Tuesday 3 September 2013

**চেং কেম্পাছৰ প্রথম মহাকাশযাত্রী,ৰেপিড ৰিডাৰ আৰু গোপাল**


----------------------------------------------------------------------------------

প্রথম লেখাতেই বিপুল সহাৰিৰে গোপালক আপোনাসবে আদৰি লোৱাত উৎসাহিত হৈ, এইবাৰ গোপালক “ডি গোপাল” বনোৱাৰ পৰিকল্পনা এটা হাতত তুলি ল’লো। তাৰ বাবেই আজিৰ এই গোপাল বিশেষ।

প্রথমে গোপালৰ থুলমুল বায়দাটাখন জানি লওক
নাম :: শ্রী গোপালচন্দ্র মহন
মাৰফৎ :: শ্রী এলেবাঙ মহন
গাওঁ :: চেঙেলী চুক গাঁও
পোঃ অঃ :: চেঙেলী চুক
জিলা ::যোৰহাট,অসম
অর্হতা :: বি কম পাছ ,লগতে এবছৰীয়া কম্পুটাৰ কোর্চ।

‘চেং কেম্পাছৰ প্রথম মহাকাশ যাত্রী,ৰেপিড ৰিডাৰ আৰু গোপাল’ শিৰোনামটোতেই যেন সোমাই আছে কিবা এক বিশেষ কৌতুহল। দেখিয়েই চাগে ভাৱ আহিছে,ঘটনাটো কি হ’ব পাৰে বাৰু? পিছে ঘটনাৰ বিশদ বিৱৰণ দিয়াৰ আগতে অলপ ফ্লেছবেকত যাব লাগিব দেই। বেছি নহয় মাত্র ৫/৬ বছৰ মানৰ পিছলৈ।
তেতিয়া আমি কলেজত। গোপাল তেতিয়াৰে পৰা আমাৰ অড্ডাৰ আকর্ষনৰ কেন্দ্রবিন্দু। মেট্রিক পাছ কৰি উঠিয়ে আটায়েই চকুত সপোন আঁকি কৈছিলো এজন ভাল ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাটোহে মোৰ জীৱনৰ একমাত্র লক্ষ্য। পিছে দুখৰ কথা ঘৰৰ পৰা আহি কলেজ পাও পাও হয় মানে যৌৱনৰ জাকজমকতাত লক্ষ্যটোৱে কক্ষপথ হেৰুৱাই ধুনীয়া গার্লফ্রেন্দ এজনীহে আমাৰ আচল লক্ষ্য হৈ পৰিল। ইফালে গোপালেও তেনে এক লক্ষ্যৰে কক্ষপথ হেৰুৱাই আজি কবিতাক কালি ববিতাককৈ পৰহি সবিতাক প্রণয় নিবেদন কৰি কৰি বিফলতাৰ ধাৰা অব্যাহত ৰাখিছিল। সেই বিফলতাই তাৰ মাজত বহু অমুল পৰিবর্তন আনিলে। মইটো কও সেয়া কেৱল পৰিবর্তন নাছিল সেয়া বির্বতন অথৱা নবজাগৰণ হে আছিল। ফলশ্রুতিত গোপাল মহন গুছি 'গৌপছ মাইকেল' হ’ল, চেঙেলী চুক গুছি 'চেং কেম্পাছ' হ’ল, মিঠাতেলৰ ভৰত বানে মৰা পথাৰৰ কঠিয়া বোৰৰ দৰে শুই পৰা চুলি কোছা এদিন ব্রাইল ক্রিমৰ পৰশ পাই অহংকাৰী ভাৱনাৰে বুকু ফিন্দাই কেটেলা পহুৰ কাইটৰ দৰে থিয়হৈ পৰিল। তাৰ বাপেকৰ দৰেই নিমাখিত সহজ সৰল স্বভাৰৰ তাৰ জিভা খনে স্বকীয়তা হেৰুৱালে। তাত ইংৰাজী ভাষাৰ ট্রেফিকজাম লাগি নিৰিহ নিষ্পাপ সহজ সৰল অসমীয়া ভাষাটোৱে উশাহ নোপোৱাৰ উপক্রম হৈ পৰিলে। কাণ ফুটিল চেলাউৰি ফুটিল অত ত’ত ওলোৱা দুই চাৰি ডালমান ডাড়িয়েও গাত ব্রাউন কালাৰ সানি উজলি উঠিল। আমি তাৰ এই