Friday 19 July 2013

আর্কিমিদিছৰ ইউৰেকা ইউৰেকা , হাঁহিৰামৰ আমেৰিকা আমেৰিকা





: চাৰ বিগত এটা দশকত ৰাজ্য খনততো এশ এবুৰি সমস্যাই জুমুৰি দি ধৰিছেহে ? এই বিষয়ে আপুনি কি কব ? সমস্যা সমধানৰ ক্ষেত্রত আপোনাৰ চৰকাৰ সম্পুর্ণ ৰুপে ব্যর্থ হোৱা নাইনে বাৰু ??
: হেৰা কি , কি কথা ক
বলে আহিছা হে হা ? কি কথা কবলে আহিছা ? ব ব ব ব কোনে কৈছে হে সমস্যা আছে বুলি , হে কোনে কৈছে  । এই বোৰ সব বিৰোধীৰ ষড়যন্ত্র বুইছা চব বিৰোধীৰ ষড়যন্ত্র ।
: পিছে চাৰ বিৰোধী বুলিবলে কোনো নায়েই দেখোন ? আপুনি পৰোক্ষভাৱে বিসম্বাদৰ কথা কৈছে নেকি ?
: হেৰা মই মুখ্যমন্ত্রী আছিলো এতিয়াও হয় আৰু আগলৈও থাকিম । কোনো বিসম্বাদে মোক লৰাব নোৱাৰে ?
: আপুনি মুখ্যামন্ত্রী আছে আছিল আগলৈও থাকিব বুলি জানি ভাল পালো । পিছে সমস্যা বোৰৰ সমাধানকলৈ কেনে ধৰণৰ পদক্ষেপ ল
ম বুলি ভাবিছে ?
: কি বাৰে বাৰে সমস্যা সমস্যা কৰি আছা হে ? ক
ত সমস্যা আছে দেখুৱাই দিয়া আকৌ ?
: চাৰ বানপানী সমস্যা । প্রতিবছৰেই যে হাজাৰ হাজাৰ মানুহে জীয়াতো ভোগে ?
যিটো আজিলৈকে সমাধান নহল ?
: কি কোৱা হে সেইটোতো যোৱা বছৰেই সমধান কৰি দিছিলো । যে বানপানী ক
ত নহয় হেৰৌ আমেৰিকাটো বানপানী হয় । তাতে জাপানগৈ কলগছৰ আইডিয়াটো শিকি আহি বুজাই দিছিলোৱেই দেখোন । আৰু কি বেলেগাই সমধান কৰিমহে ?
: হয় চাৰ পিছে এই হত্যা হিংসা বোমা বাৰুদ উগ্রপন্থী ?
: আৰে এইবোৰ ক
ত নাথাকে হা ? আমেৰিকাটো হত্যা হিংসা বোমা বাৰুদ উগ্রপন্থীয়ে আক্রমন কৰে দেখা নাই । তাকো লাডেনৰ দৰে ভয়ানক উগ্রপন্থীয়ে ।
: কিন্তু চাৰ লাডেনকটো মাৰি পেলাইছে তেওলোকে ।
: আচৰিত দেই তুমি । দেখা নাই ময়ো আলফা এনডি এফ বিক বন্দুক আতৰাই শান্তি আলোচনাৰ বাবে আমাৰ ইয়াত ৰাজকীয় আতিথ্য দি ৰাখিছো । মই কৰা বোৰ নেদেখাই একেবাৰে হুহ ।
: বাৰু চাৰ সেই খিনিলৈকে মানি ললো । কিন্তু চাৰ এই যে বজাৰত জুই লগোৱা চিণ্ডিকেট ? এই বিষয়ে কি কব ।
: হেৰৌ মিছা ক
লে কি ডাল হব চিণ্ডিকেট কত নাই । মইটো জানো যে  আমেৰিকাটো চিণ্ডিকেট আছে ।
: আৰু চাৰ যোৱা কালি যে আপোনাৰ ঘৰৰ থিক কাষৰ ঘৰটোতে চুৰি হল তাৰ বিষয়ে কি কব ।
: হেৰা চোৱা এই সৰু সৰু কথা বোৰৰ বাবে মোৰ একেবাৰে টাইম নাই । চুৰি ক
ত নহয় আমেৰিকাটো চুৰি হয় । তাতে ইমান চিন্তা কৰিব লগিয়া কিটো আছে হে ।
: চাৰ আপুনি প্রতিটো কথাতে আমেৰিকাৰ সতে তুলনা কৰে কিয় ?
: মিছা ক
