠান্দাটো তেওৰ ঘামি যামি অৱস্থা বেয়া । সাৰ পাই দেখে দেখে চাইকেল বাবাই ডিকিটো ডাঙি জগাই দিছে আৰু ক'লে :
" ৰাতি পুৱাল উঠক বৌ আৰু কণমানী জনী আহিছে "
" কি ? হাতত কি লৈ আহিছে বাৰু " ভু দাই সেপ ধুকি কোনোমতে সুধিলে
" নাই নাই একো লৈ অহা নাই সুদাহাতে আহিছে আপোনাক মাতিছে বলক " চাইকেল বাবাৰ মিচিকিয়া প্রত্যুত্তৰ
ভু দা ওলাই আহিল । আহি দেখে বৌ আৰু কনমানী জনী । বৌ তেওক দেখিয়েই খেঙ খেঙাই উঠিল
" তোমাক মাছ বাছিবলে কম বুলি ভাবোতেই তুমি ফুকলীয়া ল'ৰাৰ দৰে ভিৰাই লৰ মাৰিলা যে । কণমানী জনীয়ে বঠি খন লৈ ভিতৰৰ পৰা বাহিৰ নেপালেহিয়েই ভালকে । কিবা খাই আছিলা নেকি হা ? । ব'লা ব'লা সোনকালে ব'লা মাছ বাছিব লাগে । নহ'লে সেই সোপা গোন্ধালে তোমাকে এসেকা দিম আকৌ । "

সমাৰণি ::
ভূ দাই মুখেৰে টু শব্দ এটা নোকোৱাকে বৌৰ পিছে পিছে ঘৰলে বাট ল'লে । আৰু নিজেই নিজক কোৱা দি ক'লে " উফফ ৰক্ষা দেই, লেডিজ পৰশুৰামৰ পৰা এই বাৰলে ৰক্ষা "

No comments:

Post a Comment