Tuesday 2 July 2013

::সা ৰে গা মা পা. যি মন যায় তাকেই গা::




ৰিয়েলিটি শ্বৰ ট্রেফিক জামত যা টা যি টি টিভিৰ নতুনকে সংযোজিত হোৱা এটি নতুন অনুস্থান সা ৰে গা মা পা... যি মন যায় তাকেই গা ৰ অডিচন হলৰ দৃশ্য

নেক্সট কন্টেষ্টেন্ট প্লিজ
: কি নাম তোমাৰ
: শ্রী থুলুক অংগৰাগ জুবিন জিতুল হাজৰিকা
: আজি কি গাবা
: মায়াবিনী ৰাতিৰ বুকুত যদি কেতিয়াবা অকলে বৈঠা মাৰো বুকু হম হম কৰে
: বঢ়িয়া পিছে সুৰ কি ?
: প্রেক্টিছ তো নৰকাসুৰতেই কৰিছিলো , তথাপিও বকাসুৰ বা হাতীৰ সুৰতো অলপ চলপ গাই দিব পাৰো
: হমমম...তাল ?
: হ
লেই হল আৰু চাৰ । খুটিতাল বৰতাল ভোৰতাল বেতাল হৰতাল যি আছে চব চলিব ।
: ৰাগ ?
: নাই চাৰ একো ৰাগ জঞ্জাল নাই । আমাৰ এও ৰাতি পুৱাই ল
ৰাটো স্কুলত থৈ অফিছলে ওলাই যায় আৰু মই বাছন বর্তন কেইটা ধুই লাহেকে ৰেৱাজ কৰিবলে বহো ।
: সুন্দৰ পিছে টেম্প
কি জানা নে নাই
: চাৰ আমাৰ ফালে অকল মেজিক হে চলে টাউনৰ পৰা ঘৰলৈকে পুৰা ১৫ টকা,এক টকাও নকমাই জানেনে । কিন্তু নবীনৰ ঘৰৰ ফালে আকৌ টেম্প
চলে দেই । সি মোৰ পিছতে আহিব তাকেই সুধি লব হা । এতিয়া গাবলে দিয়া যদি দিয়ক মিছা আজে বাজে কথা সুধি মুৰ গৰম কৰি মোৰ সময় নষ্ট কৰি নাথাকিব । ঘৰত এটোপাও মিঠাতেল নাই । সেয়া লৈ এও অহাৰ আগতে ঘৰ সোমাবগৈ লাগিব । নহলে কুৰুক্ষেত্র হব বুজিছে । বাদ দিয়ক বুজিছে । আপোনাক কৈ লাভ নাই বিয়া পাতক তেতিয়া গম পাব সুৰ তাল ৰাগ বিৰাগ অনুৰাগ কি হয় কাক বোলে সকলো বুজি পাব এসপ্তাহৰ ভিতৰতে । মই যাও দেই । ইফালে  চিলিণ্ডাৰতোৱো বুক কৰি যাব লাগিব যাওতে বাটত ।





 

No comments:

Post a Comment