লে কি ডাল হব । অসম আজি পিছ পৰা বা উন্নয়নশীল ৰাজ্য হৈ থকা নাই । অসম আজি উন্নতিৰ পথত দোপদ দোপে আগবাঢ়িছে । চোৱা আজি তুমি সোধা প্রতিটো সমস্যাই আমেৰিকাৰ সতে মিলে ।  বানপানী চিণ্ডিকেত বোমা বাৰুদ উগ্রপন্থী চুৰি ডকাইতি দুর্নীতি এই সকলো বোৰ আমেৰিকাটো আছে আৰু অসমটো আছে । তাৰমানে কি বুজিলা ? তাৰমানে হল আমি আমেৰিকাৰ সতে ফেৰ মাৰি আছো সমানে সমানে । আমেৰিকাৰ সতে ফেৰ মাৰিব পৰাটো কম কথা নেকি ? কেইখন ৰাজ্যই পাৰিছে তেনে কৰিব ? সেইটোও দেট ইজ অলচ ইম্পটেন্ট মেটাৰ বুজিলা । কৈ থলো কিন্তু ।
: কিন্তু চাৰ আপুনি আমেৰিকাক ইমান ভাল পাই । আমেৰিকাকে আদর্শ হিচাপে লয় তেনেস্থলত আপুনি গৌৰৱৰ বাবে আমেৰিকাৰ সলনি ব্রিটেইনৰ কইনা কিয় পচন্দ কৰিলে ?
: কি ক
বা সেইবোৰ ভিতৰুৱা কথা । আচলতে মই আমেৰিকাতে ছোৱালী এজনী চাই খাটাং কৰিছিলোৱেই । আমাৰ এৱোও ভাল পাইছিল । পিছে আজি কালিৰ লৰা ছোৱালী জানাই সিহতৰ পচন্দৰ লগত আমাৰ পচন্দ নিমিলে । তাতে বাহিৰত পঢ়ি অহা লৰা । তথাপিও আমেৰিকাৰ কথা ভাবি মই জোৰ দিছিলো । নাই নামনিল ওলোটাই পৰৱর্তী মুখ্যমন্ত্রী নহও বুলি নেখাই নবই ৰোহ ঘৰতহে সোমাল । বাহিৰৰ বিসম্বাদেই পাইছে গৈ ঘৰতে বিসম্বাদ সহিব নোৱাৰি আৰু । তাতে আজি কালি চিনেমা হলত গৈও চুই-চাইড এটেম্প কৰে । সেয়ে সাতে সোতৰই মিলাই এইবাৰ ৰাজ্যৰ সমস্যাৰ সমাধান বিছাৰি লণ্ডন যাওতে বিয়ৈৰ ঘৰত থিয়ৈ থিয়ৈ সোমাই তামোল পান এযোৰ পেলাই আহিলো আৰু । মিছা কলে কি ডাল হব আমেৰিকা খন অসমত কৈ লণ্ডনৰ পৰা বেছি ওচৰৰ পৰা ভালকৈ দেখা পাই । সেয়ে বিয়ৈ ঘৰলে গলেই আৰু কিবা কিবা নতুন কথা বিয়ৈৰ বেলকনিৰ পৰা চাই চাই শিকি আহিব পাৰিম ।
: বৰ ভাল কৰিলে চাৰ । পিছে চাৰ যি হল হল বিয়াখনকে আমেৰিকাত পাতি দিয়ক আৰু ।
: একদম মুখৰ কথা কৈছা হে । বিয়া আমেৰিকাটেই হব । পিছে এতিয়া যাও । বহুত কাম কৰিব আছে । বহু উন্নতি সাধিব আছে । সেয়ে গুগুলত আমেৰিকাৰ বিষয়ে আৰু অলপ পঢ়োগৈ বুইছা । তোমালোকেও আমেৰিকাৰ কথা ভালকৈ জানি বুজি লবা দেই বৰ কামত আহে সময়ত ।

::মৰেল = মাৰিল অফ দি কাহিনী ::
অসমত যিয়েই সমস্যা নহওক কিয় তাক প্রথমে আমেৰিকাৰ সতে মিলাব লাগিব । যদি মিলি যায় তেনেহ
লে সমস্যা সমধান বুলি নিচিন্ত মনে শুই পৰক । আৰু মজাৰ কথাটো হল প্রতিতো সমস্যাই মিলি আহিছে আৰু আগলৈও মিলি যাব ।

কন-ফিউজন :: আমেৰিকা কোনো আবিষ্কাৰ কৰিছিল আচলতে কলম্বাছে নে হাঁহিৰামে ??

No comments:

Post a Comment