Saturday 24 August 2013

"কেইটিমান নৰকাসুৰীয়া ৰি-মিক্স"


----------------------------------
১)
এই কবিৰটো নিজৰ বুলিবলে একোৱেই নাই
এটাই মাথো ফেছবুক একাউন্ট
সিও মাজে মাজে হেক হৈ যায়
ফেছবুক চাগে এনেকুৱাই
জ্বলা কলা খুৱাই খুৱাই হিয়া জুৰাই
২)
মোৰ মাউচ আছেহি আহি ৰৈ
ফেছবুক খোলো খোলো কৈ
আছেনে সময় তোমাৰ মোৰ সতে চাত কৰাৰ
অধীৰ নহ’বা অঞ্জনা ইনবক্সৰ গভীৰ বেদনাত
শুনাব খুজিছো অঞ্জনা টাইমলাইনতে পঢ়ি চোৱানা
তুমি চোৱানা......
৩)
টাৱাৰে টাৱাৰে বগাব পাৰো মই
প্রমোচনৰ ফাইলটো বগৰাবলেহে টান
কে এফ চিট খুৱাই ৰচকীও পতাব পাৰো মই
চাল্লা এই বছ ডালক পতাবলেহে টান ।
পাৰফমেন্স দি দি ভাগৰুৱা দেহাত মোৰ
বাজে বিষাদৰ বেসুৰা গান
যিমানেই নকৰো যিমানেই নেখাতো
শেষত হয় সকলো হাঁহক দিয়া পতান।।
৪)
পাৰিবানে গুছাব তুমি
দুটা আলু তিনিটা পিয়াজ
পাৰিবানে পিছিব তুমি
আদা নহৰু আৰু জ্বলকীয়া
পাৰিবানে কৰিব তুমি
পাৰিবানে পাৰিবানে পাৰিবানে কোৱা ??
দিব মচলা পিচি
যদি দিব পাৰা ইলাছিও দিয়া
দিব গাহৰি আনি
পাৰা যদি ডেৰ কেজি দিয়া ।
পাৰিবানে ?
৫)
মন যায় মোৰো মন যায়
খোলা খুলিকে কবলে
লাহে লাহে চুমা দিবলে
কাষে কাষে দেটিং মাৰিবলে

তোমাক দেখা পালে সপোন জাগি
উঠে বুকু খনি হয় তাজমহল
তুমি গুছি গ’লে সপোন ভাগি থাকে
প্লেটত চানা আৰু সমুখত বটল
সমুখত যেতিয়া তোমাক দেখো
জ্বলা চিগাৰেট মুঠিতে ৰাখো

বেদনা বেদনা মোৰ ভাল পোৱা
১০ টকাৰ চানা আৰু পিয়াজ এপোৱা...
দাৰা দিৰি দাৰে দা দা ৰে...
৬)
ফুল ফুলক বি পি ৰে ফুল হৃদয় সেউজী ধৰাত
ফুল ফুলক আৰ এছৰ ফুল প্রিয়তমা তোমাৰ নামত
চাকনাৰ প্লেটত কেচা বুটে নাচক আজি
চুলাই বটলত কাঢ়া পেগৰ ফুল ফুলক আজি
তিনিপট্টি খেলা গহীন সখীৰ মনি বেগত
ফুল ফুলক আৰ এছৰ ফুল প্রিয়তমা তোমাৰ নামত
এৰি অহা পেগ চিঙি দে আৰু এপেগ বাকী ল
সমুখত চিকেনৰ লেগ পিছ চোবাই তাকো শেষ কৰ
মিকাৰ গানত নিশা নাচিম আজি
দুটি নয়নৰ মধু জোনৰ কথা ভাবিম আজি
সুর্যমূখীত খোলা মোৰ অফিছখনি পুৱাৰ নিছাত
ফুল ফুলক আৰ এছৰ ফুল প্রিয়তমা তোমাৰ নামত।।
৭)
শান্তি দিয়া মুক্তি দিয়া
মোক ঠন ধৰি উঠিবলে
লিভচেভ দিয়া হজমুলা দিয়া
ভালকৈ খানা হজম কৰিবলে
চিলি চেকেন আৰু ভালুক গিলি লৈ
নিৰপৰাধ লিভাৰক কন্দুৱাই
হেং অভাৰত মুৰ বিষোৱাই
তুমি কিনো পাবা তুমি কিনো ল’বা কোৱাআআ....
৮)
চাল্লা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ
অসহায় যুৱতী জনীক অকলে পাই ধর্ষন কৰিব খোজোতেই
হিৰই মুখত চিগাৰেট লৈ এন্ট্রি মাৰিব
“ চাল্লা চোঁৱৰৰ বাটচা য’তে আছ ত’তে ৰৈ যা একচিকুত নিহিলিবি ”
বুলি কৈ এখোজ দুখোজকে ষ্টাইলত আগবাঢ়ি গৈ গৰু পিটন দিব
ধিচুম ধিচুম ধিচুম ৳%#*## ধুপ ধাপ ফাটাৰ ফুটুৰ * ৳%#*##
মাৰৰ কোবত নৰ পিশাচ কেইতাই মাটিত পৰি শেষ উশাহ গনিব
হিৰ’ই পিন্ধি থকা জেকেটটো খুলি দি অসহায় যুৱতীৰ লাজ ধাকিব
তাৰ পিছত প্রেম, মাজে মাজে গান, মাজে ফাইট ৱাহ কি মস্তি
চাল্লা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ
অসহায় যুৱতী গৰাকী কিয় প্রতিবাৰেই অসহায় আৰু নির্যাতিতাই হৈ ৰয় ।।

(কিবা দায় দোষ হ'লে ক্ষেমিব আৰু দেই ।
এই পোষ্টৰ একমাত্র উদ্দেশ হৈছে ৰসৰ খোৰাগ জগোৱা)

No comments:

Post a Comment