পৰিবর্তনত হতচকিত হ’লো যদিও বেছিকৈ আমোদহে পালো বেছিকৈ। কাৰণ তাক কামোৰ দিবলে নতুন নতুন ধেৰ সমল ওলাই গ’ল। সময়ৰ সোঁতত এদিন পঢ়া শুনা সামৰি সকলোৱে ভাগে ভাগে নিজৰ নিজৰ সংস্থাপন উপার্জন আৰু কেৰিয়াৰ পিছত দৌৰিবলে আৰম্ভ কৰিলো। দিন বাগৰিল, মাজে মাজে ফোন অৰকুট ফেছবুক আদিতেই ইটোৱে সিটোৰ আপদেট বোৰ পাও কথা হও। তেনেকৈয়ে এদিন বহুদিন গায়েব হৈ থকা গোপালৰো আপদেটটোও পালো। সি এবছৰ ঘৰতে শ্রী গোপালচন্দ্র মহনহৈ বহাৰ পিছত যোৱাবছৰ সর্ম্পকীয়া দদায়েক এজনৰ কৃপাত গুৱাহাটীৰে ভাল মেডিকেল কোম্পেনী এটাতে ৰি প্রেজেন্টেটিভৰ কাম গোটাবলে সক্ষম হ’ল। দা-দর্মহা মোটা মুটি ভাল, থকা খোৱাৰ সা সুবিধাও কোম্পানিয়েই দিছে। পিছে চাকৰি পায়েই আকৌ গৌপছ মাইকেললৈ লৈ পৰিবর্তন হৈ গ’ল। সিও গুৱাহাটীতে থকা গম পাই আমি খাছ কেইটামানে এদিন ফেছবুকতেই গেট টুগেডাৰ এটাৰ প্লেন কৰিলো। সর্বসন্মতি মর্মে প্রস্তাৱটো গৃহীত হ’ল। স্থান হিছাপে লোৱা সোণাপুৰৰ এটি মনোমোহা ৰির্জট। সেই নিদির্ষ্ট দিনটোত সময় মতে সকলো আহি উপস্থিত হ’ল। লগা পাই আটাইৰে মনবোৰ জিপাল আৰু নষ্টালজিক হৈ পৰিল। অপেক্ষা মাথো গোপালৰ, সুদীর্ঘ ৩ বছৰৰ পিছত দেখা দেখি হ’ম। একেই আছে নে সলনি হ’ল তাকে চাবলে আটায়ে অধীৰ আগ্রহেৰে বাট চাই ৰ’লো। ঘন্টা যোৰা অপেক্ষাৰ পিছত মহনদেৱে যেনিবা এন্ট্রি মাৰিলে। পিছে মন কৰিলো লগত কাবাব মে হার্ডি এটাও লৈ আহিছে ,সুধি পুছি গম পালো সি বোলে তাৰ কোম্পেনীৰে কোনোবা চিনিয়ৰ। যদিও উপায় নোহোৱাত লৈ আনিছো বুলি কৈছে, তথাপিও আমি বুজি উঠিছিলো যে বন্ধুমহলত তাৰ কিমান চলে,একমাত্র সিয়েই যে স্মার্ট তাক দেখাবলেহে লৈ আহিছে। সোমায়েই “হেল্ল গাইজ, হোৱাটছ আপ” দোৱান ফাঁকি মাতিলেই নহয়। আমিও তাক কামোৰ দিবলে “ অ য়াহ উই অল আৰ আপ” সকলো বহাৰ পৰা থিয় হৈ দিলো। সি লাজ পালে হ’বপাই সেমেনা সেমেন কৈ বহি পৰিল। পিছে বহিলৈ আমাৰ খৱৰ সোধাৰ সলনি সি যে ত্রিপুৰাৰ পৰা ফ্লাইটত আহি নামিছেহি ফ্লাইটখন যে হাফ এন আৱাৰ লেট আছিল তাৰ কথাহে কোৱাত লাগিল। তাৰ বোলে বাছ ৰেল অট’ এইবোৰত উঠিলে আজিকালি এলার্জী হয় বোলে। আমি একো নকৈ মাথো মুৰ জোকাৰিলো। চকুৱে চকুৱে চিক্রেট কোড এক্সেঞ্জ কৰি তাক তাৰ চিনিয়ৰটোৰ আগত নাঙঠ কৰাৰ প্লেন বনায়েই পেলালো। এপেগ দুপেগ কৰি বটলৰ পানী পৰি হৈ উঠিল মেহফিল গাভৰু। এনেই গোপালৰ ইংৰাজী তাতে আকৌ জিভাত দামী পেগৰ অহাযোৱা। সি লাগিয়েই গ’ল তাৰ চিনিয়ৰজনৰ আগত তাৰ গাৱৰ ফান্দা দিবলে। কলেজত তাৰ পতিপত্তি কিমান আছিল তাক বুজাবলে। “ ইউ ন’! ইন মাই চেং কেম্পাছ আই এম ডা অনলি বেছি পঢ়া শুনা মেন, এভ্রিবডি গিভিং সন্মান চালম টু মি...........