হাঁহি এনে এটা বস্তু যাক বিছাৰি হাবাথুৰি খাব নালাগে কাহানীও । দৈনন্দিন
জীৱনত ভালকৈ মন কৰিলেই দেখা যায় যে সৰু বৰ বহু হাঁহিৰ খোৰাক উপঙি ফুৰে বাটে
ঘাটে নাইবা মটৰে বাছে । মাথো থপিয়াই ধৰি ওঁঠৰ কোণত পিন্ধিলোৱাটোহে নিজৰ
কথা । কিছুদিন আগতে হাকুটিয়া পাৰি ৰখা সৰু সৰু হাঁহিৰ টুকুৰা দুটামান
আপোনালোকলৈ বুলি আগবঢ়ালো ।
১) ম্যাদ ওকলা বাইদেউ
আবেলিৰ সময়ত খোজ কাঢ়ি ভাল লাগে বাবে প্রায়েই খোজ কাঢ়ো । এদিনৰ কথা খোজ কাঢ়ি
গৈ থাকোতে বাটতে চাইকেলৱালা এজনে গেটত বহি থকা বয়সস্থ চিকিউৰিটি জনক
জোকোৱাৰ সুৰত সুধিলে
: " কি হে ভিনদেউ কি খৱৰ ? বাইদেউ আগৰ জনীয়েই আছে নে ? "
: " এৰা ঔ আগৰ জনীয়েই আছে । এইবাৰ শনিবৰীয়া বজাৰলে লৈ গৈছিলো পিছে
বিক্রীয়েই নহ’ল বুজিছনে । সেয়ে আকৌ ঘুৰাই লৈ আনিলো । ম্যাদ উকলিল বুইছ
কোনেও নিকিনেই দেখোন । "
ভিনদেউৰ সেমেকা উত্তৰ । যেন হতাশাত ভাগি পৰিছে ।
২) " উফফফফফ "
যোৰহাটৰ পৰা তিনিচুকীয়া অভিমুখী বাছ । গেলা গৰমত সকলোৰে জিভাৰ লগতে জীউ
ওলাই ওলাই যাও যাও অৱস্থা ।ঠায়ে ঠায়ে যাত্রী উঠিছে ঠায়ে ঠায়ে নামিছে । এটা
সময়ত বাছ গৈ মৰাণ পালেগৈ । তেনেতে দুচকুত কাজল আৰু চাদৰ মেখেলাৰে সুসজ্জিত
অসম দেশৰ ৰুপহী ছোৱালী এজনী উঠি আহিল । ঘামি জামি অৱস্থা নোহোৱা হ’লেও
ধৰিব পাৰি যে সেয়া খাটাং টেট বাইদেৱেই হয় । বাছৰ সমষ্ট যাত্রীগনে খন্তেকৰ
বাবে গৰমক এলাগী কৰি একেলগে তেওলৈ বুলিয়েই চাই পঠালে । তেৱো " উফফফফফ " (
মানে মই কিয় যে ইমান ধুনীয়া হ’লো চবে দেখোন মোকেই চাই ভাৱত ) বুলি কৈ
খিড়িকীৰ কাষৰ চিট এটা বহি ল’লে গৈ । থিক সেই সময়তে ৰাস্তাৰ সিপাৰে ঘুমটি
খনত আড্ডা দি থকা বাইদেউৰ বাটৰুৱা আশিক কেইজনেও বাছ খন চলিব লোৱা দেখি
বাইদেউক উদ্দেশ্যি সমস্বৰে চিঞৰি উঠিল
“এই টেট বাইদেউ এবাৰ ভালপাই
চাবা নেকি । এই গেলা গৰমত এচি থকা গাড়ী ভাড়া কৰি হ'লেও অনা নিয়া কৰিম ” ।
সিহতৰ চিঞৰ শুনি মুহুর্ততে বাছৰ ভিতৰত হাঁহিৰ ৰোল উঠিল । টেট বাইদেউৰ আকৌ ‘
উফফফফফ ’ ( কেলে যে ইমান ধুনীয়া হ’লো , এই বদমাছ আশিক বোৰৰ পৰা একদম উপাই
নাই পাই ভাৱত ) । ইতিমধ্যে বাছেও গতি ল’লে । কণ্ডাক্টৰে পইছা তুলি তুলি
এসময়ত টেট বাইদেউৰ ওছৰ পালেহি ।
: " বাইদেউ ক’ত যাব ? "
: " অ’হ মোক সুধিছা নঅঅ ?" ( লিপষ্টিক খিনি অকনো হীনদেড়ী নোহোৱাকে অলপ ষ্টাইলত সুৰ এটা লগাই )
: " হয় বাইদেউ । আপোনালে চাই কৈছো যেতিয়া আপোনাকেই সুধিছো বুলি ভাবি লৈছো
আৰু অপুনি বা কি বুলি ভাবে । " প্রশ্নটো শুনি গৰমত তাৰ টিঙিছ কে মাৰিল হ’ব
পাই সেয়ে সিও সেই একে ষ্টাইলকে নকল কৰি অলপ টানকেই উত্তৰ দিলে ।
: "
উফফফফ, কি যে কোৱা । মই পানীতোলালৈকে যাম জানাআআ । মোক পানীতোলাত নমাই দিবা
দেই ।" এইবাৰ আগৰ ষ্টাইলটো অলপ মদিফাই কৰি হাতখন বিশেষ ভংগীমাত নচুৱাই
: " ইছ নমাই দিব যে নোৱাৰো দেই ।" কণ্ডাক্টৰেও থিক একে ভংগীমাৰে সিয়াৰি দিয়া দি উত্তৰ দিলে
: " ইহ কেলে নোৱাৰিবা আকৌ । ভাড়া দিম নহয় কিবা ।" টেট বাইদেৱে ষ্টাইলতে খং কৰি ক’লে
: " ইহ ইমান ডাঙৰ ছোৱালী জনীক কেনেকৈ নমাই দিব পাৰিম আকৌ ? মানুহেই বা মোক
বুলিব কি ? মই বাৰু ড্রাইভাৰক কৈ ৰখাই দিম । আপুনি অলপ কষ্টকৰি নিজেই নামি
যাব দেই । " কণ্ডাক্টৰেও তেওৰ সতে একে ষ্টাইলতে উত্তৰ দিলে
বছ
ইমান পৰে সকলোৱে ওঁঠ টিপি ভেটা দি ৰখা হাঁহিতোৱে পাৰ ভাঙি বাছখনকে কপাই
তুলিলে । ইফালে টেট বাইদেউৰ অৱস্থা কাঢ়িল । চর্ট চার্কিতত এম চি বি ট্রিপ
কৰা দি ট্রিপ কৰি লাজতে ৰঙচুৱা হৈ আবেলি অভিমুখী আকাশখনলে চাই ৰ’ল মন চন
সেমেকাই । এটা সময়ত পানীতোলাত বাছখন ৰখালে আৰু বাইদেউ তলমুৰ কৰি নামি গ’ল ।
কাকো একো নোকোৱাকে আৰু কালৈও এবাৰো নোচোৱাকে ।
শেষৰ চিটৰ কলেজীয়া
চেঙেলীয়া কেইটাই বাইদেউ নামি যাওতে বাইদেউকে দেখুৱাই, বাই দিফল্ট বেক পকেট
শুৱনি কৰা বহী সদৃশ অমুল্য সম্পদ বিধেৰে নিজকে বিছি বিছি একেলগে ক'লে
“উফফফফফফফফফফ ”
No comments:
Post a Comment