Tuesday 2 July 2013

:: হেঁপাহ ::




কবি হোৱাৰ হাবিয়াস ৰখা নাই কোনোদিনে..
ধুনীয়াকৈ এটি কবিতা লিখাৰ হেঁপাহ কিন্তু চিৰন্তন...
বাৰে বাৰে আউল লাগিলেও...
চেষ্টা কৰো শব্দৰ ৰামধেনুত অনুভৱক খাঁজে খাঁজে বহুৱাবলে
পিছে প্রতি বাৰেই জোট-পোটহে খাঁও নিৰাশাৰ লতাজোপাত..

তথাপিও কিন্তু হৃষ্টপুষ্ট মোৰ আশা..
আবেগৰ পলস এমুঠিত এতিয়া জোনাকক ৰুইছো..
বিশ্বাস...এদিন জোনাক ফলে-ফুলে জাতিষ্কাৰ হৈ উঠিব..
আৰু সেইদিনাই আনুভৱকো খমখমীয়া সাজেৰে দেখনিয়াৰ কৰি তুলিম
বাটৰুৱাই ৰ লাগি চাই ৰোৱাকৈ...

কিয়নো...
কবি হোৱাৰ হাবিয়াস যদিওবা ৰখা নাই...
ধুনীয়াকৈ এটি কবিতা লিখাৰ হেঁপাহ কিন্তু চিৰন্তন....
                           **মন-জি**

No comments:

Post a Comment