ব্লা ব্লা ব্লা....” তাৰ ফান্দা শুনি শুনি এটা সময়ত আমাৰ মাথা বেয়া হৈ গ’ল। তাৰ চিনিয়ৰজনক উঠাই লৈ আনিলো। আনি আমাৰ মাজত বহালো তাৰপিছত সকলোৱেই শুনাকৈ ডাঙৰ ডাঙৰকৈ ক’বলে আৰম্ভ কৰিলো.....
“ এই যে আপুনি দেখিছে এই ল’ৰাটো আপোনাৰ জুনিয়ৰ অথবা আপোনাৰ কলিগ। সি যি বোৰ কৈ আছে সেই সকলোবোৰ একো একোটা মস্ত গাজা। সি আচলতে ৰাজহাঁহৰ খোজ দিব চেষ্টা কৰি নিজকে পাহৰা ঘৰ চিৰিকা হে। তাৰ আচল নাম শ্রী গোপালচন্দ্র মহন। চেং কেম্পাছ বুলি কোৱা ঠাই ডোখৰৰো আচল নাম চেঙেলী চুকহে। নগৰৰ পৰা ২০ কিমি নিলগৰ এখন আওহতীয়া গাওঁ। যি ঠাইলৈ যোৱা বছৰহে বিজুলী বাতিৰ ব্যৱস্থা গৈছে,তাকো ভল্টেজৰ আশাত আজি অপেক্ষাৰত গাওঁবাসী। কাৰেন্ট আছে নে নাই চাবলেও আকৌ চাকি জ্বলাই ল’ব লাগে। য’ত আগতে মানুহবোৰে ফুট গধুলীতে খাই বৈ এঘুমটী শুই ই টিউচনৰ পৰা উভতি যাওতে ৭ মান বজাত সৰুপানী চুবলে উঠে। কোনোৱে কোনোৱেটো চাইকেললৈ ভূত আহে বুলি উৰাবাতৰিও উলিয়াই দিছিল। আজিৰ পেপাৰখন এসপ্তাহৰ পিছতহে গৈ পায়গৈ। পুৰণি বৰগছজোপাৰ তলত পুৱা গোটেই মানুহবোৰ গোট খাই আৰু তিনিবাৰ দিও মেত্রিকৰ দেওনা পাৰ হ’ব নোৱাৰা কলিমনে জোটাই জোটাই পেপাৰ খন সকলোৱে শুনাকৈ পঢ়ি দিয়ে। কমিউনিকেছনৰ নামত এখনেই বাছ চলে নগৰলে বুলি। ফুললি এচি। আগে পিছে কোনোফালে এখনো গ্লাছ নাই। ফাগুন মহিয়া আগফালে ধুলি সোমাই পিছফালে ওলাই যায়। চিততকৈ খিৰীকিতহে বেছি মানুহ বহি যায়। বাছখনৰ আটাইটকৈ ডাঙৰ সুবিধাটো হ’ল, প্রতিদিনে খুউৱা তাৰ আলফুল থেকেচনিয়ে সিহঁতৰ গাৱৰ কোনো মানুহৰ গাত চর্বী হ’বলে দিয়া নাই আৰু আগলৈও নিদিয়ে। পুখুৰীৰ আকাৰৰ বিয়াগোম বিয়াগোম গাতৰ মাজত ৰাস্তাটো বিছাৰিব লগিয়া হোৱাটো সেই গাৱৰ অন্যতম উল্লেক্ষনীয় দিশ। ফ্লাইটত অহা যোৱা কৰে বাবে গোটেই গাওঁখনত ইয়েই একমাত্র মঙহ ধৰা মানুহ। বাছৰ দৰে দোকানো মাথো এখনেই সেইখনৰো আকৌ ইমাৰণ হাচমিৰ সতে মিল এটা আছে। ইমৰাণে ছোৱালী চুমা খাবলে বিছাৰি থকাৰ দৰে দোকান খনৰ আগটোৱেও হেলনীয়া হৈ সমুখৰ মাটি টুকুৰাক চুমা খাম খামকৈ থাকে সকলো সময়তে। বাঁহৰ টকুৰা এটা সুমুৱাই মাটি আৰু