Tuesday 2 July 2013

::PROFILE PICTURE::





কেমেৰাৰ FLASH ভাগৰি পৰা কৈ
SATARঅত তর্জনী আঙুলীৰ অহৰহ হেঁচা
সমুখত বাৰে বাৰে সলনি হৈছে  ANGLE  সলনি হৈছে   LOATION   
 উদ্দেশ্য : সুগঢ়ী একপি ফটো,একে বাৰে চকু থৰ হৈ যোৱা

আঘোণী সময়ৰ সেই সাময়িক অবক্ষয় পিছত
MEMORYৰ সিমনাত থমকিল দুচকু
এটি উল্লাসিত স্বগতোক্তি... পাই গলো

এতিয়া PHOTOSHOP   LABORATORY
এডাল CURSORৰ অস্থিৰ পায়চাৰি
CROPত গল, BRIGHTNESSতোৰো দেখাদেখি নাই
ADJUSTMENTএও পেছ ধৰি DISABLE হৈ আছে
ইফালে BACKGROUNDঅক পিন্ধাবলে
GOOGLEঅৰ SHOWROOMঅৰ পৰা অনা
BRANDED সাজযোৰৰো ৰংটো পচন্দ হোৱা নাই!!!!
মুঠতে গোটেইখন খেলি মেলি
অনুভৱ : যেন শনিৰ মহা দশা হে চলিছে

অবশেষত যেনিবা ক্ষেনতো আতৰিল
অস্থিৰতাৰ ধুমুহা জাকৰো অবনতি ঘটিল
ইমান পৰে ভ্রুকুটি বিৰাজমান মুখখনত
এতিয়া শীতৰ ৰদত জিলিকা বালিচৰৰ দৰেই জিলিঙনি এচমকা

ভগৱান প্রদত্ত এটি নি:কিন অবয়ৰক
নিয়াৰিকৈ কৰা সুক্ষ্ম বিশ্লেষন আৰু
প্রযুক্তি বিদ্যাৰ প্রসাধানেৰে গঢ়োৱা
চকু থৰ হৈ ৰোৱা প্রহৰ যোৰা ধৈর্যৰ ফচল....
SAVED AS :  “PROFILE PICTURE












No comments:

Post a Comment