দোকানৰ আগফালটোৰ মাজৰ দুৰত্ব বঢ়াই দিলেহে কোনোবাই কিবা কিনিবলে দোকানত সোমাব পাৰে। বাছ আৰু দোকানৰ দৰে গাৱত আকৌ টিভি এটাই। বি পি এল কোম্পেনীৰ সেই কাঠৰ বাকছত দর্জা লগাব পৰা আর্হিৰ। টিভিটোৰ গ্লাছত লগাই ৰখা ৰঙা প্লাষ্টিক খনে বেছ অহংকাৰৰেৰে কৈ থাকে ভুলটো টিভিটোক ব্লেক এন্দ হোৱাইট বুলি নকবি। বোষ্টাৰ ষ্টেবিলাইজাৰ গাড়ীৰ বেটাৰীৰ চার্পতত মর্চা চৰকাৰ গঠন কৰা টিভিটোৱে ভিচিপি /ভিচিডিৰ মাধ্যমেৰে বিভিন্ন মনোৰঞ্জন মুলক আচনিৰে ৰাইজক সদায় বিনোদন দি আহিছে। চিনেমা চোৱাৰ দিনা ইয়াক চোতালত উলিয়াই দিয়া হয়। ২০ মিটাৰ দুৰৰ পৰা মনোযোগেৰে চিনেমা চাই থকা শেষৰ শাৰীৰ ব্যক্তি জনে টিভিটোত কি ওলাইছে একো ধৰিব নোৱাৰি কিবা বুজিলেও নুবুজিলেও আগৰ কেইজনৰ অভিব্যক্তি চাইয়েই নিজৰ অভিব্যক্তি প্রকাশ কৰে। সমুখৰ জনে হাঁহিলে হাঁহে, কান্দিলে কান্দে, খং কৰিলে খং কৰে। সেই ৰঙীন টিভিত প্রচাৰিত একদম শেহতীয়া লেটেষ্ট ক’লাবগা চিনেমা খন হৈছে দিলৱালে দুলহনীয়া লে জায়েংগে। দীঘল ভলুকা বাঁহডালৰ আগত টিঙৰ চালনি এখনৰ সৈতে বন্ধিথোৱা বয়সে ভটিওৱা এন্টিনা ডালে আজিও বিছাৰি আছে তাক চিগনেল দিম দিম কৈ ঠগি থকা কৃত্রিম উপগ্রহটো আছলতে আজি কি ক’ত কিয় বিখ্যাত? একমাত্র ৰেডিঅ’টোৱে বেছি ভাগ সময় চেএএএএএএএএএএএএএএএএএএএএএএএএ কৰিয়েই থাকে। তাৰো এন্টিনা ডালত তাঁৰ এডালেৰে বান্ধি টিঙত লগাই জোৰেৰে ধকিয়াই দিলে মাজে মাজে “ চেএএএএ অভি সুনিয়ে চেএএএএএএএএএএ ভাইয়ৌ কাৰি চেএএএএএএএএএএ পাটনা সে বিনোদ কুমাৰ কে চেএএএএএএএএএএএ ফ্লিম কা গানা চেএএএএএএএএএ কুমাৰ কে আৱাজ মেই।” বুলি কিবা অলপ শুনিবলে পোৱা যায়। ইফালে মোবাইলৰ নেটৱর্ক আৰু চৰা। গুৱাহাটীত ভাড়াঘৰ পোৱাতকৈও টান সেই গাওঁত নেটৱর্ক পাবলে। ১০ কি মি মান আতৰৰ কোনোবা সুহৃদয় টাৱাৰে মাজে মধ্যে মৰমতে শেষ এঘাত পঠাই। তাকো কোনোমতে পোৱা যায় পথাৰৰ মাজৰ মুকলি ঠাইডোখৰতহে। অলপ হিলা হিলি কৰিলেই শেষ। সেয়ে কোনোবাই ফোন কৰিলে কথা পতাতকৈও সেই বহুমুলীয়া টৱাৰ ঘাটক নেহেৰুৱাকৈ ৰখাটোহে আচল প্রত্যাহ্বান হৈ পৰে।”
আমাৰ কথাবোৰ মন্ত্রমুগ্ধ মানুহৰ দৰে শুনি যোৱা তাৰ চিনিয়ৰজনে আমি ৰৈ যোৱা দেখি ক’লে
“ বাপৰেএ, এক অর্থত ক’ব গ’লে সেইখন তাৰমানে নিউজ লাইভেও ঢুকি নোপোৱা এখন গাওঁ।”
ইফালে গোপাল আমাৰ ওপৰত ফায়াৰ। তাৰ মুখা খুলি দিয়া দেখি দা বিছাৰি ফুৰিছে আমাক কাটিবলে। আমি পিছে ভয় নাখাই মাথো পানী এঘোট খাই আকৌ কৈ গ’লো
“আটাইতকৈ শেহতীয়া বাতৰিটো হৈছে এই যে গোপাল ফ্লাইটত গুৱাহাটীৰ পৰা লক্ষীমপুৰ ত্রিপুৰা ডিব্রুগড় নাইবা যোৰহাটৰ ঘৰলে অহাযোৱা কৰে তাক লৈ সিহতৰ গাওঁৰ বিদ্বান মহলত এক বিশেষ পৰিকল্পনাক লৈ আলোচনা চলিছে।”
“কি আলোচনা চলিছে ঔ” চিনিয়ৰ জনে নিজৰ কৌতুহল দমাব নোৱাৰি চিঞৰি সোধা দি সুধিলে।
“ তেও লোকে গোপালৰ এই ইর্ষনীয় সাফল্যত অনুপ্রাণিত হৈ গোপালক চেং কেম্পাচৰ প্রথম তথা একমাত্র মহাকাশযাত্রী ঘোষনা কৰিছে। নামঘৰৰ হিছাপৰ বহীত তাৰ নাম ৰটমেক পেনৰ নীলা চিঞাহীৰে খোদিত কৰিছে, তাকো একদম কাউৰী ঠেঙিয়া আখৰেৰে । লগতে সিহঁতৰ গাৱৰ নতুন প্রজন্মক উদ্ধুধ তথা প্রেৰণা দিবৰ বাবে সদায় পেপাৰ পঢ়ি দিয়া কলিমনে ভুলে শুদ্ধই তাৰ নামৰ এখন ৰেপিড ৰিডাৰো লিখি উলিয়াইছে। সেইখন সিহঁতৰ গাৱৰ একমাত্র প্রাথমিক বিদ্যালয়ৰ চতুর্থ শ্রণীত মুল বিষয়ৰ লগতে বাধ্যতা মুলক কৰাৰ প্রস্তাৱ লৈছে। ৰেপিড ৰিডাৰ খনৰ নাম গোপালৰ পচন্দৰ ভাষা ইংৰাজীতে ৰখা হৈছে
“গৌপছ মাইকেল... দি ফার্ষ্ট এন্দ অনলি মহাকাশযাত্রী অফ চেং কেম্পাছ”
তাতোতকৈও ডাঙৰ কথাটো হ’ল, কেইদিন মান আগতে নগৰৰ ষ্টুডিঅ’ এটাত তাৰ ফটো এখন তোলা হ’ল। মুৰত ফুলমাস্ক হেলমেট এটা পিন্ধাই সৰুতে কাগজেৰে বনোৱা উৰাজাহাজ এখন তাৰ হাতত ৰাখি দলিয়াব খোজাৰ দৰে বিশেষ পজ এটা দি। সেইখন কেশৰাম কমাৰক দি পূজাৰ টাইমত মাটিৰে গোপালৰ প্রতিমূর্তি এটা সাজি উলিয়াবলে ক’ব। লগতে সেই মূর্তিটো পথাৰৰ থিক মাজ মজিয়াতে ৰখিব বোলে। মূর্তিটোৱে চেং কেম্পাছৰ এটি সোণালী যুগৰ তথা এটা বর্ণিল ইতিহাস কঢ়িয়াই লৈ ফুৰাৰ লগতে জেঠ মাহৰ কঠিয়াতলি আৰু আঘোন মহীয়া সোনোৱালী ধাননিকো চৰাই চিৰিকতিৰ পৰাও ৰক্ষা কৰিব পাৰিব।"

“ৱাও আন বিলিভ এবল, আন বিলিভ এবল, আন বিলিভ এবল,ভেৰি ইন্টাৰেষ্টিং, ভেৰি ইন্টাৰেষ্টিং.......” আমাৰ কথাৰ পাকত পাক খাই আৰু এটা পেগ টানি এনেকুৱা কিবা কিবি ইংলিছ বকি বকি তাৰ চিনিয়ৰ জন জাগাতেই পাক খাই শুই পৰিল। ইফালে গোপালে খংত একো নাই হৈ “আই উইল চি ইউ অল” বুলি উচাত মাৰি বাহিৰলে গুছি গ’ল। আৰু আমিও আমাৰ কাম ১০০% সফলতাৰে সমধা হোৱাত চিয়েৰচ বুলি নিশাতো আৰু জিপাল কৰাৰ আশাৰে পুনৰ নষ্টালজিয়াৰ মাজত সোমাই গ’লো।

(পিছে ইয়াত এইবোৰ কথাকৈছো বুলি গোপালক নক'ব দেই, সি গম পালে জান খাব)

No comments:

Post a Comment